ভয়ংকৰ ঘটনা, চেন্নাইত তাপ বিদ্যুৎ কেন্দ্ৰৰ arch ভাঙি অসমৰ কেইবাজনো শ্ৰমিক নিহত আৰু আহত বহু কেইজন
Chennai Arch Collapses: তাপ বিদ্যুৎ কেন্দ্ৰটো ভাঙি পৰাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ সময়ত বহু সংখ্যক শ্ৰমিকে কাম কৰি আছিল।

মঙলবাৰে চেন্নাইৰ এন্নোৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। উত্তৰ চেন্নাই থাৰ্মেল পাৱাৰ ষ্টেচন নিৰ্মাণ স্থানত ভাঙি পৰে এখন তোৰণ। য’ত ৯ জন শ্ৰমিক নিহত হোৱাৰ লগতে আহত হয় ১০ জনতকৈ অধিক। আহতসকলক চেন্নাইৰ ষ্টেনলি চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
তামিলনাডু বিদ্যুৎ ব’ৰ্ডৰ সম্পাদক তথা তামিলনাডু উৎপাদন আৰু বিতৰণ নিগমৰ অধ্যক্ষ ড০ জে ৰাধাকৃষ্ণনে উল্লেখ কৰে যে, উত্তৰ চেন্নাই তাপ বিদ্যুৎ কেন্দ্ৰৰ নিৰ্মাণ স্থানত শ্ৰমিকসকলৰ ওপৰত ৩০ ফুট উচ্চতাৰ পৰা এটা তোৰণ ভাঙি তেওঁলোকক চেপি ধৰে। দুৰ্ঘটনাত ৯ জন লোক নিহত হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হয়।
#WATCH | Tamil Nadu | Dr J.Radhakrishnan, Secretary of the Tamil Nadu Electricity Board, and the Chairman of the Tamil Nadu Generation and Distribution Corporation (TANGEDCO), arrives at Stanley Government Hospital to meet those injured in the structure collapse at a construction… https://t.co/JFO3TOgixK pic.twitter.com/eLmhJLhlea
— ANI (@ANI) September 30, 2025
ৰাধাকৃষ্ণনে কয় যে নিহতসকলৰ অধিকাংশই অসম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাসিন্দা। তেওঁ লগতে কয় যে অট্টালিকাটো ভাঙি পৰাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তদন্ত আৰম্ভ কৰা হৈছে।
টিএনইবিৰ সচিবগৰাকীয়ে কয় যে নিৰ্মাণস্থলীত প্ৰায় ৩৭ হাজাৰ শ্ৰমিকে কাম কৰি আছে। নিৰাপত্তা বিষয়া আৰু কৰ্মীৰ পৃথক পৃথক দলে স্থানত পৰিদৰ্শন চলাই আছে।