আজি ১১:১১ সংযোগ! কৰক এই কাম...

11  Nov 2025

TV9 ASSAM

ধৰ্মীয় দিশৰ পৰা এঞ্জেল নম্বৰৰ বিশেষ মহত্ব আছে। যেতিয়া এটা নম্বৰ বাৰে বাৰে দেখা যায় তেতিয়া সেইটো এঞ্জেল নম্বৰ। যেনে-১১, ৪৪, ৮৮ ইত্যাদি। প্ৰতিটো নম্বৰৰ বিশেষ মহত্ব আছে।

এঞ্জেল নম্বৰ

আজি ১১:১১। কিয়নো আজি ১১ নম্বৰ মাহ আৰু নৱেম্বৰ মাহৰ ১১ তাৰিখ। ই হৈছে এটা আধ্যাত্মিক আৰু শক্তিশালী পথ যি প্ৰকাশ, জাগৰণ আৰু প্ৰান্তিককৰণৰ সৈতে জড়িত।

১১:১১

এই সময়খিনি আপোনাৰ নিজৰ জীৱনৰ উদ্দেশ্য বিচৰাৰ বাবে ভাল। এই সময়ত আপুনি মনৰ কামনা কৰিব পাৰে। ১১:১১ পৰ্টেলৰ এনাৰ্জিয়ে আপোনাক মনৰ কামনা পূৰণ কৰাত সহায় কৰিব।

মনৰ কামনা

ইয়াৰ বাবে আপুনি শান্তিৰ ঠাইত বহি ল'ব। পাছত মম বা ধূপ এডাল জ্বলাব। দীঘলকৈ উশাহ ল'ব। মনত যিমান অশান্তি আছে, দুখ আছে, চিন্তা আছে, যিবোৰ বস্তু দৰকাৰ নাই সেইবোৰ ভাবিব।

কি কৰিব

পাছত আপুনি ১১ বাৰ উশাহ লৈ সেই নলগা বস্তুবোৰ মনৰ পৰা উলিয়াই দিয়াৰ দৰে অনুভৱ কৰিব। ১১ বাৰ উশাহৰ দ্বাৰা এই বস্তুবোৰ বাহিৰ কৰি দিয়াৰ অনুভৱ ল'ব।

পাছত

পাছত ভাবিব এতিয়া আপোনাৰ কিবা ভাল হ'বলৈ গৈ আছে। আপুনি ভাবিব আচলতে জীৱনৰ পৰা আপুনি কি বিচাৰে। মনে বিচৰা তিনিটা কামনা ভাবি ল'ব।

আৰু কি কৰিব

পাছত কাগজ এখনত কলমেৰে সেই মনৰ কামনা ৩ টা লিখি মানিবেগ বা ভাল ঠাইত থৈ দিব। মনৰ কামনাখিনি বৰ্তমানত লিখিব। পাছত যেতিয়াই পুনৰ এঞ্জেল নম্বৰ দেখে সেই কাগজখন উলিয়াই পুনৰ মনৰ কামনাখিনি ক'ব।

 কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

মা লক্ষ্মীৰ সংকেত