প্ৰথমে হত্যা, তাৰ পিছত ৩ দিন ধৰি… পুনৰ লিভ-ইন পাৰ্টনাৰৰ নৃশংসতাৰ বলি যুৱতী
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি অভিযুক্ত শচীন ৰাজপুতে তেওঁৰ লিভ-ইন পাৰ্টনাৰ ঋতিকা সেনক ডিঙি চেপি হত্যা কৰে। জানিব পৰা মতে ঘটনাৰ সময়ত তেওঁ সুৰাসক্ত অৱস্থা আছিল। অভিযুক্ত শচীনে ৩ দিনৰ মূৰত সমগ্ৰ ঘটনাৰ বিষয়ে বন্ধুক জনায়।

পোহৰলৈ আহিছে আন এক হৃদয় বিদাৰক ঘটনা। ঘৰুৱা বিবাদত পৰিণতিত নিজৰ লিভ-ইন প্ৰেমিকাক ডিঙি চেপি হত্যা কৰে প্ৰেমিকে । কেৱন ইমানে নহয় চাদৰত মেৰিয়াই ৩ দিনলৈ ঘৰতে ৰাখিছিল প্ৰেমিকাৰ মৃতদেহ। জানিব পৰা মতে ঘটনাৰ সময়ত তেওঁ মদ্যপান কৰিছিল। অভিযুক্তই বন্ধুক এই বিষয়ে অৱগত কৰে, তাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি অভিযুক্ত শচীন ৰাজপুতে তেওঁৰ লিভ-ইন পাৰ্টনাৰ ঋতিকা সেনক ডিঙি চেপি হত্যা কৰে। জানিব পৰা মতে ঘটনাৰ সময়ত তেওঁ সুৰাসক্ত অৱস্থা আছিল। অভিযুক্ত শচীনে ৩ দিনৰ মূৰত সমগ্ৰ ঘটনাৰ বিষয়ে বন্ধুক জনায়। এই কথা জানিব পাৰি বন্ধুৱে আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ঋতিকা সেনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জানিব পৰা মতে ২৮-২৯ জুনৰ মাজৰ নিশা অভিযুক্তই হত্যা কৰিছিল ঋতিকাক। হত্যাকাণ্ডৰ পিছত অভিযুক্ত প্ৰেমিকজনে ঋতিকাৰ মৃতদেহ চাদৰত মেৰিয়াই কোঠাটোত এৰি থৈ পলায়ন কৰে। নিচাহ ভঙাৰ পিছত যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল, তেতিয়া তেওঁ এই ভয়ংকৰ কাণ্ডৰ কথা তেওঁৰ বন্ধু এজনক ক’লে। কথাৰ গুৰুত্ব বুজি বন্ধুজনে লগে লগে আৰক্ষীক খবৰ দিলে। আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত শচীন ৰাজপুতক গ্ৰেপ্তাৰ কৰে। দুয়োজনে বিগত কিছু বছৰ ধৰি লিভ-ইন ৰিলেশ্যনশ্বিপত আছিল।
ঘটনা সন্দৰ্ভত বজৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শিল্প কৌৰভে কয় যে শচীন আৰু ঋতিকা প্ৰায় চাৰে তিনি বছৰ ধৰি লিভ-ইনত আছিল। দুয়োজনেই বিদিশা জিলাৰ ছিৰোজৰ বাসিন্দা। প্ৰায় ১০ মাহ ধৰি তেওঁলোকে বজৰীয়া অঞ্চলত বসবাস কৰিছিল। কিবা এটা কথাক লৈ তেওঁলোকৰ মাজত বিবাদ হৈছিল। এই বিবাদৰ পিছত শচীনে ঋতিকাক ডিঙি চেপি হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।