অসমৰ সীমামূৰীয়া এই চহৰ দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষতঃ পৰিষ্কাৰ চহৰৰ তালিকাত শীৰ্ষত আইজল
২০২৫ চনৰ প্ৰথমাৰ্ধত, অৰ্থাৎ জানুৱাৰীৰ পৰা জুনৰ ভিতৰত ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে অসমৰ সীমামূৰীয়া এখন চহৰ। আনহাতে এই তালিকাত দ্বিতীয় স্থানত আছে দিল্লী। স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)ৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

দিল্লীক পিছ পেলাই দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে অসমৰ সীমামূৰীয়া এখন চহৰ। অসম-মেঘালয় সীমান্তত অৱস্থিত বৰ্নিহাট ২০২৫ চনৰ প্ৰথমাৰ্ধত, অৰ্থাৎ জানুৱাৰীৰ পৰা জুনৰ ভিতৰত ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। আনহাতে এই তালিকাত দ্বিতীয় স্থানত আছে দিল্লী। স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)ৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে। এই সমীক্ষা অনুসৰি বৰ্নিহাটত পি এম ২.৫ৰ গড় ঘনত্ব প্ৰতি ঘনমিটাৰত ১৩৩ মাইক্ৰ’গ্ৰাম হোৱাৰ বিপৰীতে দিল্লীৰ পি এম ২.৫ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৮৭ মাইক্ৰ’গ্ৰাম হৈছে।
এই দুখন চহৰৰ পিছতে শীৰ্ষ দহখন প্ৰদূষিত চহৰৰ তালিকাত বিহাৰৰ চাৰিখন, ওড়িশাৰ দুখন, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ দুখন চহৰ আছে। শীৰ্ষ দহখন প্ৰদূষিত চহৰৰ তালিকাত থকা আনকেইখন চহৰ হৈছে হাজীপুৰ (বিহাৰ), গাজিয়াবাদ (উত্তৰ প্ৰদেশ), গুৰুগ্ৰাম (হাৰিয়ানা), পাটনা, সাছাৰাম (বিহাৰ), তালচেৰ (ওড়িশা), ৰৌৰকেলা (ওড়িশা) আৰু ৰাজগীৰ (বিহাৰ)।
ইফালে বছৰৰ প্ৰথমাৰ্ধত মিজোৰামৰ আইজল চহৰ দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হৈছিল। চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)ৰ মতে, জানুৱাৰীৰ পৰা জুনলৈকে CAAQMS (A Continuous Ambient Air Quality Monitoring System) থকা ২৯৩খন চহৰৰ ভিতৰত ২৩৯খন চহৰত ৮০ শতাংশতকৈ অধিক দিনৰ বাবে অণুবীক্ষণিক কণিকাৰ সৈতে জড়িত তথ্য উপলব্ধ আছিল।
CREA- এ এই সমীক্ষাত কয় যে দিল্লীত নিৰ্ধাৰিত সময়সীমা সম্পূৰ্ণ কৰা বাহন চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰাটো বায়ুৰ গুণাগুণ ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে প্ৰমাণিত হৈছে। কিন্তু প্ৰদূষণৰ ক্ষেত্ৰত কেৱল যান-বাহনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে প্ৰদূষণৰ অন্যান্য গুৰুত্বপূৰ্ণ উৎসসমূহৰ আওকাণ কৰা হৈছে বুলিও সমীক্ষাত কোৱা হৈছে।