REELএ লগালে গণ্ডোগোল! শ্ৰেণীকোঠাত ভিডিঅ’ বনাই মাষ্টৰণী বাইদেউ পালে আৰক্ষী থানা
চিত্ৰকূটৰ এখন বিদ্যালয়ত এগৰাকী পুৰুষ আৰু মহিলা শিক্ষকৰ মাজত তীব্ৰ কাজিয়া সংঘটিত হয়। শ্ৰেণীকোঠাত শিশুৰ সন্মুখত সংঘটিত হোৱা এই যুঁজখনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগেও নিজা পর্যায়ত বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে৷

বৰ্তমান সময়ত সামাজিক মাধ্যম আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগৰ দৰে হৈ পৰিছে ৷ ইয়াৰে ভিতৰত ইনষ্টাগ্ৰাম এক সক্ৰিয় মাধ্যম ৷ ইনষ্টাগ্ৰাম বুলি ক’লেই ৰীল সকলোৰে পৰিচিত ৷ আজিকালি অধিক সংখ্যক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে ৰীল বনোৱা দেখা যায় ৷ ইনষ্টাগ্ৰাম একাউণ্টত বহু সংখ্যক ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে এটাতকৈও অধিক ৰীল তৈয়াৰ কৰে । দিনে দিনে যেন জনপ্ৰিয়তা বহুত বাঢ়ি গৈছে ৰীলৰ। বহু সময়ত এই ৰীলৰ বাবে অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈছে।
উত্তৰ প্ৰদেশৰ চিত্ৰকূটত পোহৰলৈ আহিছে এক অদ্ভুত গোচৰ। তাৰে এখন বিদ্যালয়ত পাঠদান চলি আছিল। ল’ৰা-ছোৱালীবোৰেও পঢ়া-শুনা কৰি আছিল। ইফালে এজন পুৰুষ শিক্ষকে এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে। ইফালে মহিলা শিক্ষয়িত্ৰীগৰাকীয়ে উঠি পুৰুষ শিক্ষকজনক অশ্লীল ভিডিঅ’ বনোৱাৰ অভিযোগ উত্থাপন কৰি চৰ মাৰিলে। অলপ সময়ৰ ভিতৰতে দুয়োজন শিক্ষকৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হয়। শ্ৰেণীকোঠাত বহি থকা সকলো শিক্ষাৰ্থীয়ে এই ঘটনাত ভয় খাইছিল। এই সময়ছোৱাত বিদ্যালয়খনৰ আন আন শিক্ষক-শিক্ষয়িত্ৰীও আহি অতি কষ্টেৰে দুয়োৰে কাজিয়া ভাঙিলে।
এই ঘটনাৰ সন্দৰ্ভত দুয়োগৰাকী শিক্ষকে ইজনে সিজনৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে। আনহাতে, তথ্য লাভ কৰাৰ পিছত শিক্ষা বিভাগেও বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনা সংঘটিত হৈছে চিত্ৰকূটৰ ৰাজাপুৰ থানা এলেকাৰ ইংৰাজী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত। আৰক্ষীৰ তথ্য অনুসৰি কুমহৰণ পূৰ্বা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পদবীত থকা সহকাৰী শিক্ষক স্বপ্না শুক্লা আৰু আৱাধেশ তিৱাৰীৰ মাজত কাজিয়া সংঘটিত হয়। আৱাধেশ তিৱাৰীয়ে কয় যে স্বপ্নাই স্কুলত সদায় ৰিল বনাই থাকে ইয়াৰ ফলত আন মানুহক অশান্তি দিয়ে। তেওঁ নিজৰ ভিডিঅ’তো স্বপ্না শুক্লাৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন কৰিছে।
অশ্লীল ভিডিঅ’ৰ অভিযোগ মহিলা শিক্ষয়িত্ৰীৰ
আনহাতে, স্বপ্না শুক্লাই তেওঁক অশ্লীল ভিডিঅ’ বনোৱাৰ অভিযোগ উত্থাপন কৰিছে। এই তথ্য লাভ কৰাৰ লগে লগে মৌলিক শিক্ষা বিষয়াই ব্লক শিক্ষা বিষয়া ৰাজেশ কুমাৰক বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ কয় যে এই ঘটনা দুসপ্তাহ পূৰ্বে সংঘটিত হৈছিল, দুয়োজনেও এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। অৱশ্যে এই ভিডিঅ’টো এতিয়া ভাইৰেল হৈছে। বিষয়টো শিক্ষা বিভাগেও তদন্ত অব্যাহত ৰাখিছে। যি তথ্য পোহৰলৈ নাহে, সেই অনুসৰি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয় যে বৰ্তমান মহিলা শিক্ষয়িত্ৰী স্বপ্না শুক্লা ছুটীত গৈছে।