শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মই গৰ্ভৱতী…দিনটো ফুৰিলে, নিশা ল’জলৈ গ’ল! পাছত প্ৰেমিকৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড…

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। এগৰাকী কিশোৰীয়ে নিজৰ প্ৰেমিকক অতি নৃশংসভাৱে হত্যা কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মই গৰ্ভৱতী…দিনটো ফুৰিলে, নিশা ল’জলৈ গ’ল! পাছত প্ৰেমিকৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 30 Sep 2025 10:27 AM

এগৰাকী কিশোৰীয়ে প্ৰাণ ল’লে নিজ প্ৰেমিকৰ। শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  কৰিছে। জানিব পৰা মতে, এটা ল’জত শুই থকা অৱস্থাত কিশোৰীগৰাকীয়ে প্ৰেমিকক ছুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে। কিশোৰীগৰাকীয়ে প্ৰেমিকৰ ডিঙিত প্ৰায় ৪-৫ বাৰ ছুৰীৰে প্ৰহাৰ কৰে। যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। নিহত লোকজনৰ নাম মহম্মদ ছাদ্দাম বুলি চিনাক্ত হৈছে। এই ঘটনা সংঘটিত হৈছে চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত।

মৃত যুৱকজন মূলতঃ বিহাৰ কিষানগঞ্জৰ বাসিন্দা বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীৰ ঘৰ বিলাসপুৰত। ইতিমধ্যে আৰক্ষীয়ে তেওঁক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।  দেওবাৰ (২৮ ছেপ্টেম্বৰ)য়ে নিশা সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, হত্যাৰ পাছত কিশোৰীগৰাকী ঘৰলৈ উভতি আহে,তেতিয়া তেওঁৰ কাপোৰত মাকে তেজৰ দাগ প্ৰত্যক্ষ কৰে। যেতিয়া মাকে কন্যাক প্ৰশ্ন কৰে তেতিয়া সকলো খুলি কয়। পৰৱৰ্তী সময়ত মাতৃয়ে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে পাছত লগে লগে ল’জত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে কিশোৰীগৰাকীৰ মোবাইল ফোন জব্দ কৰে। তদন্তৰ সময়ত পোহৰলৈ আহে যে দুয়োৰ মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। দুয়ো প্ৰায়ে লজত গৈছিল।

অন্য দিনাৰ দৰে যোৱা শনিবাৰেও তেওঁলোকে লগ কৰাৰ পৰিকল্পনা কৰে আৰু ল’জত উপস্থিত হয়। সেই নিশাই কিশোৰীগৰাকীয়ে যুৱকজনক কয় যে, তেওঁ গৰ্ভৱতী। কিন্তু এই কথা শুনাৰ লগে লগে যুৱকজনৰ খং উঠে। যুৱকজনে কয় যে, “মই এতিয়া পঢ়ি আছো। গতিকে যেতিয়ালৈকে পঢ়া শেষ নহয় তেতিয়ালৈকে একো কৰিব নোৱাৰিম”। তাৰ পাছতে যুৱকজনে কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ কয়।

এই কথাক লৈ কিশোৰীগৰাকীৰ খং  উঠে। পাছত দেওবাৰে পুৱা দুয়ো হোটেলৰ পৰা চেকআউট কৰে। কিন্তু সন্ধিয়া পুনৰ দুয়ো ঘূৰি আহি ল’জত এটা কোঠা বুক কৰে। নিশা আহাৰ খাই দুয়ো শুই যায়, কিন্তু তাৰ মাজতে সংঘটিত হয় এক ডাঙৰ কাণ্ড। যুৱকজনৰ গৰ্ভপাত কৰাৰ কথাৰ বাবে কিশোৰীগৰাকী ক্ষোভিত হৈ আছিল। যাৰ বাবে তেওঁ সেই নিশা যুৱকজনক ছুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে। এই ঘটনাৰ ফলত যুৱকজন থিতাতে নিহত হয়।

আৰক্ষীৰ জেৰাত কিশোৰীগৰাকীয়ে কয় যে, যুৱকজনে গৰ্ভপাত নকৰিলে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। যাৰ বাবে কিশোৰীগৰাকীয়ে দিনটো তেওঁৰ সৈতে ফুৰে আৰু পাছত কোঠালৈ আনি হত্যা কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ মাতৃৰ নামত কলংক! ৭ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড…