5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিদৰে আগবাঢ়িছে বিজেপিৰ সদস্য ভৰ্তি অভিযান? সফল হৈছেনে অসমত! তথ্যই কি কয়…

লোকসভা নির্বাচনত আশাব্যঞ্জক ফলাফল লাভ কৰাত বিফল হোৱাৰ পিছতে বিজেপিয়ে দলৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছে। এই সদস্যপদৰ প্ৰচাৰৰ অধীনত নতুনকৈ ১০ কোটি সদস্যভৰ্তিৰ লক্ষ্য লৈছে দলটোৱে। সেই অনুসাৰে বিজেপিয়ে দলৰ ৰাজ্যিক গোটসমূহক নিৰ্দিষ্টি সদস্যভৰ্তিৰ লক্ষ্য বান্ধি দিছে।

কিদৰে আগবাঢ়িছে বিজেপিৰ সদস্য ভৰ্তি অভিযান? সফল হৈছেনে অসমত! তথ্যই কি কয়…
বিজেপিৰ সদস্য ভৰ্তি অভিযান
monjit-dutta
Monjit Dutta | Published: 27 Sep 2024 16:22 PM

শেহতীয়া লোকসভা নির্বাচনত আশাব্যঞ্জক ফলাফল লাভত বিফল হৈছিল বিজেপি। সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনেৰে এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলেও দলটোৱে এককভাৱে লাভ কৰা আসনৰ সংখ্যা হ্ৰাস পাইছিল। ইয়াৰ পাছতে দেশৰ ৰাজনীতিত দলৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে সদস্যপদৰ প্রচাৰ চলাইছে বিজেপিয়ে ৷ ইতিমধ্যেই ১৮ কোটি সদস্য থকা বিজেপিয়ে সদস্যপদৰ প্ৰচাৰৰ অধীনত নতুনকৈ ১০ কোটি সদস্যভৰ্তিৰ লক্ষ্য লৈছে। এই লক্ষ্য পূৰণৰ বাবে দলটোৰ কেন্দ্ৰীয় সমিতিয়ে সকলো পুৰণি সদস্যক সংযোগ কৰি নতুন সদস্য ভৰ্তি কৰিবলৈ ৰাজ্যিক ইউনিটসমূহক লক্ষ্য বান্ধি দিছে।

এই পৰ্যন্ত পোহৰলৈ অহা তথ্য অনুসৰি, কেন্দ্ৰীয় সমিতিয়ে বান্ধি দিয়া লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসম আৰু মধ্যপ্ৰদেশৰ দৰে ৰাজ্যই তড়িৎ গতিত আগবাঢ়িছে। আনহাতে ৰাজস্থান আৰু বিহাৰৰ দৰে ৰাজ্যত এইক্ষেত্ৰত দলটোৱে বিশেষ সফলতা লাভ কৰি পৰা নাই যেন প্ৰমাণিত হৈছে। কেইবাখনো ৰাজ্যত সদস্যভৰ্তিৰ ক্ষেত্ৰত দেখা দি্যা মন্থৰ গতিয়ে দলটোৰ সামগ্ৰিক পৰিসংখ্যাতো প্ৰভাৱ পেলাইছে।

তথ্য অনুসৰি বিজেপিয়ে এতিয়ালৈকে দেশজুৰি মাত্ৰ ৪ কোটি সদস্য নতুনকৈ ভৰ্তি কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত লক্ষ্যৰ দিশত কোনকেইখন ৰাজ্যত আকাংক্ষিত গতি লাভ কৰিছে আৰু কোনকেইখন ৰাজ্যত বিশেষ সফলতা লাভ কৰা নাই চাওঁ আহক-

১) দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত ২ কোটি সদস্য ভৰ্তিৰ লক্ষ্য লৈছে বিজেপিয়ে। তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যখনত ১ কোটি সদস্যৰ নতুনকৈ পঞ্জীয়ন কৰা হৈছে। অৰ্থাৎ উত্তৰ প্ৰদেশ বিজেপিয়ে লক্ষ্যৰ দিশত ৫০ শতাংশ সাফল্য লাভ কৰিছে।

২) মধ্যপ্ৰদেশত ১.৫ কোটি সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে। ৰাজ্যখনত এতিয়ালৈকে এক কোটি সদস্যৰ সংখ্যা পূৰ হৈছে। এয়া মুঠ লক্ষ্যৰ ৬৫ শতাংশ। ইফালে ১.৫ কোটি সদস্য সম্পূৰ্ণ কৰাৰ পিছত বিজেপিয়ে মধ্য প্ৰদেশত ২ কোটি সদস্যৰ লক্ষ্যৰ দিশে আগবাঢ়িব বুলি জানিব পৰা গৈছে।

৩) বিহাৰত দলটোৱে ১ কোটি সদস্য ভৰ্তি কৰাৰ লক্ষ্য লৈছে। এইপৰ্যন্ত ৰাজ্যখনত প্ৰায় ৩০ লাখ সদস্য ভৰ্তি কৰা হৈছে। অৰ্থাৎ দলটোৱে বিহাৰত লক্ষ্যৰ মাত্ৰ ৩০ শতাংশহে লাভ কৰিছে।

৪) ৰাজস্থানত এইক্ষেত্ৰত দলৰ সাফল্যৰ গতি আটাইতকৈ লেহেমীয়া হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনত দলটো ক্ষমতাত আছে যদিও ১ কোটি সদস্যৰ লক্ষ্যৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ ২৫ লাখ সদস্যহে ভৰ্তি কৰা হৈছে।

৫) এইপৰ্যন্ত পোহৰলৈ অহা তথ্য অনুসৰি এই লক্ষ্যৰ দিশত আটাইতকৈ সফল হিচাপে পৰিগণিত হৈছে অসম বিজেপি। অসমত বিজেপিয়ে ৫০ লাখ সদস্যৰ লক্ষ্য লৈছিল আৰু এতিয়ালৈকে লাভ কৰা পৰিসংখ্যা অনুসৰি অসমত ৪২ লাখ সদস্য ভৰ্তি কৰা হৈছে। এয়া মুঠ লক্ষ্যৰ প্ৰায় ৮৩ শতাংশ।

৬) বিজেপিয়ে তেলেংগানাত ২৫ লাখ সদস্যৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও এতিয়ালৈকে ৰাজ্যখনত মাত্ৰ ৭ লাখ সদস্য ভৰ্তি কৰাত সফল হৈছে। এয়া মুঠ লক্ষ্যৰ প্ৰায় ৩০ শতাংশ।

৭) বিজেপিয়ে ছত্তীশগড়ত ৫০ লাখ সদস্য গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যখনত বিজেপি চৰকাৰো আছে। কিন্তু এতিয়ালৈকে ইয়াৰে মাত্ৰ ১৯ লাখ সদস্যহে ভৰ্তি হৈছে। এই পৰিসংখ্যা মুঠ লক্ষ্যত উপনীত হোৱাৰ মাত্ৰ ৪০ শতাংশ।

Latest News