শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাৰ ভাবুকিঃ দিল্লীত জৰুৰী অৱতৰণ

পুনৰ বোমাৰ ভাবুকি লাভ কৰিছে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে। মুম্বাইৰ পৰা নিউয়ৰ্কলৈ ৰাওনা হৈছিল এই বিমানখন। বোমাৰ ভাবুকি পোৱাৰ পিছতে পাইলটে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰায়।

মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাৰ ভাবুকিঃ দিল্লীত জৰুৰী অৱতৰণ
এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাৰ ভাবুকি
Monjit Dutta
Monjit Dutta | Published: 14 Oct 2024 11:52 AM

দেশত বিগত কিছুদিনত ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকিৰ খবৰ। অচিনাক্ত দুৰ্বৃত্তই মেইল বা ফোনকল যোগে দেশৰ বহু স্থানত এইদৰে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ ভাবুকি দি আহিছে। বিমান বন্দৰ, বিমান, বিদ্যালয়, চিকিৎসালয় সকলোতে এনে ভাবুকিৰ খবৰে জোকাৰি গৈছে। প্ৰতিবাৰেই এনে ভাবুকি ভুৱা বুলি প্ৰমাণিত হৈ আহিছে যদিও এই ভাবুকিয়ে স্বাভাৱিকতেই মুহূৰ্তৰ ভিতৰতে আতংকৰ সৃষ্টি কৰে। আজি পুৱা পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানে এইদৰে বোমাৰ ভাবুকি লাভ কৰিছে।

ভাবুকি লাভ কৰা বিমানখন মুম্বাইৰ পৰা নিউয়ৰ্কলৈ ৰাওনা হৈছিল। বোমাৰ ভাবুকি পোৱাৰ পিছতে পাইলটে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰায়। এনে ভাবুকিৰ ফলত নিৰাপত্তাজনিত কাৰণত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ উৰণৰ দিশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দিল্লীলৈ সলনি কৰা হয়। এই খবৰ নিশ্চিত কৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই।

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিমানখন বৰ্তমান বিমানবন্দৰত আছে আৰু বিমানখনত থকা যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো নিৰাপত্তা প্ৰট’কল সম্পূৰ্ণৰূপে পালন কৰা হৈছে। আৰক্ষীয়ে লগতে এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰি যিকোনো তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত বিতং তথ্য পিছত প্ৰকাশ কৰা হ’ব বুলি আৰক্ষীয়ে লগতে কয়।

ফ্লাইট ট্ৰেকিং এপ FlightRadar24 ৰ তথ্য মতে, মুম্বাইৰ পৰা নিউয়ৰ্কৰ জে এফ কে বিমানবন্দৰলৈ ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। পুৱতি নিশা প্ৰায় ২ বজাত এই AI119 বিমানখন মুম্বাইৰ পৰা উৰা মাৰিছিল। কিন্তু বোমাৰ ভাবুকি লাভ কৰাৰ বাবে তাৰ কিছু সময়ৰ পিছতে দিল্লী অভিমুখে যাত্ৰাপথ সলনি কৰিবলগীয়া হৈছিল। এয়াৰ ইণ্ডিয়ায়ো ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি যাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

বিবৃতিটোত সংস্থাটোৱে কয় যে মুম্বাইৰ পৰা নিউয়ৰ্কৰ জে এফ কেলৈ ৰাওনা হোৱা AI119 বিমানখনে বিশেষ নিৰাপত্তা সতৰ্কবাণী লাভ কৰাৰ পিছত চৰকাৰৰ নিৰাপত্তা নিয়ন্ত্ৰণ সমিতিৰ নিৰ্দেশ অনুসাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হয়। আটাইকেইজন যাত্ৰী সম্প্ৰতি দিল্লী বিমানবন্দৰৰ টাৰ্মিনেলত আছে বুলি উল্লেখ কৰে এয়াৰ ইণ্ডিয়াই।

এই অভাৱনীয় পৰিস্থিতিৰ ফলত যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৰ কৰ্মচাৰীসকলে সম্পূৰ্ণ চেষ্টা চলাইছে বুলি উল্লেখ কৰে। এয়াৰ ইণ্ডিয়াই লগতে নিজৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি দায়বদ্ধ আৰু এই দিশটোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে বুলিও নিজ বিবৃতিত দোহাৰে।

উল্লেখ্য যে যোৱা মাহত মুম্বাইৰ পৰা ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে বোমাৰ ভাবুকি লাভ কৰিছিল। এই ভাবুকিৰ পিছতে তিৰুৱনন্তপুৰম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰা হৈছিল বিমানখনৰ। বিমানখনৰ ৱাশ্বৰুমত উদ্ধাৰ হৈছিল বিমানখনত বোমা থকা বুলি টিছু পেপাৰত লিখি থোৱা এটা টোকা। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে বিমানখন তিৰুৱনন্তপুৰম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰা হৈছিল।