শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেই নিশা কি হৈছিল? স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ ৯ সন্তানৰ মাতৃ আৰু তেওঁৰ প্ৰেমিক…

এক ভয়ংকৰ কাণ্ড। স্বামীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় এগৰাকী মহিলা আৰু তেওঁৰ ১০ বছৰীয়া সৰু প্ৰেমিক হানিফ। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দুয়োৰে অবৈধ সম্পৰ্ক আছিল।

সেই নিশা কি হৈছিল? স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ ৯ সন্তানৰ মাতৃ আৰু তেওঁৰ প্ৰেমিক…
অভিযুক্ত গ্ৰেপ্তাৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 01 Jul 2025 14:28 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে স্বামীক হত্যাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৯ সন্তানৰ মাতৃ আৰু তেওঁৰ প্ৰেমিক। অভিযোগ অনুসৰি, ৯ সন্তানৰ মাতৃ ৰীনা আৰু হানিফৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু যেতিয়া স্বামী ৰাতিৰামে এই কথা গম পাই তেতিয়া পত্নী আৰু প্ৰেমিকে মিলি হত্যাকাণ্ড সংঘটিত কৰে। ইমানেই নহয়, এই কাণ্ডক দুয়ো চৰম পন্থাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাছগাঞ্জত।

জানিব পৰা মতে, ২৪ জুনত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। ৰাতিৰাম নামৰ লোকজনক পত্নী ৰীনা আৰু সন্তানৰ সৈতে এটা ইটাৰ কাৰখানাত কাম কৰিবলৈ আহিছিল। কিন্তু তাৰ পাছতে ৰাতিৰামৰ মৃত্যু হয়। ৰাতিৰামৰ ভাতৃ অৰবিন্দে কয় যে, ৰীনাৰ মাতৃগৃহ ভৰগাইনত আৰু ইয়াতেই কাম কৰিবলৈ পৰিয়ালটো আহিছিল। এই গাঁৱৰে হানিফৰ সৈতে ৰীনাৰ অবৈধ সম্পৰ্ক আছিল। কিন্তু এদিন হঠাতে ৰাতিৰামে পত্নী আৰু তেওঁৰ অবৈধ প্ৰেমিকক একেলগে দেখা পায়।

ইয়াৰ পাছতে ৰাতিৰামে পত্নীক প্ৰশ্ন কৰে আৰু মাৰপিট কৰে। কিন্তু তাৰ পাছতে ৰীনাই প্ৰেমিকৰ সৈতে মিলি ৰাতিৰামক হত্যা কৰে। এতিয়া সেই হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে।

ৰীনা আৰু ৰাতিৰামৰ ৯টা সন্তান। ইয়াৰে তিনিজনৰ ইতিমধ্যে বিয়া হৈছে। কিন্তু ইয়াৰ পাছতো ৰীনাই তেওঁতকৈ ১০ বছৰীয়া সৰু হানিফৰ প্ৰেমত পৰিছিল। আৰক্ষীৰ জেৰাৰ সময়ত ৰীনাই কয় যে, তিনি বছৰ আগৰ পৰাই হানিফৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। এই সময়চোৱাত তেওঁ তিনিবাৰ পলাই গৈছিল যদিও বাৰে বাৰে নিজৰ ভুল স্বীকাৰ কৰি স্বামীৰ ওচৰলৈ গুচি আহিছিল।

ৰীনাই লগতে কয় যে,স্বামীয়ে বাধা দিয়াৰ পাছতো তেওঁ বাৰে বাৰে হানিফক লগ কৰিছিল। গতিকে স্বামীক দুয়োৰে ৰাস্তাৰ পৰা আঁতৰাই পেলোৱাৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰি, ১৮ জুনৰ ৰীনাই অজুহাত দেখুৱাই ৰাতিৰামক এটা স্থানলৈ লৈ যায়। ইতিমধ্যে হানিফে তাতেই লুকাই আছিল। ৰাতিৰামে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে হানিফে তেওঁক আক্ৰমণ কৰে।

ৰাতিৰামক দুয়ো বগৰাই ধৰে আৰু ডিঙি চেপি ধৰে। নিজকে ৰক্ষা কৰিবলৈ ৰাতিৰামে চেষ্টা কৰিছিল যদিও সক্ষম হোৱা নাছিল। ৰাতিৰামে হাত দুখন লৰচৰ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ৰীনাই তেওঁৰ হাত দুখন হেঁচি ধৰে আৰু মৃত্যু নোহোৱালৈকে এৰি নিদিয়ে। ইয়াৰ পাছত ৰাতিৰামক দুয়ো ওলোমাই থয়।

এই ঘটনা ২৪ জুনৰ যদিও পলাতক অৱস্থাত আছিল ৰীনা আৰু হানিফ। অৱশেষত ৩০ জুনত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হানিফৰ পৰা তেজ লগা এটা শ্বাৰ্ট উদ্ধাৰ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ Railway fire hikes: আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত…