৫০ বছৰীয়া বাল্মিকীৰ সৈতে অবৈধ প্ৰেম মহিলাৰ! প্ৰথমে গৰ্ভৱতী, তাৰ পিছতে বন্ধুৰ সৈতে …
মৃতকৰ পিতৃয়ে জনোৱা মতে, এই সময়ছোৱাত তেওঁৰ কন্যা গাঁৱৰ এজন ৫০ বছৰীয়া লোকৰ সৈতে ঘনিষ্ঠ হৈ পৰে। লোকজনৰ নাম ৰামবাবু বাল্মিকী। দুয়োৰে অবৈধ সম্পৰ্কও আছিল। চাৰি মাহ পূৰ্বে মহিলাগৰাকী গৰ্ভৱতী হৈছিল।

উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে এক নৃশংসতাৰ ঘটনা। য’ত বন্ধুৰ সৈতে লগ লাগি এজন ব্যক্তিয়ে এগৰাকী মানসিকভাৱে অসুস্থ মহিলাক ধৰ্ষণ কৰিলে । বন্ধুৰ সৈতে মহিলাগৰাকীক ধৰ্ষণ কৰা ব্যক্তিজন মহিলাগৰাকীৰ প্ৰেমিক। বন্ধুৰ সৈতে তেওঁ পথাৰত মহিলাগৰাকীক নিৰ্মমভাৱে ধৰ্ষণ কৰে। কেৱল এয়াই নহয়, ধৰ্ষণৰ পিছত মহিলাগৰাকীক গৰ্ভনিৰোধক ঔষধ খুৱাইছিল। ইয়াৰ পিছতে চিকিৎসাৰ সময়ত চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ।
এই সমগ্ৰ ঘটনা উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ কুকৰা অঞ্চলৰ। বুধবাৰে এল এল আৰ হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ। মহিলাগৰাকীৰ মৃত্যুৰ পিছতে ক্ষুব্ধ হৈ পৰে গাঁওবাসী। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্তত লিপ্ত হয় আৰু মহিলাগৰাকীৰ প্ৰেমিক আৰু তেওঁৰ বন্ধুক গ্ৰেপ্তাৰ কৰা হয়। মৃত মহিলাগৰাকীৰ পিতৃয়ে জনোৱা মতে, শহুৰেকৰ ঘৰত বিবাদৰ সৃষ্টি হোৱাৰ বাবে তেওঁৰ কন্যাই দুবছৰ ধৰি মাতৃগৃহত বাস কৰি আছিল।
প্ৰেমিকৰ সৈতে অবৈধ সম্পৰ্ক
মৃতকৰ পিতৃয়ে জনোৱা মতে, এই সময়ছোৱাত তেওঁৰ কন্যা গাঁৱৰ এজন ৫০ বছৰীয়া লোকৰ সৈতে ঘনিষ্ঠ হৈ পৰে। লোকজনৰ নাম ৰামবাবু বাল্মিকী। দুয়োৰে অবৈধ সম্পৰ্কও আছিল। চাৰি মাহ পূৰ্বে মহিলাগৰাকী গৰ্ভৱতী হৈছিল। ইয়াৰ পিছত ৰামবাবুৱে তেওঁক লগ কৰা বন্ধ কৰি দিলে। পৰিয়ালৰ লোকে তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে ৰামবাবুৱে তেওঁলোকক গালি-গালাজ কৰি খেদি পঠিয়াই দিয়ে।
দেওবাৰে সন্ধিয়া ৰামবাবু আৰু তেওঁৰ বন্ধুৱে গৰ্ভৱতী মহিলাগৰাকীক পথাৰলৈ লৈ গৈ ধৰ্ষণ কৰে। ইয়াৰ পিছত তেওঁলোকে মহিলাগৰাকীক বলপূৰ্বকভাৱে গৰ্ভনিৰোধক ঔষধ খুৱাইছিল, যাৰ বাবে মহিলাগৰাকীৰ অৱস্থাৰ অৱনতি ঘটে। তাৰ পিছত মহিলাগৰাকীয়ে নিজে এই জঘন্য ঘটনাটো বিষয়ে পৰিয়ালক ক’লে। সোমবাৰে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃয়ে তেওঁৰ সৈতে থানাত উপস্থিত হৈ ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰে। বৰ্তমান অভিযুক্তসকল আৰক্ষীৰ জিম্মাত ৰাখি সোধ-পোধা কৰি থকা হৈছে।
লগতে পঢ়ক: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল দেশ! আৰক্ষীৰ জালত ৫ সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী…