অভিযন্তা, সমৰ কলাত সুনিপুণ, যাৰ মূৰৰ দাম আছিল ১.৫ কোটি টকা, নিহত নক্সালবাদী বাসৱৰাজু কোন?
নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজৰ সংঘৰ্ষত নক্সালবাদী নৱবল্লা কেশৱ ৰাও ওৰফে বাসৱৰাজু নিহত হৈছে । নিহত বাসৱৰাজু প্ৰকৃততে কোন ? সবিশেষ প্ৰতিবেদনত পঢ়ক ।

ছত্তীশগড়ৰ নাৰায়ণপুৰত বুধবাৰে পুনৰ নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ হয় । খবৰ অনুসৰি, নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত এতিয়াও নক্সাল বিৰোধী অভিযান অব্যাহত ৰাখিছে । ইফালে এই সংঘৰ্ষত ২৬ জনকৈ নক্সালবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । জানিব পৰা মতে, এই সংঘৰ্ষত নক্সালবাদী নৱবল্লা কেশৱ ৰাও ওৰফে বাসৱৰাজু নিহত হৈছে । ডি আৰ জিৰ জোৱানৰ গুলীত নিহত বাসৱৰাজু আছিল নক্সালবাদীৰ এগৰাকী শীৰ্ষ নেতা ।
প্ৰকাশিত খবৰ অনুসৰি, বাসৱৰাজু বিগত ৩৫ বছৰ ধৰি মাওবাদী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল । চৰকাৰে তেওঁৰ ওপৰত প্ৰায় ডেৰ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । বাসৱৰাজু শ্ৰীকাকুলাম জিলাৰ জিয়ান্নপেটা গাঁৱৰ বাসিন্দা আছিল। তেওঁৰ বয়স আছিল ৭০ বছৰ। ২০১৮ চনৰ নৱেম্বৰৰ পৰা চি পি আই মাওবাদী সংগঠনৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বাসৱৰাজুৰ লগত সদায় এ কে ৪৭ ৰাইফল থাকে বুলি কোৱা হয়। তেওঁ বিশেষকৈ ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত সক্ৰিয় আছিল ।
বাসৱৰাজুৰ শিক্ষা
বাসৱৰাজুৱে ২৪ বছৰ পলিটব্যুৰোৰ সদস্য হিচাপে নিজৰ কাম অব্যাহত ৰাখিছিল। তেওঁ দলটোৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বাসৱৰাজুৱে ৱাৰংগলৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল। ৱাৰংগলৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বি.টেক কৰিছিল। কোৱা হয় যে, ১৯৭০ চনত ঘৰ এৰি গৈছিল বাসৱৰাজুৱে ।
বাসৱৰাজুৱে সমৰ কলাত পাকৈত আছিল । বাসৱৰাজু সামৰিক বাহিনীৰ কমাণ্ডাৰ আৰু আগ্ৰাসী আক্ৰমণৰ বাবে পৰিচিত আছিল। আক্ৰমণৰ পৰিকল্পনাতো তেওঁ আছিল এজন বিশেষজ্ঞ। নৱবল্লা কেশৱ ৰাও গংগন্না, বিজয়, দৰপু নৰসিংহ ৰেড্ডী, নৰসিংহ, প্ৰকাশ, কৃষ্ণ ইত্যাদি নামেৰেও তেওঁ পৰিচিত আছিল।
বাসৱৰাজুৱে কোনবোৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল?
২০১০ চনৰ দান্তেৱাড়া আক্ৰমণৰ সৈতে জড়িত আছিল বাসৱৰাজু। এই নক্সালবাদী আক্ৰমণত শ্বহীদ হৈছিল ৭৬ জন চি আৰ পি এফ জোৱান । একেদৰে ২০১৩ চনৰ জিৰাম ঘাটি আক্ৰমণৰ সৈতে জড়িত । এই নক্সালবাদী আক্ৰমণত ২৭ জন লোক নিহত হয়, য’ত ছত্তীশগড়ৰ প্ৰাক্তন মন্ত্ৰী মহেন্দ্ৰ কৰ্ম আৰু কংগ্ৰেছ নেতা নন্দ কুমাৰ পেটেল অন্তৰ্ভু্ক্ত।
২০১৮ আৰাকু আক্ৰমণৰ পৰিকল্পনা কৰিছিল বাসৱৰাজুৱে । অন্ধ্ৰপ্ৰদেশ তেলেগু দেশম পাৰ্টিৰ বিধায়ক কিদাৰী সৰ্বেশ্বৰ ৰাও আৰু প্ৰাক্তন বিধায়ক ছিবেৰী ছ’মাৰ হত্যাকাণ্ডৰো পৰিকল্পনা কৰিছিল বাসৱৰাজুৱে। ২০১৯ চনৰ গাডচিৰোলি আক্ৰমণ, য’ত মহাৰাষ্ট্ৰৰ ১৫ জন কমাণ্ডো আৰু আন এজন ব্যক্তি নিহত হৈছিল । এই আক্ৰমণৰ সৈতে জড়িত আছিল বাসৱৰাজু ।