দেশত দ্ৰুতগতিত বৃদ্ধি ক’ভিডৰ সংক্ৰমণঃ মাত্ৰ ২৪ ঘণ্টাত ৪ জনৰ মৃত্যু, হ’ব নেকি চিন্তনীয় পৰিস্থিতি!
সমগ্ৰ দেশত এইপৰ্যন্ত ক’ভিড ৰোগীৰ সংখ্যাই ৫ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাত এতিয়ালৈকে সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত ৰাজ্য। বিগত ২৪ ঘণ্টাত ক’ভিড সংক্ৰমণৰ বাবে দেশত ৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে ক’ভিডৰ এনে দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নয়ডাত ধাৰা-১৬৩ জাৰি কৰা হৈছে।

আতংক দূৰ হোৱা নাই ক’ভিডৰ। দেশৰ পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। সমগ্ৰ দেশত এইপৰ্যন্ত ক’ভিড ৰোগীৰ সংখ্যাই ৫ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাত এতিয়ালৈকে সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত ৰাজ্য। তাৰ পিছতে সৰ্বাধিক ক’ভিড আক্ৰান্ত ৰোগীৰ তথ্য পোৱা গৈছে ক্ৰমে গুজৰাট, পশ্চিম বংগ আৰু দিল্লীত। ইফালে ক’ভিডৰ এনে দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নয়ডাত ধাৰা-১৬৩ জাৰি কৰা হৈছে। আজিৰ পৰা ৯ জুনলৈ এই নিয়ম প্ৰযোজ্য হৈ থাকিব নয়ডাত।
শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিডৰ নতুন সংক্ৰমণ সন্দৰ্ভত বিশদ তথ্য প্ৰকাশ কৰে। ক’ভিডৰ সংক্ৰমণৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই চিকিৎসালয়ত Covid-19 সম্পৰ্কীয় প্ৰস্তুতি পৰীক্ষা কৰিবলৈ ম’ক ড্ৰিল চলাই আছে। ক’ভিড-১৯ৰ বৃদ্ধি পোৱা ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়ত অক্সিজেন, বিচনা, ভেণ্টিলেটৰ আৰু অত্যাৱশ্যকীয় ঔষধৰ যোগান নিশ্চিত কৰিবলৈ সকলো ৰাজ্যকে নিৰ্দেশ দিয়া হৈছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৫,৩৬৪ জন। বিগত ২৪ ঘণ্টাত ক’ভিড সংক্ৰমণৰ বাবে ৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এইদৰে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা দেশত ক’ভিডত আক্ৰান্ত হৈ ৫৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লক্ষণীয়ভাৱে ২২ মে’লৈকে দেশত ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৫৭ জন। কিন্তু ইয়াৰ পিছতে সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।
দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩০ জন ক’ভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰিছে। এইদৰে দিল্লীত চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা ৫৯২ লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ পৰা দিল্লীত কোনো ৰোগীৰ ক’ভিডত মৃত্যু হোৱা নাই। ইফালে যোৱা ২৪ ঘন্টাত নয়ডাত ৩২ জন নতুন কোভিড ৰোগী ধৰা পৰিছে। স্বাস্থ্য বিভাগে ক’ভিডত আক্ৰান্ত হৈ এগৰাকী চাৰে তিনিমহীয়া কন্যাৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।
ক’ভিড সংক্ৰমণৰ দ্ৰুত গতিৰ প্ৰতি লক্ষ্য ৰাখি নয়ডাত ধাৰা-১৬৩ জাৰি কৰা হৈছে। ৭ জুন, অৰ্থাৎ আজিৰ পৰা ৯ জুনলৈ এই নিয়ম কাৰ্যকৰী হ’ব আৰু এই সময়ছোৱাত কোনো ধৰণৰ প্ৰতিবাদ তথা শোভাযাত্ৰাৰ অনুমতি দিয়া নহ’ব। এই ধাৰা কাৰ্যকৰী হৈ থকা সময়ত অনুমতি অবিহনে এটা স্থানত ৫ বা তাতোকৈ অধিক লোক একত্ৰিত হ’ব নোৱাৰে।
ইফালে কৰ্ণাটকৰ দাৱনাগেৰেত কৰ’না ভাইৰাছত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ ফলত বৃহস্পতিবাৰলৈকে কৰ্ণাটকত ক’ভিডজনিত মৃত্যুৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে। আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ১১৪ জন ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে এজন ৰোগীৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।