Bengaluru Mahalakshmi Murder Case: ফ্ৰীজৰ ভিতৰত মহিলাৰ মৃতদেহ, কোন কৰিলে হত্যা? নতুন তথ্য পোহৰলৈ…
Bengaluru Mahalakshmi Murder Case: বাংগালুৰুৰ মহালক্ষ্মী হত্যাকাণ্ডৰ এক নতুন মোৰ। উল্লেখ কৰা প্ৰয়োজন যে এইগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰা এটা ফ্ৰীজৰ পৰা উদ্ধাৰ হৈছিল। প্ৰায় ৫০ টুকুৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।
বাংগালুৰুৰ মহালক্ষ্মী হত্যাকাণ্ডৰ নতুন মোৰ পোহৰলৈ আহিছে। এই জঘন্য আৰু নিৰ্মম হত্যাকাণ্ডৰ বাবে আৰক্ষীয়ে মুক্তি ৰঞ্জন ৰায়ক অভিযুক্ত হিচাপে গন্য কৰা তেওঁৰ বিৰুদ্ধে অভিযান চলাই আছিল। কিন্তু এতিয়া এই সন্দৰ্ভত পোহৰলৈ অহা এটা খবৰে এই হত্যাৰ সমগ্ৰ প্ৰক্ৰিয়াক এক অন্য পিনলৈ গতি কৰাইছে। কিয়নো উদ্ধাৰ হৈছে এইগৰাকী অভিযুক্তৰ মৃতদেহ। ওড়িশাৰ এডাল গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে অভিযুক্তৰ মৃতদেহ। মহালক্ষ্মীৰ হত্যাৰ পাছতে এইগৰাকী অভিযুক্তই পলায়ন কৰি আছিল। কিন্তু মঙলবাৰে পুৱা কুলেপাদা কবৰস্থানৰ সমীপত লেপটপ স্কুটাৰত ৰাখি ফাঁচী লগায় ৰায়ে।
পৰিয়ালৰলোকে ৰায়ৰ মৃতদেহ ইতিমধ্যে চিনাক্ত কৰিছে। এইগৰাকী অভিযুক্তই মহালক্ষ্মীৰ সৈতে ফেশ্যন ফেক্টৰীত কাম কৰিছিল। আৰক্ষীয়ে সন্দেহ কৰিছিল যে মহালক্ষ্মীক হত্যা কৰাত এইগৰাকী অভিযুক্তৰ হাত আছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বাংগালুৰুৰ এটা এপাৰ্টমেন্টত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ২১ ছেপ্টেম্বৰত ফ্ৰীজৰ ভিতৰত উদ্ধাৰ হৈছিল মহালক্ষ্মীৰ মৃতদেহৰ কেইবা টুকুৰা। অভিযুক্তই মহালক্ষ্মীৰ মৃতদেহৰ প্ৰায় ৫০ টুকুৰা কৰিছিল। ভাইৰেল হোৱা এটা ফটোত দেখিবলৈ পোৱা গৈছিল যে মহালক্ষ্মীৰ ভৰি আৰু হাতত ফ্ৰীজৰ ওপৰত আছে আৰু বাকী অংশ ফ্ৰীজৰ অন্য ঠাইত ভৰাই থৈছিল। ফ্ৰীজত মহালক্ষ্মীৰ সম্পূৰ্ণ মৃতদেহটো নাছিল। যাৰ বাবে মৃতদেহ পৰীক্ষা কৰাৰ ক্ষেত্ৰত মেডিকেল বিশেষজ্ঞসকলৰ আগত ই এক প্ৰত্যাহ্বান হিচাপে থিয় দিছিল । সেয়ে এতিয়ালৈকে স্পষ্টতা হোৱা নাই কেনেকৈ হত্যা কৰা হৈছিল মহিলাগৰাকীক।
হত্যাৰ পাছত ৰায়ে বাৰে বাৰে লোকেশ্যন সলনি কৰি আছিল যাৰ বাবে আৰক্ষীৰ তেওঁৰ ওপৰত সন্দেহ হৈছিল। অভিযুক্তৰ ফোনৰ লোকেশ্যনৰ পৰা আৰক্ষীয়ে গম পাইছিল যে ৰায় পশ্চিম বংগ আৰু ওড়িশা সীমান্তৰ আশে-পাশে আছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰায়ক বিচাৰি অভিযান চলাইছিল যদিও জীৱন্ত উদ্ধাৰ কৰিব পৰা নগ’ল। দেশ জোকাৰি যোৱা এই ভয়ংকৰ হত্যাকাণ্ড বৰ্তমান ৰহস্যৰ আঁৰত আছে।
মহালক্ষ্মীৰ স্বামীয়ে দাবী কৰিছিল যে তেওঁৰ প্ৰাক্তন পত্নীৰ আশ্ৰফ নামৰ এজন যুৱকৰ সৈতে অবৈধ সম্পৰ্কত আছিল। ইয়াৰ বাবে প্ৰায় ৯ মাহ পূৰ্বে তেওঁলোকৰ বিবাহ- বিচ্ছেদ হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আশ্ৰফক আটক কৰি জেৰা চলাইছিল যদিও এয়া স্পষ্ট হৈছিল যে এই হত্যাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। তাৰ পাছত আৰক্ষীয়ে আশ্ৰফক এৰি দিছিল।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক বিচাৰি উলিয়াইছিল।আৰক্ষীয়ে অভিযুক্তক বিচাৰি উলিওৱাৰ পূৰ্বে এই ঘটনা আৰু অধিক ৰহস্যঘন হৈ পৰিছে। জানিব পৰা মতে ভাতৃয়ে আৰক্ষীক জনাইছে যে মুক্তি ৰঞ্জন ৰায়ে এই হত্যাৰ কথা কৈছিল। কিন্তু এই অভিযুক্তই এতিয়া এই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে। গতিকে পৰৱৰ্তী তদন্তত ওলাই পৰিব যে কোনে, কিয় এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে।