পাকিস্তানৰ ওপৰত আন এক আঘাতঃ এতিয়াৰ পৰা কোনো স্থানৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ভাৰতৰ সামগ্ৰী
পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱাৰে দাবী তুলিছে। অৱশ্যে সশস্ত্ৰ আক্ৰমণ চলোৱাৰ পৰিৱৰ্তে ভাৰত চৰকাৰে কুটনৈতিক নীতিৰে পাকিস্তানক শলঠেকত পেলাইছে। এতিয়া ভাৰত চৰকাৰে পুনৰ এবাৰ পাকিস্তানৰ ওপৰত এক গুৰুতৰ আঘাত হানিছে।

কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰত্যাক্ৰমণৰ দাবী উঠিছে সমগ্ৰ দেশত। পাকিস্তান মূলৰ সন্ত্ৰাসবাদীৰ দ্বাৰা এই আক্ৰমণ সংঘটিত হোৱাৰ ফলস্বৰূপে দেশৰ বহু লোকে ভাৰত চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱাৰে দাবী তুলিছে। অৱশ্যে সশস্ত্ৰ আক্ৰমণ চলোৱাৰ পৰিৱৰ্তে ভাৰত চৰকাৰে কুটনৈতিক নীতিৰে পাকিস্তানক শলঠেকত পেলাইছে। এতিয়া ভাৰত চৰকাৰে পুনৰ এবাৰ পাকিস্তানৰ ওপৰত এক গুৰুতৰ আঘাত হানিছে।
ভাৰতে পাকিস্তানৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে অহা সকলো সামগ্ৰী নিষিদ্ধ কৰিছে। এই নিষেধাজ্ঞাৰ ফলস্বৰূপে এতিয়া কোনো তৃতীয় দেশ বা ব্যৱসায়িক গোটৰ জৰিয়তেও পাকিস্তানৰ পৰা ভাৰতৰ সৈতে বাণিজ্য সম্ভৱ নহ’ব। অৰ্থাৎ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ অংশ হিচাপে ভাৰতে দুয়োখন দেশৰ মাজত বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।
অৱশ্যে দুয়োখন দেশৰ মাজত পোনপটীয়া বাণিজ্যও অধিক ৰূপত হোৱা নাছিল। আনহাতে, গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভ (GTRI)ৰ মতে, পৰোক্ষ উপায়েৰে পাকিস্তানৰ সৈতে ভাৰতৰ বছৰি প্ৰায় ১০ বিলিয়ন ডলাৰৰ বাণিজ্য চলি আহিছে। ভাৰত আৰু পাকিস্তানৰ মাজত পৰোক্ষ বাণিজ্য তুৰ্কি, সংযুক্ত আৰব আমিৰশ্বাহী (UAE), ছিংগাপুৰকে ধৰি অন্যান্য দেশ আৰু ব্যক্তিগত খণ্ডৰ কিছুমান কোম্পানী তথা ব্যৱসায়িক শ্ৰেণীৰ জৰিয়তে হয়।
২০২৩-২৪ চনত ভাৰতে পাকিস্তানৰ পৰা ৩০ লাখ ডলাৰৰ সামগ্ৰী আমদানি কৰাৰ বিপৰীতে ১২ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল। ইতিমধ্যে বাণিজ্য মন্ত্ৰালয়ে বাণিজ্য বন্ধ সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ৰপ্তানি বা সকলো ট্ৰেনজিট নিষিদ্ধ কৰিছে।
২ মে’ত বাণিজ্য মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি বৈদেশিক বাণিজ্য নীতি-এফটিপি-২০২৩ সংশোধন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নিষেধাজ্ঞা ২০২৩ চনৰ বৈদেশিক বাণিজ্য নীতিত নতুন ব্যৱস্থা হিচাপে সংযোজন কৰা হৈছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই অধিসূচনাযোগে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলি স্পষ্ট কৰি দিছে।
বাণিজ্য মন্ত্ৰালয়ৰ এজন বিষয়াৰ মতে, পাকিস্তানৰ সৈতে প্ৰত্যক্ষ বাণিজ্য পথৰ যোগেদি কৰা হৈছিল। ৱাগাহ-আটাৰী সীমান্ত ছীল কৰাৰ লগে লগে ই সম্পূৰ্ণৰূপে বন্ধ হৈ গ’ল, যিটো একমাত্ৰ প্ৰত্যক্ষ বাণিজ্যিক পথ আছিল। এতিয়া পৰোক্ষ বাধাৰ জৰিয়তে তৃতীয় পক্ষৰ ভূমিকাও নাইকিয়া হৈছে।
উল্লেখযোগ্য যে পাকিস্তানৰ পৰা আমদানি কৰা সামগ্ৰীৰ ভিতৰত মূলতঃ ফাৰ্মা সামগ্ৰী, ফলমূল আৰু তৈলবীজ অন্তৰ্ভুক্ত। শুকান ফল, তৰমুজ আৰু অন্যান্য ফল-মূল, চিমেণ্ট, শিলৰ নিমখ, শিল, চূণ, মুলতানি মাটি, চশমাৰ বাবে অপটিক্স, কপাহ, তীখা, জৈৱিক ৰাসায়নিক পদাৰ্থ, চামৰাৰ সামগ্ৰী পাকিস্তানৰ পৰা আমদানি কৰা হয়।
২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানী সামগ্ৰীৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত এই পৰিমাণ হ্ৰাস পাইছে। প্ৰতিবেদনত ২০২৪-২৫ চনত মুঠ আমদানিৰ ০.০০০১ শতাংশতকৈও কম হোৱাৰ তথ্য দেখিবলৈ পোৱা গৈছে।
আনহাতে ভাৰতৰ পৰা জৈৱিক আৰু অজৈৱিক ৰাসায়নিক পদাৰ্থ, ঔষধ, কৃষিজাত সামগ্ৰী, কপাহ আৰু সূতা, চেনি, মিঠাই, প্লাষ্টিক, যন্ত্ৰপাতি আদি সামগ্ৰী ৰপ্তানি কৰা হয়। বাণিজ্য নিষেধাজ্ঞাৰ পিছত ভাৰতে এতিয়া পাকিস্তানলৈ ঔষধ বা চেনি প্ৰেৰণ কৰা বন্ধ কৰিব।