শোকাৱহ! সহকৰ্মীৰ গুলীত নিহত ২গৰাকীকৈ CAF জোৱান, আহত ২জন
ছত্তীশগড়ৰ বলৰামপুৰ জিলাত ছত্তীশগড়ৰ এজন সশস্ত্ৰ বাহিনী (CAF)ৰ জোৱানে তেওঁৰ চাৰ্ভিচ ৰাইফলৰে গুলীচালনা কৰে। এই গুলীচালনাত দুজনকৈ সেনা জোৱান নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। আহত জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বুধবাৰে ছত্তীশগড়ৰ বলৰামপুৰ জিলাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিজৰ চাৰ্ভিচ ৰাইফলৰে কেম্পৰ ভিতৰত গুলীচালনা কৰে ছত্তীশগড় সশস্ত্ৰ বাহিনী (CAF)ৰ এজন জোৱানে। এই গুলীচালনাত তেওঁৰ দুজনকৈ সহকৰ্মী জোৱান নিহত হয়। আন দুজন সৈনিক গুৰুতৰভাৱে আহত হয়। আহত জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোক বৰ্তমান চিকিৎসাধীন অৱস্থাতে আছে। ঘটনাৰ খবৰ পোৱাৰ পাছত আৰক্ষী বিষয়াসকলে তাৎক্ষণিকভাৱে শিবিৰত উপস্থিত হয় আৰু অভিযুক্ত জোৱানজনক গ্ৰেপ্তাৰ কৰে। বৰ্তমান, অভিযুক্ত জোৱানজনক গুলীচালনাৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছে।
আৰক্ষী বিষয়াই কোৱা অনুসৰি, বুধবাৰে ৰাতিপুৱা বলৰামপুৰ জিলাৰ চামৰি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভূটাহি গাঁৱত অৱস্থিত CAFৰ ১১তম বেটেলিয়নৰ কেম্পত একাংশ সেনা জোৱানৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। পৰৱৰ্তী পৰ্যায়ত বিবাদ ইমানেই বাঢ়িছিল যে সেনা জোৱান অজয় চিদাৰে তেওঁৰ চাৰ্ভিচ ৰাইফলৰে গুলীচালনা কৰিছিল। গুলীচালনাত নিহত হয় ৰূপেশ পেটেল আৰু সন্দীপ পাণ্ডে নামেৰে জোৱান দুজন । একে সময়তে জোৱান অম্বুজ শুক্লা আৰু ৰাহুল বাঘেল আঘাতপ্ৰাপ্ত হৈছিল। তেওঁলোকক বৰ্তমান চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
আৰক্ষী বিষয়াসকলে কৈছে যে বলৰামপুৰ-ৰামানুজগঞ্জ জিলাৰ ঝাৰখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহত নক্সালবাদীৰ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি ভূতাহি গাঁৱত এটা CAF কেম্পৰ স্থাপন কৰা হৈছে। ভুটাহি কেম্পত ১১ তম বেটেলিয়নে পহৰা দি আছিল। ইয়াৰ মাজতে বুধবাৰে ৰাতিপুৱা প্ৰায় ১১.৩০ বজাত CAF জোৱান অজয় চিদাৰে এটা চাৰ্ভিচ ৰাইফলৰে নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ আৰম্ভ কৰে। গুলীচালনাত ঘটনাস্থলীত উপস্থিত ৪জন সেনা জোৱানৰ শৰীৰত গুলী লাগে।
গুলীৰ ফলত সেনা জোৱান ৰূপেশ পেটেলৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে তিনিজন আহত সৈনিকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়লৈ নিয়া পথতে মৃত্যু হয় আন এজন মৃত্যু হয় সন্দীপ পাণ্ডেৰ । সুৰগুজা ক্ষেত্ৰৰ IG (আৰক্ষী মহাপৰিদৰ্শক) অংকিত গাৰ্গে কৈছে যে ঘটনাটোৰ পাছত গুলীচালনা কৰা সেনা জোৱান চিদাৰক ধৰা হৈছে। তেওঁক সোধা-পোছা কৰি থকা হৈছে। লগতে অংকিত গাৰ্গে কৈছে যে আহত জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোক বৰ্তমান সংকতমুক্ত।