শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহাকুম্ভত মহা অথন্তৰ! ৰাইজে ক’লে আগতে কেতিয়াও হোৱা নাই…

মহাকুম্ভলৈ যোৱা লোকসকল সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পথত যান-জঁটৰ বাবে বিচলিত হৈ পৰিছে ৰাইজ। ইফালে জামত আবদ্ধ হৈ থকা ৰাইজলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে বিজেপিয়ে।

মহাকুম্ভত মহা অথন্তৰ! ৰাইজে ক’লে আগতে কেতিয়াও হোৱা নাই…
মহাকুম্ভলৈ যোৱা পথত তীব্ৰ যান-জঁট
Trishna Kalita
Trishna Kalita | Published: 10 Feb 2025 20:11 PM

বাহনৰ দীঘলীয়া শাৰী, ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা… মহাকুম্ভ নগৰৰ আশে-পাশে থকা অঞ্চলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ বাবে এইটো এটা সাধাৰণ কথা হৈ পৰিছে। যোৱা কেইদিনমানৰ পৰা মহাকুম্ভ নগৰলৈ যোৱা পথত সৃষ্টি হৈছে তীব্ৰ যান-জঁট। ইয়াকে লৈ শাসক-বিৰোধীৰ মাজত হৈছে বাক-বিতণ্ডা। এই ক্ষেত্ৰত নিজ নিজ কৰ্মীসকলক ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছে ৰাজনৈতিক দলসমূহে। ইয়াৰ মাজতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে অৱহেলাৰ অভিযোগ। তেওঁ কয়, সকলো মানুহ বিচলিত, অস্থিৰ তথা চিন্তিত হৈ পৰিছে। কিন্তু ইয়াত কোনো দায়িত্বশীল মন্ত্ৰী বা ব্যক্তি দেখা পোৱা নাই। ইফালে মেলা পথত কেইবা কিলোমিটাৰ যান-জঁটৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক মন্ত্ৰী বি এল সন্তোষে জামত আবদ্ধ হৈ থকা লোকসকলক খাদ্য আৰু পানী যোগান ধৰাৰ কথা উল্লেখ কৰে।

এক্সত তেওঁ নিজৰ দলীয় কৰ্মীসকললৈ লিখিছে, ‘দলৰ সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত শ্ৰমিকসকলে পথত যান-বাহন ব্যৱস্থাপনাত প্ৰশাসনক সহায় কৰক। কুম্ভ তীৰ্থযাত্ৰীসকলক খাদ্য আৰু চিকিৎসা সম্পৰ্কীয় সামগ্ৰী যোগান ধৰিব লাগে।’

দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক সংগঠন ধৰ্মপালে যান-জঁটত আৱদ্ধ ভক্তসকলক খাদ্য, পানী আদিৰ দৰে সাহায্য প্ৰদান কৰিবলৈ তেওঁৰ কৰ্মীসকলক নিৰ্দেশ দিয়ে। প্ৰায় ১০ খন জিলাৰ জিলা মুৰব্বী আৰু নেতালৈ দলীয় কাৰ্যালয়ৰ পৰা নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। যাতে আৱদ্ধ যাত্ৰীসকলে তাৎক্ষণিকভাৱে সহায় লাভ কৰিব পাৰে। এই সন্দৰ্ভত প্ৰতাপগড়, ৰায়বৰেলী, আমেথি, ভাদোহী, মিৰ্জাপুৰ, অযোধ্যা, আম্বেদকাৰ নগৰ, মিৰ্জাপুৰ, চিত্ৰকূট আদি জিলাসমূহৰ সভাপতিলৈও জাৰি কৰা হৈছে নিৰ্দেশনা।

মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি ভি ডি শৰ্মাই নিজৰ নিজৰ অঞ্চলৰ মাজেৰে যোৱা মহাকুম্ভলৈ যোৱা ভক্তসকলক  সহায় সহযোগিতা আগবঢ়াবলৈ কৰ্মীসকলক আহ্বান জনাইছে। তেওঁ কয়, “আপোনাৰ অঞ্চলৰ মাজেৰে মহাকুম্ভলৈ যোৱা ভক্তসকলক সহায় কৰিবলৈ সকলো কৰ্মীক অনুৰোধ জনোৱা হ’ল। প্ৰয়োজন হ’লে তেওঁলোকৰ খাদ্য আৰু থকাৰ ব্যৱস্থা কৰক। ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ যত্ন লওক।”

যান-জঁটত আবদ্ধ বাহন

ইফালে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে প্ৰয়াগৰাজৰ বিশাল যান-জঁটৰ বাবে ইউ পি চৰকাৰক সমালোচনা কৰি কয় যে, ইয়াৰ ফলত মহা কুম্ভ মেলালৈ অহা ভক্তসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। অখিলেশ যাদৱে টুইটাৰ যোগে কয় যে, প্ৰয়াগৰাজত যান-জঁটৰ বাবে খাদ্য, মছলা, ঔষধ, পেট্ৰল-ডিজেল আদি উপলব্ধ নহয়। ইয়াৰ বাবেই প্ৰয়াগৰাজ, মহাকুম্ভ কমপ্লেক্স আৰু প্ৰয়াগৰাজলৈ অহা-যোৱা কৰা পথত আবদ্ধ হৈ থকা কোটি কোটি ভোকাতুৰ, পিয়াহ আৰু ভাগৰুৱা ভক্তৰ অৱস্থা প্ৰতি ঘণ্টাত অধিক বেয়া হৈ গৈ আছে। এয়া অতি গুৰুতৰ পৰিস্থিতি।

তেওঁ কয় যে, যিদৰে ৰাজ্যসমূহৰ সাংবিধানিক ব্যৱস্থা বিফল হ’লে আন কাৰোবাক শাসনভাৰ দিয়া হয়, একেদৰেই মহা কুম্ভত বিশৃংখলতা দেখি যোগ্য ব্যক্তিক দায়িত্ব দিয়া উচিত। অযোগ্য মানুহে ভুৱা অপপ্ৰচাৰ চলাব পাৰে, প্ৰকৃত ব্যৱস্থা নহয়।

লগতে তেওঁ দাবী কৰে যে ভক্তসকলৰ ম’বাইলৰ বেটাৰী শেয হৈছে, যাৰ বাবে তেওঁলোকৰ আপোনজনৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই। যোগাযোগ আৰু তথ্যৰ অভাৱত ৰাইজৰ মাজত বৃদ্ধি পাইছে অস্থিৰতা। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অহা নাই কোনো দায়িত্বশীল মন্ত্ৰী বা ব্যক্তি। তেওঁ কয়, ইয়াৰ বাবে কেৱল মুখ্যমন্ত্ৰীয়েই সম্পূৰ্ণ ব্যৰ্থ হৈছে। নিৰুদ্দেশ হৈ আছে উপ-মুখ্যমন্ত্ৰীৰ লগতে প্ৰয়াগৰাজৰ সৈতে জড়িত বহু পৰিচিত মন্ত্ৰীও । যিসকলে আজি জনসাধাৰণৰ মাজত থাকিব লাগিছিল তেওঁলোক ঘৰতে বহি আছে।

তেওঁ কয় ভোকা-পিয়াহত থকা জোৱান, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বা চাফাইকৰ্মীৰ লগতে দিনে নিশাই নিষ্ঠাৰে কাম কৰি থকাসকল বাবে খাদ্য-পানীৰ কোনো দৃশ্যমান ব্যৱস্থা নাই। বিষয়াসকলে কোঠাবোৰত বহি আদেশ দি আছে যদিও মাটিলৈ নামি অহা নাই।

ইয়াৰ উপৰিও যাদৱে কয়, প্ৰয়াগৰাজবাসীয়ে লেতেৰা, যান-জঁট আৰু মুদ্ৰাস্ফীতিৰ বাহিৰে একো পোৱা নাই। শুনা গৈছে যে এতিয়া বিজেপিয়ে ভক্তক দোষাৰোপ কৰিছে যে তেওঁলোকে জানে যে ইয়াত সকলোতে বেয়া ব্যৱস্থা চলি আছে, তাৰ পিছতো ভক্তসকল কিয় আহিছে? কোনোবাই ৰাজ্যত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা লোকক তেনেকৈয়ে এৰি আন এখন ৰাজ্যৰ অনুষ্ঠানত অংশ লৈছে , কোনোবাই বহিঃৰাজ্যলৈ গৈছে, ভক্তসকলৰ অৱস্থাৰ খবৰ ল’বলৈ কোনোবা আছে নেকি?

কিমান লোকে স্নান কৰিলে?

মেলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি ১৩ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ৪৩.৫৭ কোটিৰো অধিক ভক্তই সংগমত স্নান কৰি:s। এডিচিপি (ট্ৰেফিক) কুলদীপ সিঙে কয়, ‘বাহনৰ সংখ্যা অতি বেছি হৈছে। যাত্ৰীসকলেও যিমান পাৰে ওচৰলৈ আহিবলৈ চেষ্টা কৰিছে। ইয়াৰ বাবেই সৃষ্টি হৈছে দীঘলীয়া যান-জঁটৰ। আমি এতিয়া মৌনী অমৱস্যাৰ দৰে ব্যৱস্থা ৰূপায়ণ কৰিব লগা হৈছে। মৌনী আমাৱস্যাৰ সময়ত যি ভিৰ আহিছিল প্ৰায় সেই একেই ভিৰ এতিয়াও আছে।”

 ভৰি পৰিছে ঘাইপথ, ভৰিছে চহৰ

Mahakumbh Jam Pic

তেওঁ লগতে কয় যে মৌনী আমাৱস্যাত প্ৰথমে মেলা এলেকাৰ ওচৰৰ পাৰ্কিং ভৰোৱাহৈছিল আৰু তাৰ পিছত দূৰৈৰ পাৰ্কিং ভৰোৱা হৈছিল। এডিচিপি (ট্ৰেফিকে) কয়, ‘ এতিয়া দূৰৈৰ পাৰ্কিং ৫০ শতাংশ ভৰ্তি হৈছে। ওচৰৰ পাৰ্কিং এলেকা সৰু, আনহাতে দূৰৰ পাৰ্কিং এলেকা ডাঙৰ। উদাহৰণস্বৰূপে আই ই আৰ টি আৰু বাঘাদা পাৰ্কিং (মেলা এলেকাৰ ওচৰত)ত চাৰিৰ পৰা পাঁচ হাজাৰ বাহন ৰখাব পৰা ক্ষমতা আছে। আনহাতে দূৰৈৰ পাৰ্কিং যেনে নেহৰু পাৰ্ক আৰু বেলা কাছাৰ পাৰ্কিংত ২০-২৫ হাজাৰ বাহন ৰখাব পৰা যায়।

তেওঁ কয় যে স্নান পৰ্ব স্থানীয় লোকৰ বাহন চলাচল নকৰে। কিন্তু এতিয়া সকলো ধৰণৰ বাহন চলাচল কৰা হৈছে। তেওঁ কয় যে আগন্তুক কিছুদিনলৈ ভক্তৰ ভিৰ কম হোৱাৰ কোনো সম্ভাৱনা নাই।