কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত ? প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ
ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ ইস্তাহাৰ প্ৰকাশ কৰিছে । পিছপৰি থকা নাই কংগ্ৰেছো । এইবাৰ কংগ্ৰেছে নিজৰ ইস্তাহাৰৰ নাম ৰাখিছে ‘ন্যায় পত্ৰ’।

দেশৰ চুকে-কোণে এতিয়া নিৰ্বাচনী বতাহ । মাত্ৰ কেইটামান দিন বাকী আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে, ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইয়াৰ আগতে সকলো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰতিশ্ৰুতি সমূহ ৰাইজৰ আগত দাঙি ধৰিছে । প্ৰশ্ন হয় এইবাৰ ভোটাৰ ৰাইজে ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতি অনুসৰিয়ে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰিব নে ?
মন কৰিবলগীয়া যে, পূৰ্বৰ দৰে এইবাৰো ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ ইস্তাহাৰ প্ৰকাশ কৰিছে । পিছপৰি থকা নাই কংগ্ৰেছো । এইবাৰ কংগ্ৰেছে নিজৰ ইস্তাহাৰৰ নাম ৰাখিছে ‘ন্যায় পত্ৰ’। এই ন্যায় পত্ৰৰ জৰিয়তে কংগ্ৰেছে বহু প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰিছে ।
এই ইস্তাহাৰখনত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ।
কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত ?
- প্ৰতিজন শিক্ষিত যুৱকৰ ১ লাখ টকাৰ এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ ।
- ৩০ লাখ চৰকাৰী চাকৰি, সকলো খালী পদ পূৰণ কৰা, ইয়াৰ বাহিৰেও কেন্দ্ৰীয় চৰকাৰৰ নতুন চাকৰিত ৫০% মহিলা সংৰক্ষণ ।
- যুৱক-যুৱতীসকলৰ বাবে ৫০০০ কোটি টকাৰ নতুন ষ্টাৰ্টআপ ফাণ্ড ।
- অগ্নিপাথ আঁচনি বিলুপ্ত, কলেজ কেম্পাছত বিনামূলীয়া আৰু সীমাহীন ইণ্টাৰনেট সেৱা ।
- ব্যক্তিগত মহাবিদ্যালয়ত দলিত, জনজাতি, অবিচি ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে ৰোহিত ভেমুলা আইন ।
- ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষা ঋণ ৰেহাই, ক্ৰীড়া বৃত্তি মাহে ১০ হাজাৰ টকা ।
- বন্ধুত্ব, ফেশ্বন, খাদ্য, ছবি আৰু যুৱক-যুৱতীৰ মৌলিক অধিকাৰত কোনো হস্তক্ষেপ নকৰাকৈ স্বাধীনতা আৰু পছন্দৰ জীৱনৰ অতিবাহিত কৰা পৰিবেশ সৃষ্টি।
- বিশুদ্ধ বায়ু, পৰিষ্কাৰ চহৰ আৰু সেউজ শক্তিৰ চাকৰিৰ বাবে নতুন নীতি প্ৰস্তুত কৰা ।