Darjeeling Landslide: দাৰ্জিলিঙত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা! এজনৰ পাছত আনজনৰ মৃত্যু…
Darjeeling Landslide: দাৰ্জিলিঙত যোৱাৰ পৰিকল্পনা কৰিছে যদি এই খবৰ আপোনাৰ বাবে! পাহাৰীয়া জিলাখনত ভয়ংকৰ ভূমিস্খলনৰ ফলত ১৩ জন লোকৰ মৃত্যু হৈছে। শিলিগুৰি-দাৰ্জিলিং ৰাজ্যিক ঘাইপথ ১২ত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

আপুনিও দাৰ্জিলিং ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে সাৱধান হওক। শেহতীয়াকৈ দাৰ্জিলিঙত হোৱা ভূমিস্খলনৰ ফলত ১৩ জন লোকৰ মৃত্যু হয়। তথ্য অনুসৰি, মিৰিক আৰু কুৰ্চেয়ঙক সংযোগ কৰা ঐতিহাসিক ডুডিয়া আইৰন দলংখন ভাঙি যোৱাৰ ফলত ৯ জন লোকৰ মৃত্যু হয়। ইফালে সুখীয়াতো ৪ জনে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ফলত শিলিগুৰি-দাৰ্জিলিং ৰাজ্যিক ঘাইপথ ১২ত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।
ইয়াৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ কাম আৰম্ভ কৰা হয় যদিও বতৰ বেয়া হোৱা বাবে বাৰে বাৰে কামত বাধা আহিছে। মন কৰিবলগীয়ে যে, দুৰ্গাপূজাৰ আগৰ পৰা ধাৰাসাৰ বৰষুণে পশ্চিমবংগত বহু ক্ষতি কৰিছে। ইয়াৰ মাজতে দেওবাৰে দাৰ্জিলিঙত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।
শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত বৰষুণৰ সতৰ্ক বাণী জাৰি কৰিছে। বহু জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পশ্চিমবংগৰ উত্তৰ ক্ষেত্ৰখনত বৰষুণৰ পৰিমাণ অধিক। ধাৰাসাৰ বৰষুণৰ ফলত তীস্তা, টৰ্ছা, ৰাইডাক, জলধাকা আদি নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। শিলিগুৰি আৰু মিৰিকৰ মাজত প্ৰত্যক্ষ যোগাযোগ প্ৰায় নোহোৱা হৈ পৰিছে।
বনভাছি, গোয়াৰকটা, নগৰকাটা আদি অঞ্চলত ভূমিস্খলন সংঘটিত হৈছে। যাৰ বাবে পাহাৰ আৰু নদীৰ একেবাৰে কাষত থকা লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ চেষ্টা কৰি থকা হৈছে। দাৰ্জিলিং বিচপ হাউছৰ সমীপতো ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে। সেই স্থানতো শিল আৰু ধ্বংসাৱশেষ আঁতৰ কৰাৰ কাম কৰি আছে উদ্ধাৰকাৰী দলে। বিশেষকৈ উত্তৰ বংগত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে।
Deeply pained by the loss of lives due to a bridge mishap in Darjeeling. Condolences to those who have lost their loved ones. May the injured recover soon.
The situation in Darjeeling and surrounding areas is being closely monitored in the wake of heavy rains and landslides. We…
— Narendra Modi (@narendramodi) October 5, 2025
দাৰ্জিলিঙত দলং খহি প্ৰাণ হেৰুওৱা সকললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত লিখে যে, “দাৰ্জিলিঙৰ দলং খহা ঘটনাই অতি দুখিত কৰিছে। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকলৈ গভীৰ সমবেদনা। আহতসকল সোনকালে আৰোগ্য হওক। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত দাৰ্জিলিং আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ”।
বৰ্তমান উদ্ধাৰকাৰী দলসমূহে ঘটনাস্থলীত অভিযান অব্যাহত ৰাখিছে। মৃতকৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পাব পাৰে। তীস্তা নদীৰ বহু অঞ্চল এতিয়া পানীত প্লাবিত হৈ আছে। যদি বৰষুণ নকমে তেন্তে পৰৱৰ্তী সময়ত অৱস্থা আৰু অধিক বেয়া হ’ব পাৰে।
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ নতুন সিদ্ধান্ত! বিপদত শ শ মুছলিম আৰু শিখ ধৰ্মৰ লোক, এতিয়াৰ পৰা এইসকলে ৰাখিব নোৱাৰিব দাড়ি…