Delhi AQI: বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু, উশাহ লোৱা হৈ পৰিছে এতিয়া ডাঙৰ প্ৰত্যাহ্বান…
Delhi AQI: দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। শেহতীয়াকৈ দিল্লীৰ AQI বিপদজনক শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। বহু ঠাইত এ কিউ আই ৯০০ পাৰ কৰিছে। যি এতিয়া দিল্লীবাসীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। সাধাৰাণ মানুহৰ বাবে উশাহ লোৱা এতিয়া যেন কোনো ডাঙৰ বিপদতকৈ কম নহয়। সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীত নিশা বৃহৎ সংখ্যক লোকে ফটকা ফুটাই দীপাৱলী উদযাপন কৰে। তাৰ পাছতে মঙলবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগত মানৰ অৱনতি ঘটে। ৩৭ টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ৩৪ টাত প্ৰদূষণৰ মাত্ৰ যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে। এইসমূহ স্থানত ‘ৰেডজোন’ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে। আজি পুৱা ৬ বজালৈ দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ গুণগত সূচাংক ‘অতি বিপদজনক’ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে। যি স্বাস্থ্যৰ বাবে অতি গুৰুতৰ।
দিল্লীৰ AQI ৯০০ পাৰ
সবাতোকৈ বেছি চাণক্য প্লেচত বায়ুৰ গুণগত মান বেয়া হোৱা দেখা যায়। এই অঞ্চলত AQI ৯৭৯ হৈছে, ইয়াৰোপৰি নাৰায়ণ গাঁৱত AQI ৯৪০, টিগড়ি এক্সটেনচনত ৯২৮, নীতি বাগত ৭৬৮, সোৱামী নগৰ উত্তৰত ৭৪১, পকেট এ ছেক্টৰ ১৩ ত ৭৬৯, ইষ্ট পেটেল নগৰত ৬১৮, ৰঞ্জিত নগৰত ৬০৯, পাঞ্জাবী বাগত ৫১৯ আৰু হাৰি নগৰত ৫১৮ পাৰ কৰিছে। ইয়াৰোপৰি বহু ঠাইত AQI ৩৫০ অতিক্ৰম কৰিছে।
এইবাৰ দিল্লীৰ বেছিভাগ ঠাইত AQI গুৰুতৰ শ্ৰেণীত আছে। পৰৱৰ্তী সময়লৈ পৰিস্থিতি আৰু অধিক গুৰুতৰ হোৱাৰ সম্ভাৱনা আছে। গাড়ীৰ পৰা ওলোৱা ধোঁৱাই আৰু পৰিস্থিতি অধিক বিষম কৰিব পাৰে। ইয়াৰ ফলত জনতাৰ উশাহ-নিশাহত কষ্ট, চকুৰ বিষ, মূৰৰ বিষ, ভাগৰ দুৰ্বলতা আদি সমস্যা বৃদ্ধি পাব পাৰে। এই ক্ষেত্ৰত শিশু, বৃদ্ধ আৰু ৰোগীসকল বেছি প্ৰভাৱিত হ’ব পাৰে। ইফালে দিল্লী চৰকাৰে ব্যক্তিগত যান-বাহনৰ ব্যৱহাৰ সীমিত কৰিবলৈ আৰু ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
অন্য খবৰ পঢ়কঃ দেৱালীত পুত্ৰক উপহাৰ দিলে নতুন জীৱন! মাতৃয়ে দান কৰিলে যকৃতৰ টুকুৰা…