ভাৰত বিৰোধী শক্তিক একত্ৰিত কৰাৰ বাবে বিদেশলৈ যায় ৰাহুল গান্ধী! বিজেপিয়ে তুলিলে গুৰুতৰ অভিযোগ
ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে দেশত অৰাজকতা সৃষ্টিৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলাৰ লগতে আনকি ভাৰতৰ বিৰোধী চক্ৰসমূহক একলগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী সম্প্ৰতি জাৰ্মানী ভ্ৰমণৰত। শেহতীয়াকৈ ৰাহুল গান্ধী্যে জাৰ্মানীৰ বাৰ্লিন চহৰত এক অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানৰ পৰাই কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ শাসকীয় বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লয়। ৰাহুল গান্ধীয়ে নিজ বক্তব্যত বিজেপি চৰকাৰে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নমাই অনা বুলিও অভিযোগ কৰিছিল। বিৰোধী নেতাগৰাকীৰ এই মন্তব্যৰ পিছত এতিয়া প্ৰত্যাক্ৰমণ চলাইছে বিজেপিয়ে।
ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে দেশত অৰাজকতা সৃষ্টিৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলাৰ লগতে আনকি ভাৰতৰ বিৰোধী চক্ৰসমূহক একলগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে নিজা এক্স হেণ্ডেল যোগে কংগ্ৰেছ নেতাগৰাকীক এইদৰে আক্ৰমণ কৰিছে।
বিজেপিৰ গুৰুতৰ অভিযোগ
প্ৰদীপ ভাণ্ডাৰীৰ অভিযোগ, ৰাহুল গান্ধী আৰু কংগ্ৰেছে ভাৰতীয় গণতন্ত্ৰত বিশৃংখলতা আৰু অস্থিৰতা সৃষ্টি কৰিব বিচাৰে। নিজা এক্স পোষ্টত তেওঁ ৰাহুল গান্ধী আৰু কংগ্ৰেছে ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি এতিয়া অৰাজকতাৰ ভাবুকি দিয়া বুলি অভিযোগ কৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে এক্স পোষ্টত কয়, “জৰ্জ ছোৰ’ছক আদৰ্শগত পৃষ্ঠপোষক হিচাপে লৈ ৰাহুল গান্ধীৰ কংগ্ৰেছে ভাৰতীয় গণতন্ত্ৰত বিশৃংখলতা আৰু অস্থিৰতা সৃষ্টি কৰিব বিচাৰে। ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ এনে ভাৰত-বিৰোধী শক্তিসমূহক একত্ৰিত কৰাৰ চেষ্টা কৰে।”
Rahul Gandhi says-” We think people will fight with each other, we think India will fail”
Can a man who loves Bharat want India to fail?
Rahul Gandhi in Germany says he thinks:
– People will fight each other
-India will fail
– Unrest will happenFrom Fighting Indian state,… pic.twitter.com/1Fg6n2pgNT
— Pradeep Bhandari(प्रदीप भंडारी)🇮🇳 (@pradip103) December 23, 2025
কংগ্ৰেছে ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতৰ প্ৰগতিক ঘৃণা কৰে বুলিও প্ৰদীপ ভাণ্ডাৰীয়ে দাবী কৰে। ইফালে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শোভা কাৰন্দলাজেও ৰাহুল গান্ধীৰ ওপৰত মৌখিক আক্ৰমণ চলাইছে। ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ দেশৰ বিৰুদ্ধে কথা কয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীৰ দাবী, “ৰাহুল গান্ধী বিৰোধী দলৰ নেতা নহয়, তেওঁ এজন ভাৰত-বিৰোধী নেতা।”
কি কৈছিল ৰাহুল গান্ধীয়ে?
উল্লেখ্য যে বাৰ্লিনৰ এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে বিজেপিয়ে দেশৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ নিজৰ দখললৈ আনিছে বুলি অভিযোগ উত্থাপন কৰিছিল। এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ আখ্যা দি তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে তদন্ত সংস্থাসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু ব্যৱসায়ীৰ সৈতে এক ধৰণৰ লেনদেন চলাইছে বুলিও অভিযোগ কৰিছিল।