শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: বাক্সাৰ উত্তেজনাৰ পৰা পাক-আফগানৰ যুদ্ধবিৰতিলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: বাক্সাৰ উত্তেজনাৰ পৰা পাক-আফগানৰ যুদ্ধবিৰতিলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 16 Oct 2025 07:21 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বাক্সাত জাৰি কৰা হৈছে বি এন এছ এছৰ ১৬৩ ধাৰা। জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত বাক্সাৰ কাৰাগাৰলৈ গৈ পোৱাৰ পাছতে উত্তেজিত হৈ পৰে জনতাই। ইয়াৰ অধীনত কাৰাগাৰৰ ৫০০ মিটাৰৰ আশে পাশে ৫ বা তাতকৈ বেছি মানুহ সমবেত হ’ব নোৱাৰিব। লগত জলন্ত সামগ্ৰী বা পদাৰ্থ,অস্ত্ৰ আদি ৰাখিব নোৱাৰিব। শেহতীয়াকৈ জিলাখনত সাময়িকভাৱে কৰ্টন কৰা হৈছে ইণ্টাৰনেট সেৱা। বৰ্তমান নিয়ন্ত্ৰত আছে পৰিস্থিতি।
  2. সুস্থ আছে বাক্সাত আৰক্ষীৰ গুলীত আহত হোৱা দীপক মেধী নামৰ যুৱকজন। বুধবাৰে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দীপক। লগে লগে তেওঁক চাংসাৰী AIIMS ত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ অপ্ৰাণ চেষ্টা আৰু সফল অস্ত্ৰোপচাৰৰ পাছত সংকটমুক্ত হয় দীপক মেধী।
  3. বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত এলিচ চেঙক। নতুন দিল্লীত চেঙৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰ চৰকাৰৰ সহায় বিচাৰে। শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চায়ুক্তগৰাকীয়ে সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।
  4. CIDৰ কার্যালয়ত হাজিৰ হয়  ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ।তেওঁ কয়,  ‘আমি SITক পূর্ণ সহযোগ কৰি আছোঁ আৰু কৰি যাম। আমাক ছিংগাপুৰৰ আৰক্ষীয়ে আহিবলৈ দিয়া নাছিল। ছিংগাপুৰ আৰক্ষীয়েও তদন্ত কৰি আছে।’  জুবিনৰ মৃত্যু দিনা ছিংগাপুৰৰ য়ট পাৰ্টিত অংশ লৈছিল অভিমন্যুই।
  5. জনজাতিকৰণৰ দাবীত অব্যাহত প্ৰতিবাদী কাৰ্যসূচী। চৰাইদেউৰ মাহমৰাত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল। ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত প্ৰতিবাদ। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰো দাবী।
  6. প্ৰায় নিশ্চিত হৈ পৰিছে ভাৰতে আয়োজন কৰিব ২০৩০ চনৰ কমনৱেলথ গেমছ।  আহমেদাবাদক স্থান হিচাপে বাছনি কৰিছে কমনৱেলথ গেমছ ফেডাৰেচনৰ কাৰ্যবাহী ব’ৰ্ডে। ব’ৰ্ডে এই প্ৰস্তাৱ পৰৱৰ্তী সাধাৰণ পৰিষদলৈ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰে। ২৬ নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
  7. ৪৮ ঘণ্টীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে পাকিস্তান আৰু আফগানিস্তানে । পাকিস্তানে বুধবাৰে আফগানিস্তানৰ কাবুল আৰু কান্দাহাৰত আক্ৰমণ চলায়। স্পিন বোল্ডক-চামান সীমান্ততো দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আফগান নিৰাপত্তা বাহিনী আৰু তালিবানৰ যোদ্ধাক হত্যা কৰা বুলি দাবী কৰে পাকিস্তানে।

লগতে পঢ়ক: এইসকলে পাব চাকৰিত পদোন্নতি! কি আছে আপোনাৰ ভাগ্যত? চাওক বৃহস্পতিবাৰৰ ৰাশিফল