শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাবা ছিদ্দিকীৰ দৰেই গতি হ’ব যোগী আদিত্যনাথৰ, হাতত মাত্ৰ ১০ দিন  সময়!

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকিৰে যোৱা নিশা মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে এক অজ্ঞাত নম্বৰৰ পৰা ফোন কল লাভ কৰিছে। এই ভাবুকি বাৰ্তাত কোৱা হৈছে যে যোগী আদিত্যনাথে যদি ১০ দিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে বাবা ছিদ্দিকীৰ দৰেই তেওঁক হত্যা কৰা হ’ব।

বাবা ছিদ্দিকীৰ দৰেই গতি হ’ব যোগী আদিত্যনাথৰ, হাতত মাত্ৰ ১০ দিন  সময়!
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
Monjit Dutta
Monjit Dutta | Published: 03 Nov 2024 12:22 PM

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি দলৰ নেতা বাবা ছিদ্দিকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি তুলিছিল সমগ্ৰ দেশ। মায়ানগৰী মুম্বাইৰ বান্দ্ৰা অ্ঞ্চলত তিনিগৰাকী আততায়ীয়ে সন্মুখৰ পৰা গুলীয়াই হত্যা কৰিছিল ছিদ্দিকীক। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দৰেই এইবাৰ প্ৰাণে মৰাৰ ভাবুকি আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামত। শনিবাৰে মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ অজ্ঞাত কোনো লোকে যোগীক হত্যা কৰাৰ ভাবুকি প্ৰেৰণ কৰিছে। মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে এক অজ্ঞাত নম্বৰৰ পৰা এই ভাবুকি বাৰ্তা লাভ কৰিছে।

এই ভাবুকি বাৰ্তাত কোৱা হৈছে যে যোগী আদিত্যনাথে যদি ১০ দিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে বাবা ছিদ্দিকীৰ দৰেই তেওঁক হত্যা কৰা হ’ব। শনিবাৰে সন্ধিয়া এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছতে সুৰক্ষা ব্যৱস্থা প্ৰণালী সতৰ্ক হৈ পৰে। এই সন্দৰ্ভত মুম্বাইৰ ৱাৰ্লি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে লগতে এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনৰ সন্ধানো অব্যাহত ৰাখিছে।

ইফালে এই ভাবুকি বাৰ্তাৰ তথ্য পোৱাৰ লগে লগে মুম্বাই আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ উত্তৰ প্ৰদেশ আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যোগীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় যে মুম্বাই আৰক্ষীৰ পৰা সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰা হৈছে আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক ব্যৱস্থা গ্ৰহণ কৰিব।

মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাথাকিব আৰু অতি সোনকালে দোষীক আটক কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে৷ উল্লেখ্য যে এন চি পিৰ অজিত পাৱাৰ ফৈদৰ নেতা বাবা ছিদ্দিকীক যোৱা ১২ অক্টোবৰত হত্যা কৰা হৈছিল। পুত্ৰ জিছান ছিদ্দিকীৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে বাবা ছিদ্দিকীৰ ওপৰত আক্ৰমণ চলোৱা হয় আৰু এই আক্ৰমণত বাবা ছিদ্দিকীৰ বুকুত গুলী লাগে।

সংকটজনক অৱস্থাত তেওঁক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ওৰ ভিতৰতে তেখেতৰ মৃত্যু ঘটে। এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত অভিনেতা ছলমান খানেও ধাৰাবাহিকভাৱে ভাবুকি লাভ কৰি আহিছে। ছিদ্দিকীৰ হত্যাকাণ্ডত ল’ৰেন্স বিষ্ণৈ গেং জড়িত থকাৰ সম্ভাৱনা প্ৰকাশ পাইছে। বিশেষকৈ ফেচবুকৰ এক ভাইৰেল পোষ্টে এই সম্ভাৱনা অধিক ঘণীভূত কৰি তুলিছে।

এই পোষ্টটোত স্পষ্টকৈ ছলমান খান আৰু ডাউদ ইব্ৰাহিমক সহায় কৰাসকলৰ জীৱনৰ প্ৰতি ভাবুকি প্ৰেৰণ কৰা হৈছিল। পোষ্টটোত লগতে হেচটেগ দি লৰেন্স বিষ্ণৈ গ্ৰুপ, আনমোল বিষ্ণৈ আৰু অংকিত ভাদু শ্বেৰেৱালাৰ নাম উল্লেখ কৰা হৈছিল। ইয়াৰ পূর্বে বিহাৰৰ পূৰ্ণিয়াৰ সাংসদ পাপ্পু যাদৱেও বিষ্ণৈ গেঙৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰা বুলি অভিযোগ উঠিছিল। এই সন্দৰ্ভত আৰক্ষীয়ে মহেশ পাণ্ডে নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল।