দৰঙত নৃশংস কাণ্ড! সাধাৰণ কথাতে মৰিয়াই মৰিয়াই প্ৰাণ ল’লে যুৱকৰ…
পুনৰ এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি যায় দৰং। সাধাৰণ কথাতে এজন যুৱকক এটি নৃশংসভাৱে হত্যা কৰে এটা পৰিয়ালৰ লোকে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে দৰঙৰ পৰা পোহৰলৈ আহিছে আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে, ৩২ বছৰীয়া এজন যুৱকক চুবুৰীয়াৰ এটা পৰিয়ালে অতি নৃশংসভাৱে হত্যা কৰে। বহু দিন ধৰি পৰিয়ালটোৰ সৈতে যুৱকজনৰ কাজিয়া চলি আছিল। ইয়াৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ বেচিমাৰী গাঁৱত। ঘটনাৰ বিৱৰণী অনুসৰি, ১০ নৱেম্বৰৰ নিশা চামচুল হক নামৰ ৩২ বছৰীয়া যুৱকজনক চুবুৰীয়াৰ এটা পৰিয়ালে হানি খুচি হত্যা কৰে। এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে ৰহমান আলি আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পৰিয়ালটোৰ সৈতে চামচুলৰ ভূমিকেন্দ্ৰিক বিতৰ্ক চলি আছিল। ইয়াৰ পৰিণতিতে কালি নিশা এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে ফজল আলি, ৰহমান আলি,আজগৰ আলি আদিকে ধৰি পৰিয়ালৰ আনসকল সদস্যৰ বিৰুদ্ধে।
স্থানীয় লোকে জনাই যে, কালি নিশা চামচুল আলি ট্ৰেক্টৰ এখনেৰে ধান বানিবলৈ গৈছিল। তেতিয়া ৰহমানে তেওঁৰ ঘৰৰ দুৱাৰৰ হেঙাৰ ভঙা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু ৰহমানৰ ঘৰৰ সেই ঠাইখিনি আছিল চৰকাৰী মাটিত। এই সামান্য কথাতে ক্ষোভিত হৈ ৰহমান আলিৰ পৰিয়ালৰ লোকে প্ৰথমে টাঙোন আৰু পাছত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চামচুলক। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পাছলৈ মৃত্যুক সাৱতি লয়। এই ঘটনাত এগৰাকী মহিলা যথেষ্ঠ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক।
ঘটনাৰ লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য় পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ পেচাত চিকিৎসক, ইঞ্জিনিয়াৰ! আঁৰত আছিল দেশ বিৰোধী ভয়ংকৰ পৰিকল্পনা…