শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান, আধৰুৱা হৈ ৰ’ল দুটাকৈ কাম…

বিশিষ্ট নাট্যকাৰ, গীতিকাৰ তথা অভিনেতা হেমন্ত দত্তৰ বিয়োগ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। বিগত কেইবা দশক ধৰি অসমৰ নাট্য তথা সাংস্কৃতিক জগতলৈ তেওঁ বিপুল অৱদান আগবঢ়াই থৈ গ'ল।

বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান, আধৰুৱা হৈ ৰ’ল দুটাকৈ কাম…
হেমন্ত দত্তৰ বিয়োগImage Credit source: social media
barasha-sarma
Barasha Sarma | Updated On: 11 Aug 2025 14:11 PM

যশস্বী নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্তৰ পৰলোকপ্ৰাপ্তি। ১১ আগষ্ট, সোমবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। জানিব পৰা মতে, কালি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ স্নায়ুবিজ্ঞান বিভাগত ভৰ্তি কৰোৱা হৈছিল হেমন্ত দত্তক৷ দীৰ্ঘদিন ধৰি স্নায়ুজনিত ৰোগত আক্ৰান্ত আছিল প্ৰয়াত তেওঁ। অৱশেষত চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুক সাৱতি লয়।

হেমন্ত দত্তৰ পুত্ৰ অনিৰ্বাণ দত্তই জনোৱা মতে, শেহতীয়াকৈ এখন উপন্যাসৰ কামত ব্যস্ত আছিল হেমন্ত দত্ত। শংকৰদেৱৰ ওপৰত চিনেমাৰ বাবে এখন স্ক্ৰিপ্টো লিখি আছিল তেওঁ। কিন্তু এই কামখিনি আধৰুৱা হৈ ৰ’ল। তেওঁৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছা পৰিছে।

বিগত কেইবা দশত ধৰি দত্তই অসমৰ সাহিত্যিক তথা সাংস্কৃতিক জগতলৈ বিপুল বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ হেমন্ত দত্তৰ অনুপম সৃষ্টি আছিল ‘টাইটানিক’। জেমছ কেমৰুণৰ বিখ্যাত ছবি টাইটানিকক অসমীয়াত নাট্যৰূপ দিছিল হেমন্ত দত্তই। কহিনুৰ থিয়েটাৰৰ মঞ্চত এই নাটকখন তিনিবাৰকৈ মঞ্চস্থ কৰা হৈছিল। ১৯৯৮-১৯৯৯ নাট্যবৰ্ষত প্ৰথমবাৰৰ বাবে কহিনুৰত টাইটানিক মঞ্চস্থ কৰা হৈছিল। পাছত ১৯৯৯-২০০০ বৰ্ষত আৰু ২০১১-২০১৩ বৰ্ষত এই নাটক মঞ্চস্থ কৰা হৈছিল।

গীতিকাৰ হিচাপেও বিশেষ সুনাম লাভ কৰিছিল হেমন্ত দত্তই। ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং দিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰিছিল হেমন্ত দত্তই। তেওঁৰ পিতৃৰ নাম আছিল হলিৰাম দত্ত আৰু মাতৃ আছিল বৰজা বালা দত্ত। পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল তেওঁ। মঙলদৈত স্কুলীয়া শিক্ষা লাভ কৰা হেমন্ত দত্তই পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰিছিল।

জানিব পৰা মতে, কানৈ মহাবিদ্য়ালয়ত পঢ়ি থাকোতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোঁহাই, হীৰেন গোঁহাই, ভবেশ গোস্বামী, প্ৰিন্স আদিৰ সংস্পৰ্শলৈ আহে। সেই সময়ত তেওঁ ‘কুইভাৰ্ছ বেণ্ড’ নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰিছিল। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ ‘ইণ্ডিয়া ক্লাব’ত পৰিৱেশন কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭৭ চনত ‘নতুন আশা’ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেছাগতভাৱে গীত ৰচনা কৰিবলৈ ধৰে। হেমন্ত দত্তই তেওঁৰ জীৱন কালত ৫০০তকৈ অধিক গীত ৰচনা কৰিছে। তাৰ ভিতৰত মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি অতি জনপ্ৰিয়।

তেওঁৰ গীতত জয়ন্ত হাজৰিকা, চাৰু গোঁহাই, মালবিকা বৰা, ৰাজেন গোঁহাই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদিয়ে কন্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবেও গীত ৰচনা কৰিছিল। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ ‘বন্ধ কৰিব হাত, বন্ধ কৰিব মাত’ গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয় ।

বিশিষ্ট নাট্যকাৰগৰাকীৰ অন্যতম সৃষ্টি আছিল, এটা নষ্ট লৰাৰ গল্প, পথ, টাইটানিক, সেন্দূৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং, চিঞৰ আদি নাট। ইয়াৰোপৰি অসমীয়া চিনেমা উপপথ, অনিৰ্বাণ, শেৱালি, মন-মন্দিৰ, বাৰুদ আদিত তেওঁ অভিনয় কৰিছিল। অসমৰ সাহিত্য তথা সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰে ২০২৪ চনত তেওঁক অসম সৌৰভ সন্মানেৰে বিভূষিত কৰিছিল।

 

অন্য খবৰ পঢ়কঃ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা, তালিকাত আছে কাৰ কাৰ নাম? জানক…