ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ গুলীত ১২ নক্সালবাদী নিহত, শ্বহীদ দুজন জোৱান
বিজাপুৰত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ জংঘলত চলি থকা এই এনকাউণ্টাৰত এতিয়ালৈকে ১২ জনতকৈ অধিক নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষতত শ্বহীদ হৈছে দুজন জোৱানো। নক্সালবাদীৰ অধিক ক্ষতিৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। অঞ্চলটোত বৰ্তমান চলি আছে অনুসন্ধান প্ৰক্ৰিয়া
ছত্তীশগড়ৰ বিজাপুৰত সেনাৰ নক্সাল বিৰোধী অভিযান। সেই সময়তে নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি বিজাপুৰৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাত সংঘটিত হোৱা এই এনকাউণ্টাৰত এতিয়ালৈকে ১২জনতকৈ অধিক নক্সালবাদী নিহত হৈছে। একে সময়তে সংঘৰ্ষত শ্বহীদ হৈছে দুজন জোৱান। এই এনকাউণ্টাৰত দুজন জোৱানো আহত হৈছে, তেওঁলোকক চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে। পুৱাৰে পৰা ডিআৰজি, এছটিএফ আৰু বাষ্টাৰ ফাইটাৰ জোৱানৰ যুটীয়া দল আৰু নক্সালবাদীৰ মাজত চলি আছে এই সংঘৰ্ষ। আৰক্ষী বিষয়াসকলে জনোৱা মতে নিহত নক্সালৰ সংখ্যা বৃদ্ধি পাব পাৰে।
এজন আৰক্ষী বিষয়াৰ মতে, বিজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ বনাঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰা হয়। লগে লগে নিৰাপত্তা বাহিনীৰ দলটো নক্সাল বিৰোধী অভিযানত নামি পৰে। অভিযানৰ সময়তে দেওবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। তাৰ পাছতে সমগ্ৰ অঞ্চলটোত প্ৰতিধ্বনিত হয় গুলীৰ শব্দ। এতিয়াও চলি আছে এই সংঘৰ্ষ। এই সংঘৰ্ষত নক্সালবাদীৰ যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
Chhattisgarh: 12 Naxalites killed in an encounter with security forces in the forests under the National Park area of District Bijapur. Search operation is going on: Bastar Police pic.twitter.com/3Sgy8GVlcj
— ANI (@ANI) February 9, 2025
দেওবাৰে বিজাপুৰ-নাৰায়ণপুৰ সীমান্তত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত হয় এই ঘটনা। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে ১২ জন নক্সালবাদীক এনকাউণ্টাৰ কৰে। এই সংঘৰ্ষত শ্বহীদ হৈছে দুই নিৰাপত্তা বাহিনীৰ জোৱান। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই এনকাউণ্টাৰত DRG, STF আৰু মহাৰাষ্ট্ৰৰ C-60ৰ জোৱান জড়িত হৈ আছে। নিহত নক্সালবাদীৰ পৰা উদ্ধাৰ হৈছে বহু স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰ। এই এনকাউণ্টাৰত দুজন জোৱান আহত হোৱাৰ খবৰো পোৱা গৈছে। চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে তেওঁলোকক ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে।
নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এই সংঘৰ্ষ হোৱা ঠাইখন হৈছে বিজাপুৰ জিলাৰ ফৰছেগড় অঞ্চল। ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ জংঘলক নক্সালবাদীৰ সক্ৰিয় দুৰ্গ হিচাপে গণ্য কৰা হয়। এই অঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে। তাৰ পাছত DRG, STF আৰু মহাৰাষ্ট্ৰৰ C-60 জোৱানৰ যৌথ দলে এই তালাচী অভিযান চলায়। তাৰ মাজতে নক্সালবাদীয়ে দলটোৰ ওপৰত গুলীচালনা কৰে, য’ত চাৰিজন জোৱান আহত হয়। সংঘৰ্ষত আহত হোৱা চাৰিজন জোৱানৰ দুজন ইতিমধ্যে শ্বহীদ হৈছে । ইয়াৰ প্ৰতিশোধ হিচাপে এনকাউণ্টাৰ কৰা হৈছে ১২ নক্সালবাদীক ।