বয়সতকৈ ১১ বছৰ সৰু কিশোৰৰ সৈতে প্ৰেম! তাৰ পিছতে যুৱতীয়ে তুলিলে এনে অভিযোগ, দাবী কৰিলে ৫০ লাখ টকা
আয়োগৰ অধ্যক্ষৰ উপস্থিতিত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত কিশোৰটিৰ বিদ্যালয়ৰ নথি-পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড আয়োগক দাখিল কৰা হয়। লগে লগে কিশোৰটিৰ বয়স মাত্ৰ ১৭ বছৰ বুলি স্পষ্ট হৈ পৰে।

কোৱা হয়, প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে নামানে কোনো বাধা। পিছে প্ৰেম সম্পৰ্কীয় শেহতীয়া এক ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। নিজতকৈ বয়সত ১১ বছৰ সৰু এটি কিশোৰৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে তুলিছে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। কেৱল সিমানেই নহয়, কিশোৰটিৰ পৰা ৫০ টকা দাবী কৰাৰ লগতে বিবাহৰ বাবে দাবী জনাইছে যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত মহিলা আয়োগৰ ওচৰত অভিযোগো দাখিল কৰা হৈছে। অৱশ্যে কিশোৰটিৰ বয়সৰ দোহাই দি মহিলা আয়োগে এই গোচৰ শিশু সুৰক্ষা আয়োগলৈ হস্তান্তৰ কৰিছে।
এই আজৱ ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। জানিব পৰা মতে, ছত্তীশগড় ৰাজ্যিক মহিলা আয়োগত এই বিষয়ে অভিযোগ দাখিল কৰা হৈছিল। আয়োগৰ অধ্যক্ষৰ উপস্থিতিত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত কিশোৰটিৰ বিদ্যালয়ৰ নথি-পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড আয়োগক দাখিল কৰা হয়। লগে লগে কিশোৰটিৰ বয়স মাত্ৰ ১৭ বছৰ বুলি স্পষ্ট হৈ পৰে।
ইয়াৰ ভিত্তিত এই গোচৰটো মহিলা আয়োগৰ অধিকাৰক্ষেত্ৰৰ বাহিৰত পৰে বুলি আয়োগ নিশ্চিত হয় আৰু গোচৰটো শিশু সুৰক্ষা আয়োগলৈ প্ৰেৰণ কৰাটো উপযুক্ত হ’ব বুলি সিদ্ধান্ত লয়। ইফালে কিশোৰটিৰ পিতৃয়ে শুনানিৰ সময়ত উল্লেখ কৰা মতে তেওঁ যুৱতীগৰাকীৰ বিৰুদ্ধে প্ৰায় দুমাহ পূৰ্বে এই বিষয়ত শিশু সুৰক্ষা আয়োগত লিখিত অভিযোগ দাখিল কৰিছিল।
মহিলা আয়োগে গোচৰৰ শুনানিৰ সময়ত যুৱতীগৰাকীয়ে নিজৰ বয়স ২৮ বছৰ বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে তেওঁ প্ৰথমতে প্ৰেমিকজন কিশোৰ বুলি জ্ঞাত নাছিল। মহিলাগৰাকীয়ে জানিবলৈ মতে, ফেব্ৰুৱাৰী মাহত ৰায়পুৰৰ পুৰাণী বস্তি থানালৈ যোৱাৰ সময়তহে ল’ৰাটোৰ প্ৰকৃত বয়স তেওঁ জানিব পাৰে। তথ্য অনুসৰি কিশোৰটি বালোদা বাজাৰৰ বাসিন্দা আৰু ক্ৰিকেট খেলৰ বাবে ৰায়পুৰলৈ গৈছিল।
ৰায়পুৰতে যুৱতীগৰাকীৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল। এই সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। অভিযোগ অনুসৰি এই সময়ছোৱাত তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্কও স্থাপন হৈছিল। পিছত যুৱতীগৰাকীয়ে আয়োগত এজাহাৰ দাখিল কৰি ল’ৰাজনে তেওঁক শাৰীৰিক নিৰ্যাতন চলাইছে বুলি অভিযোগ কৰে আৰু ৫০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে।
যুৱতীগৰাকীয়ে লগতে কিশোৰটিক বিয়া কৰাবলৈও ইচ্ছা প্ৰকাশ কৰে। কিন্তু আয়োগে যুৱতীগৰাকীৰ দাবীৰ বিচাৰ কৰাৰ পিছত অভিযুক্ত কিশোৰ হোৱাৰ বাবে বিষয়টো সমাধান কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। মহিলা আয়োগে লগতে এই গোচৰৰ সৈতে জড়িত সকলো নথি-পত্ৰ শিশু সুৰক্ষা আয়োগলৈ প্ৰেৰণ কৰা হ’ব আৰু এই বিষয়ত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।
শুনানিৰ সময়ত আয়োগে মহিলাগৰাকীক নাবালকৰ সৈতে সম্পৰ্ক ৰখা আৰু ইয়াৰ পিছত বিবাহ তথা ক্ষতিপূৰণৰ দাবী জনোৱাৰ বাবে সমালোচনা কৰে। আয়োগে এই আচৰণক অনুপযুক্ত বুলি অভিহিত কৰে। আয়োগৰ এনে স্থিতিৰ পিছত মহিলাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ প্ৰেমিকৰ বয়সৰ বিষয়ে অজ্ঞাত আৰু এই তথ্য প্ৰকাশ পোৱাৰ পিছতহে পৰিস্থিতি উপলব্ধি কৰে।