শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আৰম্ভণিৰ পৰাই সুৰা কেলেংকাৰীৰ ষড়যন্ত্ৰত জড়িত কেজৰিৱাল! চিবিআইৰ চাৰ্জশ্বীটত আৰু কি কি…

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সুৰা কেলেংকাৰী গোচৰত অভিযোগনামা দাখিল কৰিছে। এই অভিযোগনামাত চিবিআইয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰম্ভণিৰে পৰাই দিল্লী আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অপৰাধমূলক ষড়যন্ত্ৰত জড়িত আছিল বুলি দাবী কৰিছে।

আৰম্ভণিৰ পৰাই সুৰা কেলেংকাৰীৰ ষড়যন্ত্ৰত জড়িত কেজৰিৱাল! চিবিআইৰ চাৰ্জশ্বীটত আৰু কি কি…
অৰবিন্দ কেজৰিৱাল
Monjit Dutta
Monjit Dutta | Published: 08 Sep 2024 15:43 PM

আবকাৰী নীতিৰ কথিত কেলেংকাৰীৰ গোচৰত তিহাৰত কাৰাৰুদ্ধ হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আপ মুৰব্বীগৰাকীয়ে উত্থাপিত অভিযোগ নাকচ কৰিলেও পিছে তেওঁৰ ওপৰৰ পৰা আঁতৰা নাই বিপদৰ কলীয়া ডাৱৰ। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে কেজৰিৱালৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগনামা। এই অভিযোগনামাত চিবিআইয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰম্ভণিৰে পৰাই দিল্লী আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অপৰাধমূলক ষড়যন্ত্ৰত জড়িত আছিল বুলি দাবী কৰিছে।

চিবিআইয়ে অভিযোগনামাত উল্লেখ কৰা মতে কেজৰিৱালে প্ৰথমৰ পৰাই আবকাৰী নীতিৰ ব্যক্তিগতকৰণৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল। তদন্ত সংস্থাটোৱে লগতে অভিযোগ উত্থাপন কৰিছে যে ২০২১ চনত যেতিয়া গোচৰৰ অন্যতম অভিযুক্ত মনীষ চিছ’দিয়া আৰু অন্যান্য মন্ত্ৰীসকলে এই নীতি প্ৰস্তুত কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী কেজৰিৱালে নিজৰ দলৰ বাবে আৰ্থিক সহায় বিচাৰিছিল।

২০২১ চনৰ মাৰ্চ মাহত মুখ্যমন্ত্ৰী কেজৰিৱালৰ সংবাদ মাধ্যম আৰু যোগাযোগ প্ৰভাৰী অভিযুক্ত বিজয় নায়াৰে দিল্লীৰ আবকাৰী ব্যৱসায়ৰ কেইবাজনো অংশীদাৰৰ সৈতে কথা পাতিছিল আৰু আবকাৰী নীতিৰ বিনিময়ত তেওঁলোকৰ পৰা অবৈধ উৎকোচ দাবী কৰিছিল বুলিও চিবিআইয়ে দাবী কৰিছে। চিবিআইৰ এই অভিযোগ পোহৰলৈ অহাৰ পাছত আম আদমী পাৰ্টিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।

আপে লগতে ইমানবোৰ অভিযোগ অহাৰ পিছতো এতিয়ালৈকে চিবিআইয়ে এই গোচৰত এটকাও আদায় কৰিব পৰা নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে। ৫০০ সাক্ষীক সোধা-পোছা কৰি ৫০ হাজাৰ পৃষ্ঠাৰ নথি দাখিল কৰাৰ পিছতো আপৰ কোনো নেতাৰ পৰা এটকাও দুৰ্নীতি উদ্ধাৰ হোৱা নাই বুলি দলটোৱে লগতে তদন্ত সংস্থাটোক প্ৰত্যাহ্বান জনায়।

আম আদমী পাৰ্টিয়ে লগতে নিজকে এটা সৎ দল আখ্যা দি বিজেপিয়ে দলটোৰ নেতাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে বুলি দাবী কৰে। আপৰ দাবী, ইডি আদালতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে এটাও প্ৰমাণ নাই বুলি স্পষ্টকৈ কৈছে, কোনো প্ৰমাণ নোহোৱাকৈয়ে তেওঁক কাৰাৰুদ্ধ কৰি ৰখাৰ বাবে বিজেপি আৰু সংস্থাসমূহে সকলো প্ৰচেষ্টা চলাইছে।

কিন্তু শেষত সত্য ওলাই আহিব আৰু অৰবিন্দ কেজৰিৱাল অতি সোনকালে মুক্তি পাব বুলিও আপে দাবী কৰে। উল্লেখ্য যে যোৱা ২৬ জুনত তিহাৰ কাৰাগাৰৰ পৰা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী কেজৰিৱালক। তাৰ পূৰ্বে এই গোচৰত ইডিয়ে প্ৰেৰণ কৰা ৯ বাৰৰ চমন কৰাৰ পিছত তদন্ত সংস্থাটোৱে ২১ মাৰ্চত মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছিল।

ইয়াৰ পিছত ১ মে’ত তেওঁক ন্যায়িক জিম্মাত তেহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা সঞ্জয় সিং আৰু দলটোৰ আন এগৰাকী শীৰ্ষ নেতা তথা দিল্লীৰ প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ চিছ’দিয়াও সুৰা কেলেংকাৰীৰ অভিযোগত কাৰাৰুদ্ধ হৈ আছিল যদিও ইতিমধ্যে তেওঁলোক দুয়োৱে জামিন লাভ কৰিছে। আনহাতে যোৱা ৬ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী কেজৰিৱালৰ জামিন আবেদনৰ শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে ১০ ছেপ্টেম্বৰলৈকে এই সিদ্ধান্ত সংৰক্ষণ কৰিছে।