11 Nov 2025
TV9 ASSAM
আজিকালি প্ৰায়ভাগ মানুহৰে ব্লাড প্ৰেচাৰৰ সমস্যা থকা দেখা যায়। উচ্চ ৰক্তচাপ এক এতিয়া সাধাৰণ সমস্যালৈ পৰিণত হৈছে। কম বয়সীয়াসকলৰ ক্ষেত্ৰতো এই সমস্যা দেখা যায়।
কিন্তু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখা দৰকাৰ। এই ক্ষেত্ৰত কিছুমান শাক-পাচলিয়ে সহায় কৰিব পাৰে। অৱশ্যে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৱশ্যক।
উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলে বীট খাব পাৰে। ইয়াত নাইট্ৰেটছ থাকে যিয়ে ধমনীবোৰ মুক্ত কৰি তেজৰ চলাচল ভাল কৰে। বীটে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
পালেঙত ফাইবাৰ, পটেছিয়াম, মেগনেছিয়াম আদি থাকে। পালেং শাক খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। পালেং শাকৰ আপুনি চুপ, চালাদ, সব্জী আদি বিভিন্ন প্ৰকাৰে খাব পাৰে।
ভেণ্ডীত কেলছিয়াম, মেগনেছিয়াম, ফাইবাৰ আদি থাকে। যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলে ভোণ্ডী খাব পাৰে।
বিলাহীত পটেছিয়াম, এন্টিঅক্সিডেন্ট গুণ থাকে। যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বিলাহী আপুনি চালাদ বা অন্য প্ৰকাৰেও খাব পাৰে।
মেথি শাকত আয়ৰণ, ফাইবাৰ আদি থাকে। যিয়ে চুগাৰৰ লগতে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলে খাদ্যত মেথি অন্তৰ্ভুক্ত কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক