শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৪ ৰ ৩১ ডিচেম্বৰ অন্তিম সময়সীমা, অ-মুছলমান অনুপ্ৰৱেশকাৰীৰ বাবে নাগৰিকত্বৰ ভিত্তি বৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি

কা' গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে। কেৱল অ-মুছলিম অনুপ্ৰৱেশকাৰীয়েহে লাভ কৰিব এই সুবিধা।

২০২৪ ৰ ৩১ ডিচেম্বৰ অন্তিম সময়সীমা, অ-মুছলমান অনুপ্ৰৱেশকাৰীৰ বাবে নাগৰিকত্বৰ ভিত্তি বৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি
প্ৰতীকী ছবিImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 03 Sep 2025 14:08 PM

নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ম্যাদ বৃদ্ধি কৰা হৈছে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমাৰ। এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে। কেৱল অ-মুছলিম অনুপ্ৰৱেশকাৰীয়েহে লাভ কৰিব এই সুবিধা। অৰ্থাৎ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীয়ে আবেদন কৰিব পাৰিব ভাৰতীয় নাগৰিকত্বৰ বাবে।

২০১৯ চনত বহু আন্দোলন, প্ৰতিবাদকো আওকাণ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে সংসদত গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰাৰ লগে লগেই এই বিধেয়ক আইনত পৰিণত হয়। এই আইন প্ৰণয়নৰ লক্ষ্য হৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় হিংসাৰ বলি হৈ ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ডিটেনচন কেম্প স্থাপনৰ বাবে নিৰ্দেশ দিছে। অবৈধভাৱে বাস কৰা লোকসকলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হ’ব। কিন্তু এই নিয়মৰ পৰা কোনসকল লোকে সকাহ পাব সেয়াও জনালে কেন্দ্ৰই।

যোৱা ২ ছেপ্টেম্বৰ মঙলবাৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে, বিভিন্ন দেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা নাগৰিকক পুনৰ নিজৰ দেশলৈ ওভতাই পঠিওৱা হ’ব। যদি কোনো ব্যক্তিয়ে বৈধ নথি-পত্ৰ দেখুৱাব পাৰে তেন্তে তেওঁলোকক ডিটেনচন কেম্পত ৰখা হ’ব।

অৱশ্যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ যিসকল ধৰ্মীয় সংখ্যালঘু নাগৰিক অৰ্থাৎ হিন্দু, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ধৰ্মৰ যিসকল লোকে ধৰ্মীয় হিংসাৰ পৰা বাচিবলৈ ভাৰতলৈ আহিছে, তেওঁলোকক ঘূৰাই পঠিওৱা নহয়। অৱশ্যে সেই ক্ষেত্ৰতো এক সময়সীমা আছে।

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এই লোকসকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। পাছপোৰ্ট বা ভ্ৰমণৰ নথি অবিহনেও তেওঁলোক ভাৰতত থাকিব পাৰিব। কিন্তু ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা এনে লোককহে দিয়া হ’ব নাগৰিকত্ব।

যোৱা সোমবাৰে কাৰ্যকৰী কৰা হৈছিল শেহতীয়াকৈ সংসদত গৃহীত হোৱা ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫। তাৰ পাছতেই কেন্দ্ৰই জাৰি কৰিলে এই নতুন নিৰ্দেশনা। কেন্দ্ৰৰ এই নিৰ্দেশে তিনিওখন দেশৰ সংখ্যালঘু লোকক সকাহ দিছে। বিশেষকৈ ২০১৪ চনৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দুসকলে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল।

এতিয়া বাংলাদেশ, পাকিস্তান বা আফগানিস্তানৰ পাছপ’ৰ্ট অবিহনে তেওঁলোক ভাৰতত থাকিব পাৰিব। কিন্তু এই আইনখনে নাগৰিকত্বৰ নিশ্চয়তা নিদিয়ে। বাংলাদেশ, পাকিস্তান বা আফগানিস্তানৰ পৰা অহা যিকোনো ব্যক্তিয়ে নাগৰিকত্ব আইন (CAA)ৰ ধাৰা ৬ বিৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

কেন্দ্রৰ নিৰ্দেশনাত উল্লেখ আছে যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ৩১ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত ধৰ্মীয় নিৰ্যাতনৰ বাবে বা নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান, পাৰ্চীসকলক বৈধ নথি-পত্ৰ অবিহনে বা যাৰ নথি-পত্ৰৰ ম্যাদ উকলি গৈছে, তেওঁলোকক ভাৰতত থাকিবলৈ দিয়া হ’ব।

স্থল বা বিমানেৰে ভাৰতত প্ৰৱেশ কৰা নেপাল আৰু ভূটানৰ নাগৰিকেও পাছপ’ৰ্ট বা ভিছা দেখুৱাব নালাগে। একেদৰে নেপাল বা ভূটানৰ পৰা ভাৰতলৈ অহা ভাৰতীয় নাগৰিকে কোনো ধৰণৰ পাছপ’ৰ্ট বা আন নথি-পত্ৰ দেখুৱাব নালাগে। কিন্তু চীন, পাকিস্তান, হংকং বা মাকাউ হৈ ভাৰতলৈ আহিলে তেওঁলোকৰ নথি-পত্ৰ দেখুৱাব লাগিব।

নতুন আইনখনত উল্লেখ কৰা হৈছে যে ভাৰতীয় সেনা, বায়ুসেনা বা নৌসেনাৰ যিসকল সদস্যই ভাৰতত প্ৰৱেশ কৰিছে বা দেশৰ বাহিৰলৈ গৈছে, বা তেওঁলোকৰ পৰিয়ালৰ সদস্যই চৰকাৰী বাহনত যদি এনে বিষয়াৰ সৈতে যাত্ৰা কৰে, তেন্তে তেওঁলোকৰ পাছপ’ৰ্ট বা ভিছা দেখুৱাব নালাগে।