হাথৰাছত ভয়ংকৰ দুৰ্ঘটনা! বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ মাজৰ সংঘৰ্ষত ১৫জনৰ মৃত্যু
হাথৰাছ জিলাৰ হাথৰাছ-আগ্ৰা-আলিগড় ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনখনৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ । ই দুৰ্ঘটনাত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে আৰু বহুলোক গুৰুতৰভাৱে আহত হোৱা বুলি কোৱা হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনখনৰ মাজত হৈছে সংঘৰ্ষ । য’ত দুয়োখন বাহনৰ আৰোহীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
দুৰ্ঘটনাস্থলীত ১৫জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৮জন লোক আহত হোৱা বুলি কোৱা হৈছে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছত আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত মৃতদেহৰ লগতে আহত লোকসকলক এম্বুলেন্সত চিকিৎসালয়লৈ লৈ যায়।
তথ্য অনুসৰি এই দুৰ্ঘটনাটো হাথৰাছ-আগ্ৰা-আলিগড় ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। চান্দপা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভুছ কা নাগলা বাইপাছৰ মিতাই গাঁৱৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছে।
সামগ্ৰী কঢ়িওৱা বাহনখনত প্ৰায় ২৫-৩০জন লোক আছিল। যিসকলে চাচনী আৰক্ষী থানা অঞ্চলৰ মুকান্দ খেৰাৰ পৰা দুপৰীয়াৰ খাদ্য গ্ৰহণ কৰি উভতি আহিছিল। বাছখনতো বহু যাত্ৰী আছিল। সামগ্ৰী কঢ়িওৱা বাহনখনত যাত্ৰা কৰি থকা সকলোকে খাণ্ডাউলিৰ চামলা গাঁৱৰ বাসিন্দা বুলি কোৱা হৈছে।
মৃতসকলৰ বেছিভাগেই সামগ্ৰী কঢ়িওৱা বাহনখনৰ আৰোহী আছিল। মৃত আৰু আহতসকলৰ ভিতৰত মহিলা আৰু শিশু আছে। দুৰ্ঘটনাটোৰ পাছত ডিএম আশীষ কুমাৰ আৰু এছ পি নিপুন আগৰৱালা ঘটনাস্থলীত উপস্থিত হৈছিল। তেওঁলোকে স্বাস্থ্য বিভাগৰ বিষয়াসকলক চিকিৎসালয়ত আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। সামগ্ৰী কঢ়িওৱা বাহনখনত থকা আৰোহীসকল দুৰ্ঘটনাটোত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। আনহাতে বাছখনত থকা একাংশ লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল।
বিষয়াসকলৰ মতে, দুৰ্ঘটনাটোত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে। আনহাতে ১৮জন লোক আহত হৈছে। ইয়াৰে ৮জন লোকৰ অৱস্থা অধিক সংকটজনক হৈ আছে। আহত আৰু মৃতসকলক জিলা চিকিৎসালয় হাথৰাছলৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ চিকিৎসা ইতিমধ্যে আৰম্ভ হৈছে। আনহাতে গুৰুতৰভাৱে আহত ৮জন লোকক চিকিৎসা মহাবিদ্যালয় আলিগড়লৈ প্ৰেৰণ কৰা হৈছে।