শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰেমিকা আছিল বিবাহিতা আৰু ৩ সন্তানৰ মাতৃ! ক্ষোভত প্ৰেমিকে লৈ আহিল পে’ট্ৰল আৰু পাছত এক ভয়ংকৰ কাণ্ড…

এটা ল'জৰ ভিতৰত অতি নিৰ্মমভাৱে মৃত্যুক সাৱতে এহাল প্ৰেমিক-প্ৰেমিকাই। জুই লগাৰ ফলত প্ৰেমিকৰ আৰু উশাহ-নিশাহত কষ্ট পাই প্ৰেমিকাৰ মৃত্যু হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেমিকা আছিল বিবাহিতা আৰু ৩ সন্তানৰ মাতৃ! ক্ষোভত প্ৰেমিকে লৈ আহিল পে’ট্ৰল আৰু পাছত এক ভয়ংকৰ কাণ্ড…
প্ৰেমিক-প্ৰেমিকা
Barasha Sarma
Barasha Sarma | Published: 13 Oct 2025 12:16 PM

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। হঠাতে ল’জৰ কোঠাত জুই লগাৰ ফলত এজন যুৱকৰ মৃত্যু হয়, ইফালে বাথৰুমত আৱদ্ধ হৈ থকা মহিলাই শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱতে। দুয়ো আছিল প্ৰেমিক প্ৰেমিকা। ঘটনাৰ পাছত মহিলাগৰাকীক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ৯ অক্টোবৰৰ সন্ধিয়া এই ঘটনা সংঘটিত হৈছে কৰ্ণাটক বাংগালুৰুৰ য়েলাহাংকা নিউ টাউনৰ কুল কমফৰ্ট নামৰ এটা ল’জত।

মৃত প্ৰেমিকৰ নাম ৰমেশ বুলি জানিব পৰা গৈছে। ইফালে তেওঁৰ প্ৰেমিকা বিবাহিতা আৰু ৩ সন্তানৰ মাতৃ। খবৰ অনুসৰি, এই কাৰণতেই ৰমেশ প্ৰেমিকাৰ পৰা আঁতৰি আহিছিল। কিন্তু ইয়াক লৈ প্ৰেমিকাই ৰমেশৰ সৈতে কাজিয়া কৰিছিল। সেই বিবাদ নিষ্পত্তি কৰিবলৈ দুয়ো এখন ল’জলৈ যায়। য’ত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ঘটনাৰ দিনা পুৱা দুয়োৰে মাজত কাজিয়া হৈছিল। তাৰ পাছত দুুপৰীয়া ৰমেশ ওলাই গৈ পে’ট্ৰল ভৰ্তি এটা বটল হৈ আছে। তাৰ পাছত দুয়োৰে মাজত পুনৰ কাজিয়া লাগে। এই কাজিয়াৰ পৰিণতিতে ৰমেশে প্ৰেমিকাক ভয় খুৱাবলৈ শৰীৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে।

জুই লগা দেখি প্ৰেমিকাই নিজৰ ৰক্ষা কৰিবলৈ বাথৰুমত সোমাই দুৱাৰ বন্ধ কৰি ৰাখে। সেই সময়তে প্ৰেমিকাই তেওঁ কাম কৰা স্পাৰ মালিকক ফোন কৰি ঘটনাৰ বিষয়ে জনায়। যেতিয়া সকলোৱে ল’জৰ পৰা ধোঁৱা ওলাই থকা দেখে তেতিয়া লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰে যদিও তেতিয়ালৈকে প্ৰেমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয়, ইফালে প্ৰেমিকাই বাথৰুমত শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে।

এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে, দুয়ো এসপ্তাহ ধৰি সেই কোঠাটোতে আছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ যুৱতীৰ সৈতে জঘন্য কাণ্ড! মমতা বেনাৰ্জীয়ে ক’লে, মহিলাসকল নিশা বাহিৰলৈ ওলাব নালাগে আৰু…