শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দুই কিডনী বিকল পত্নীৰ চিকিৎসাৰ বাবে নাছিল ধন, ধাৰে লোৱা ধনেৰে ‘মিস্ত্ৰী’য়ে জিনিলে কোটি টকাৰ লটাৰী

সুজিতে অত্যন্ত কষ্টৰে নিজ পত্নীৰ জটিল বৃক্ক ৰোগৰ চিকিৎসা কৰি আহিছে। কিন্তু পত্নীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিব পৰা নাছিল তেওঁ। অৱশ্যে নিশাটোৰ ভিতৰতে ভাগ্য সুপ্ৰসন্ন হ’ল সুজিতৰ।

দুই কিডনী বিকল পত্নীৰ চিকিৎসাৰ বাবে নাছিল ধন, ধাৰে লোৱা ধনেৰে ‘মিস্ত্ৰী’য়ে জিনিলে কোটি টকাৰ লটাৰী
লটাৰী জয়ী সুজিত মণ্ডলImage Credit source: TV9 Bangla
Monjit Dutta
Monjit Dutta | Updated On: 21 Aug 2025 22:15 PM

দিন হাজিৰা কৰা এগৰাকী ব্যক্তি দিনটো কঠোৰ পৰিশ্ৰমৰ মাজেৰে চলাই আহিছে পত্নী আৰু দুই সন্তানৰ সংসাৰ। ইয়াৰ মাজতে পত্নীৰ চিকিৎসাৰ খৰচৰ চিন্তা দৰিদ্ৰ পৰিয়ালটোৰ দায়িত্বৰ সমান্তৰালকৈ দুই কিডনী বিকল পত্নীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনক লৈ চিন্তিত হৈ আহিছিল তেওঁ বহু চেষ্টাৰ পিছতো তেওঁ গোটাব পৰা নাছিল প্ৰয়োজনীয় ধনখিনি পিছে এই সময়তে ঘটিল এক অলৌকিক কাণ্ড এই দুখৰ সময়ত দিন হাজিৰা কৰা লোকজনৰ ওপৰত যেন পৰিল ইশ্বৰৰ আশীৰ্বাদ

সংসাৰৰ চিন্তাৰে ভাৰাক্ৰান্ত এই দিন হাজিৰা কৰা লোকজনে ধাৰলৈ লোৱা ধনেৰে লটাৰী জিকি হৈ পৰিল কোটিপতি নাম তেওঁৰ সুজিত মণ্ডল পশ্চিম বংগৰ হুগলীৰ বাসিন্দা সুজিত মণ্ডলে মাত্ৰ ত্ৰিশ টকাত ক্ৰয় কৰিছিল এটা লটাৰীৰ টিকট এই মাত্ৰ ত্ৰিশ টকীয়া লটাৰী টিকটে ভাগ্যোদয় ঘটিল সুজিতৰ আৰু জিনিলে এক কোটি টকা ধন।

যোৱা সপ্তাহত সুজিতে হুগলীৰ কোন্নগৰ বজাৰৰ সমীপৰ এক লটাৰী কাউণ্টাৰৰ পৰা ত্ৰিশ টকাত লটাৰীৰ টিকট ক্ৰয় কৰিছিল। এই লটাৰীৰ ফলাফল ওলোৱাৰ লগে লগে চমকি উঠিল সুজিতৰ ভাগ্য এক কোটি টকাৰ পুৰস্কাৰ লাভৰ খবৰ শুনি প্ৰথম অৱস্থাত নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাছিল সুজিত মণ্ডলে।

ইয়াৰ পিছত তেওঁ যেতিয়া এই ধন জয়ৰ ক্ষেত্ৰত নিশ্চিত , আনন্দত উৎফুল্লিত হৈ পৰিল পৰিয়ালটো। সুজিতে অত্যন্ত কষ্টৰে নিজ পত্নীৰ জটিল বৃক্ক ৰোগৰ চিকিৎসা কৰি আহিছে কিন্তু পত্নীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিব পৰা নাছিল তেওঁ অৱশ্যে নিশাটোৰ ভিতৰতে ভাগ্য সুপ্ৰসন্ন সুজিতৰ

এতিয়া ১ কোটি টকীয়া লটাৰী জিকি পত্নীৰ চিকিৎসা কৰাব বিচাৰিছে সুজিতে। তেওঁ কয়, “পুৰস্কাৰ লাভ কৰি ভাল লাগিছে। ৪-৫ বছৰ ধৰি টিকট কিনি আছো। ১ কোটি টকীয়া পুৰস্কাৰ লাভ কৰাৰ আশা কৰা নাছিলো। মোৰ পত্নীৰ দুটা বৃক্ক বেয়া, এতিয়া চিকিৎসা কৰাম।”

ইফালে এই সন্দৰ্ভত লটাৰী বিক্ৰেতাগৰাকীয়ে উল্লেখ কৰা মতে সুজিতে সদায়ে বাকীতে টিকট ক্ৰয় কৰে লটাৰী বিক্ৰেতাগৰাকীয়ে জানিবলৈ দিয়া মতে সুজিতে টিকট ক্ৰয় কৰি প্ৰায়ে তেওঁৰ হাততে টিকট থৈ যায় এইদৰে সুজিতৰ পৰা এতিয়াও ১৮০ টকা পাবলৈ বাকী আছে বুলি লটাৰী বিক্ৰেতাগৰাকীয়ে লগতে কয়।

তেওঁ উল্লেখ কৰা মতে লটাৰীত জয়ী হোৱা টিকটটোও তেওঁৰ ওচৰতে আছিল। সুজিতৰ টিকটতে কোটি টকাৰ লটাৰী জিকা বুলি জানিব পাৰি লটাৰী বিক্ৰেতাগৰাকী আনন্দিত হৈ পৰে আৰু খৰধৰকৈ দোকানখন বন্ধ কৰি সুজিতৰ ঘৰত উপস্থিত হয়

সুজিতক এই টিকটটো দি লটাৰী বিক্ৰেতাগৰাকীয়ে লগতে এক কোটি টকাৰ ধন লাভ কৰা বুলিও জানিবলৈ দিয়ে সমান্তৰালকৈ সুজিতে যে তেওঁক লটাৰীৰ টিকটৰ দাম এতিয়াও পাবলৈ বাকী আছে বুলি সোঁৱৰাই দিয়ে লটাৰী বিক্ৰেতাগৰাকীয়ে লগতে সুজিতক জয়ী হোৱা ধনৰাশিৰ পৰা ১৫ লাখ টকা বিচাৰে আৰু সুজিতেও ইতিবাচক সঁহাৰি দিয়ে বুলি কয়