শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bharat Bandh on 21 August: ২১ আগষ্টত ভাৰত বন্ধ ঘোষণা ! কিয় আৰু কোনে এই বন্ধ ঘোষণা কৰিছে ?

ভাৰত বন্ধ ঘোষণা কৰিছে সংৰক্ষণ বচাও সংগ্ৰাম সমিতিয়ে(Reservation Bachao Sangharsh Samiti) । প্ৰকাশিত খবৰ অনুসৰি, এই ভাৰত বন্ধ কাৰ্যসূচীয়ে ৰাজস্থানৰ অনুসূচিত জাতি-জনজাতিৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে । সংগঠনটোৱে আহ্বান জনোৱা এই ভাৰত বন্ধৰ উদ্দেশ্য হৈছে-আদালতৰ সিদ্ধান্তৰ প্ৰতিবাদ জনোৱা আৰু ইয়াক উঠাই লোৱা বাবে হেঁচা প্ৰয়োগ কৰা।

Bharat Bandh on 21 August: ২১ আগষ্টত ভাৰত বন্ধ ঘোষণা ! কিয় আৰু কোনে এই বন্ধ ঘোষণা কৰিছে ?
ভাৰত বন্ধ !
manas-borah
Manas Borah | Published: 20 Aug 2024 18:52 PM

উচ্চতম ন্য়ায়ালয়ৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সংৰক্ষণ সন্দৰ্ভত দিয়া এক ৰায়ৰ প্ৰতি সঁহাৰি জনাই অহা ২১ আগষ্ট কাইলৈ ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে । এই বন্ধ ঘোষণা কৰিছে সংৰক্ষণ বচাও সংগ্ৰাম সমিতিয়ে(Reservation Bachao Sangharsh Samiti) । প্ৰকাশিত খবৰ অনুসৰি, এই ভাৰত বন্ধ কাৰ্যসূচীয়ে ৰাজস্থানৰ অনুসূচিত জাতি-জনজাতিৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে । সংগঠনটোৱে আহ্বান জনোৱা এই ভাৰত বন্ধৰ উদ্দেশ্য হৈছে-আদালতৰ সিদ্ধান্তৰ প্ৰতিবাদ জনোৱা আৰু ইয়াক উঠাই লোৱা বাবে হেঁচা প্ৰয়োগ কৰা।

উল্লেখ্য যে, প্ৰকাশিত খবৰ অনুসৰি, ১ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল য়ে,ৰাজ্যসমূহে অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ ভিতৰত উপ-শ্ৰেণী সৃষ্টি কৰি অতি প্ৰয়োজনীয়সকলৰ বাবে সংৰক্ষণক অগ্ৰাধিকাৰ দিব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে অনুসূচিত জাতি আৰু জনজাতিৰ গোটসমূহৰ মাজত উদ্বেগ সৃষ্টি কৰে । ইয়াৰ পৰিপ্ৰেক্ষিততে  অহা ২১ আগষ্টত দেশজুৰি বন্ধৰ আহ্বান জনাইছে সংৰক্ষণ বচাও সংগ্ৰাম সমিতিয়ে ।

ইফালে, বন্ধৰ সময়ছোৱাত যাতে আইন-শৃংখলাজনিত কোনো পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে প্ৰতিখন ৰাজ্যৰ প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিছে । বন্ধৰ সময়ত সকলো জিলাৰ আৰক্ষী বাহিনীসমূহক নিজৰ উপস্থিতি বৃদ্ধি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি যিকোনো অপ্ৰিয় ঘটনা তৎকালীন সমাধানৰ বাবে নিৰাপত্তাৰক্ষী সকলৰ প্ৰতি নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে।

বিভিন্ন সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি, বন্ধৰ প্ৰস্তুতিৰ অংশ হিচাপে অসামৰিক আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে এক উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰি পৰিস্থিতিৰ মূল্যায়ন আৰু নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিছে । আয়ুক্ত, জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত সমগ্ৰ প্ৰতিবাদৰ দিনটোত হিংসা প্ৰতিৰোধ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।