শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিহাৰত NDA ৰ চৰকাৰ, বিধ্বস্ত মহাগঠবন্ধন !

বিহাৰৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ২০০ খনৰো অধিক আসনত জয়ৰ দিশে আগবাঢ়িছে। আনহাতে, অৱস্থা দুৰ্বল মহাগঠবন্ধনৰ।

নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিহাৰত NDA ৰ চৰকাৰ, বিধ্বস্ত মহাগঠবন্ধন !
manas-borah
Manas Borah | Updated On: 14 Nov 2025 23:12 PM

বিহাৰত বিধ্বস্ত বিৰোধী ! বিপুল বিজয় নিশ্চিত কৰিছে এন ডি এয়ে। ইতিমধ্যে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে NDA । বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ ভোটগণনা অব্যাহত আছে। শেহতীয়া ধাৰা আৰু ফলাফলত দেখা গৈছে যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ২০০ খনৰো অধিক আসনত জয়ৰ দিশে আগবাঢ়িছে। আনহাতে, অৱস্থা দুৰ্বল মহাগঠবন্ধনৰ। মাত্ৰ ৩৫খন আসনতে সন্তুষ্ট থাকিলগীয়া হৈছে বিৰোধী।

বিহাৰত চৰকাৰ গঠনৰ বাবে মুঠ ১২২ জন বিধায়কৰ প্ৰয়োজন। যাৰ বাবে এন ডি এ আৰামত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে সেয়া স্পষ্ট হৈ পৰিছে। এতিয়াও অনুষ্ঠানিক ঘোষণা বাকী আছে।

নিৰ্বাচন আয়োগ তথ্য অনুসৰি, বিজেপিয়ে এতিয়ালৈকে ৮৮ খন আসন জয়ী হোৱাৰ বিপৰীতে ১ খন আসনত অগ্ৰগতি লাভ কৰি আছে। একেদৰে বিজেপিৰ মিত্ৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউয়ে ৮৫ খন আসনত জয় লাভ কৰাৰ বিপৰীতে লোক জনশক্তি পাৰ্টিয়ে ১৯ আসন লাভ কৰিছে।

ইফালে, হিন্দুস্তানী আৱাম মর্চা (চেকুলাৰ) পাঁচখন আসনত জয়ী হোৱাৰ বিপৰীতে ৰাষ্ট্রীয় লোক মর্চাই ৪ খন আসন লাভ কৰিছে৷

এই পৰ্যন্ত মাত্ৰ ৩৫ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে INDIA ব্লকে। আনহাতে আৰজেডিয়ে ২৪খন আসন লাভ কৰি আন ১ টা সমষ্টিত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৬ খন আসন লাভ কৰিছে। চিপিআই(এমএল) লিবাৰেশ্যনে দুখন আসন আৰু চিপিআই(এম)এ এখন আসন লাভ কৰে। ইফালে, আছাদুদ্দিন ওৱেছি নেতৃত্বাধীন AIMIM-এ ৫খন আসনত জয়লাভ কৰে। একে সময়তে অন্যান্য হাতলৈ গৈছে ৯ খন আসন।