শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দুৰ্যোগত জুৰুলা দাৰ্জিলিং, নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধিঃ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

দাৰ্জিলিঙৰ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিগত মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৩০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে বুলি জানিবলৈ দিছে। এনে ধাৰাসাৰ বৰষুণৰ ফলত কমেও ৭টা স্থানত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হয় বুলি তেওঁ লগতে কয়।

দুৰ্যোগত জুৰুলা দাৰ্জিলিং, নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধিঃ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ
দাৰ্জিলিঙত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 06 Oct 2025 09:45 AM

অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে সদায়ে পৰ্যটকৰ আকৰ্ষণস্থলী দাৰ্জিলিং এতিয়া প্ৰকৃতিৰ ৰোষত পৰিছে। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে দাৰ্জিলিঙত। বৰষুণৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনত এইপৰ্যন্ত দাৰ্জিলিঙত শিশু-মহিলাসহ ২০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লগতে আহত হৈছে বহু লোক। ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধনৰ সন্মুখীন হৈছে জিলাখন। ধ্বংসাৱশেষত পৰিণত হৈছে বহু বাসগৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠান।

ইফালে পথৰ ক্ষতিসাধনে বহু দূৰৱৰ্তী গাঁও বিচ্ছিন্ন কৰাৰ ফলত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে। দাৰ্জিলিঙৰ এই ভয়াৱহ অৱস্থাৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভুক্তভোগী পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। অৱশ্যে ক্ষতিপূৰণৰ পৰিমাণ এইপৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি স্বচক্ষুৰে পৰিস্থিতিৰ বুজ ল’ব।

বৰ্তমানৰ পৰিস্থিতিক চিন্তনীয় বুলি অভিহিত কৰি তেওঁ কয়, “এই দুৰ্যোগ দুৰ্ভাগ্যজনক, প্ৰাকৃতিক দুৰ্যোগ আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। আমি অত্যন্ত দুখী।” তেওঁ লগতে মুখ্য সচিব আৰু ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিষয়াসকলৰ সৈতে ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে। তেওঁ প্ৰকাশ কৰা মতে, বিগত মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৩০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে।

এনে ধাৰাসাৰ বৰষুণৰ ফলত কমেও ৭টা স্থানত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হয় বুলি মমতা বেনাৰ্জীয়ে লগতে কয়। ১২ ঘণ্টা ধৰি প্ৰচণ্ড বৰষুণ দি আছে। আজি বিয়লি ৩ বজাৰ ভিতৰত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইফালে এনে পৰিস্থিতিত আবদ্ধ হৈ থকা পৰ্যটকসকলক ৰাজ্য চৰকাৰে নিৰাপদে ঘূৰি অহাৰ ব্যৱস্থা কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।

এই পৰ্যটকসকলৰ পৰা যাতে হোটেলসমূহে অতিৰিক্ত ধন সংগ্ৰহ নকৰে, সেই নিৰ্দেশনাও দিছে মমতা বেনাৰ্জীয়ে। এই দুৰ্যোগত নিহতসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণাৰ লগতে পৰিয়ালৰ এজন সদস্যই চৰকাৰী কৰ্মসংস্থাপন লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে ক্ষতিপূৰণৰ ধনৰ পৰিমাণ এইপৰ্যন্ত নিৰ্দিষ্টকৈ উল্লেখ কৰা হোৱা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাত শোক প্ৰকাশ কৰিছে। দাৰ্জিলিং আৰু তাৰ আশে পাশে থকা দুৰ্যোগ বিধ্বস্ত অঞ্চলসমূহৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জনায় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ লগতে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে বতৰ বিজ্ঞান বিভাগে ৬ অক্টোবৰলৈকে দাৰ্জিলিং আৰু কালিম্পঙকে ধৰি উপ-হিমালয় পশ্চিম বংগত প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ ফলত মাটিৰ অতি সেমেকা অৱস্থাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অধিক ভূমিস্খলন আৰু পথ অৱৰোধৰ সতৰ্কবাণীও প্ৰকাশ কৰিছে।