শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যোৱা ১০ বছৰত বিদেশী একাউণ্টৰ পৰা ঘূৰি আহিল নে ক’লা ধন ? সংসদত কি উত্তৰ দিলে চৰকাৰে ?

সংসদত উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খানে ছুইজাৰলেণ্ডৰ বেংকত জমা হোৱা ভাৰতীয় সম্পত্তি তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে নেকি বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ লিখিত উত্তৰত বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে কয় যে, বিগত ১০ বছৰত ক’লা ধনৰ সৈতে জড়িত গোচৰত ৩৩৮ কোটি টকা আদায় কৰা হৈছে।

যোৱা ১০ বছৰত বিদেশী একাউণ্টৰ পৰা ঘূৰি আহিল নে ক’লা ধন ? সংসদত কি উত্তৰ দিলে চৰকাৰে ?
যোৱা ১০ বছৰত ক'লা ধন কি হ'ল ?
manas-borah
Manas Borah | Published: 23 Jul 2025 17:32 PM

ভাৰতৰ ক’লা ধনৰ বিষয়টোৱে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। চলিত বৰ্ষাকালীন অধিৱেশনতো উত্থাপন হয় এই বিষয়টো। সংসদত উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খানে ছুইজাৰলেণ্ডৰ বেংকত জমা হোৱা ভাৰতীয় সম্পত্তি তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে নেকি বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ লিখিত উত্তৰত বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে কয় যে, বিগত ১০ বছৰত ক’লা ধনৰ সৈতে জড়িত গোচৰত ৩৩৮ কোটি টকা আদায় কৰা হৈছে।

সাংসদ জাভেদ আলী খানে ৰাজ্যসভাত ক’লা ধনৰ সৈতে জড়িত কেইবাটাও প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে, ছুইছ নেশ্যনেল বেংকৰ তথ্য অনুসৰি, ২০২৪ চনত ছুইছ বেংকত জমা হোৱা ভাৰতীয় ধন ৩ গুণতকৈ অধিক বৃদ্ধি পাই ৩.৫ বিলিয়ন ছুইছ ফ্ৰাংক হৈছে অৰ্থাৎ প্ৰায় ৩৭,৬০০ কোটি টকা। ইয়াৰ সমান্তৰালভাৱে এইটোও সোধা হৈছিল যে, ২০২২, ২০২৩, ২০২৪ আৰু ২০২৫ চনৰ ভিতৰত এতিয়ালৈকে বিদেশী একাউণ্টৰ পৰা ঘূৰাই অনা ক’লা ধনৰ বছৰভিত্তিক আৰু দেশভিত্তিক সবিশেষ কি?

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি চৰকাৰে স্বীকাৰ কৰে যে, ছুইছ নেচনেল বেংকৰ তথ্যৰ ভিত্তিত কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, যোৱা বছৰৰ তুলনাত ২০২৪ চনত ভাৰতীয়সকলে ছুইছ বেংকত জমা কৰা ধনৰাশি বৃদ্ধি পাইছে।

সংবাদ মাধ্যমৰ প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে, ছুইজাৰলেণ্ডৰ কৰ্তৃপক্ষৰ মতে, এছ এন বিৰ তথ্যত অন্যান্য বিষয়ৰ লগতে গ্ৰাহকৰ জমা ধন (যিকোনো দেশত অৱস্থিত ছুইজাৰলেণ্ডৰ বেংকৰ বিদেশী শাখাকে ধৰি), অন্যান্য লায়েবিলিটিছৰ লগতে বেংকক প্ৰদান কৰিবলগীয়া ধনৰাশিও অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াত আৰু কোৱা হৈছে য, ছুইজাৰলেণ্ডে ২০১৮ চনৰ পৰা স্বয়ংক্ৰিয় তথ্য বিনিময় (AEOI) কাঠামোৰ অধীনত ভাৰতীয় লোকসকলৰ বিষয়ে বাৰ্ষিক বিত্তীয় তথ্য প্ৰদান কৰি আহিছে। ভাৰতীয় কৰ্তৃপক্ষলৈ প্ৰথম তথ্য প্ৰেৰণ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত হৈছিল, আৰু তেতিয়াৰ পৰাই ই অব্যাহত আছে। ইয়াৰ উপৰিও ভাৰতে ১০০ৰো অধিক বিদেশী কৰ ন্যায়িক অধিকাৰক্ষেত্ৰৰ পৰা বিদেশী সম্পত্তি আৰু আয়ৰ বিষয়ে তথ্য লাভ কৰে।

চৰকাৰৰ মতে যেতিয়াই কোনো কৰ ফাঁকিৰ গোচৰ ধৰা পৰে তেতিয়াই প্ৰত্যক্ষ কৰ আইন অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়, য’ত অনুসন্ধান, জৰীপ, তদন্ত, আয়ৰ মূল্যায়ন, কৰ, শাস্তি আদি আৰোপ কৰা আৰু য’তেই প্ৰযোজ্য হয় তাতেই অপৰাধমূলক আদালতত বিচাৰৰ বাবে অভিযোগ দাখিল কৰা হয়।

চৰকাৰে জনোৱা মতে, ২০১৫ চনৰ ১ জুলাইত BMA কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ২০১৫ চনৰ ১ জুলাইৰ পৰা ২০১৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তিনিমাহৰ এককালীন কম্প্লাইয়েন্স পিৰিয়ডত বিএমএৰ অধীনত ৪১৬৪ কোটি টকাৰ অপ্ৰকাশিত বিদেশী সম্পত্তিৰ সৈতে জড়িত ৬৮৪ টা গোচৰ পোহৰলৈ আহে । এই গোচৰসমূহত কৰ আৰু জৰিমনা হিচাপে জমা কৰা ধনৰাশি আছিল প্ৰায় ২৪৭৬ কোটি টকা।

ইয়াৰ উপৰিও ৩১ মাৰ্চলৈকে ক’লা ধন (অপ্ৰকাশিত বিদেশী আয় আৰু সম্পত্তি) আৰু কৰ আৰোপ আইন ২০১৫ (Black Money (Undisclosed Foreign Income and Assets) and Imposition of Tax Act 2015, BMA)ৰ অধীনত ১০২১টা মূল্যায়ন কৰা হৈছিল আৰু সম্পূৰ্ণ হৈছে। মুঠ ১৬৩টা বিচাৰ বিভাগৰ অভিযোগো দাখিল কৰা হৈছে আৰু মুঠ ৩৫,১০৫ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছে।

বিশেষ কথাটো হ’ল, ২০১৫ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈ ক’লা ধন (অঘোষিত বিদেশী আয় আৰু সম্পত্তি) আৰু কৰ আৰোপ আইন, ২০১৫ অৰ্থাৎ বিএমএৰ অধীনত কৰ, জৰিমনা আৰু সুতৰ লগতে ৩৩৮ কোটি টকা আদায় কৰা হৈছে।