বন্ধ কৰক সংখ্যালঘুৰ ওপৰত অত্যাচাৰ ! বৰাকৰ হোটেল-ৰেষ্টুৰেণ্টত কোনো বাংলাদেশী নাগৰিকক কৰা নহয় আতিথ্য…
ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাংলাদেশত হিন্দু ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ আৰম্ভ হৈছে । শেহতীয়াকৈ বৰাক উপত্যকাৰ হোটেল আৰু ৰেষ্টুৰেণ্টত এতিয়া বাংলাদেশী নাগৰিকৰ আতিথ্য নিষিদ্ধ কৰা হৈছে।
![বন্ধ কৰক সংখ্যালঘুৰ ওপৰত অত্যাচাৰ ! বৰাকৰ হোটেল-ৰেষ্টুৰেণ্টত কোনো বাংলাদেশী নাগৰিকক কৰা নহয় আতিথ্য… বন্ধ কৰক সংখ্যালঘুৰ ওপৰত অত্যাচাৰ ! বৰাকৰ হোটেল-ৰেষ্টুৰেণ্টত কোনো বাংলাদেশী নাগৰিকক কৰা নহয় আতিথ্য…](https://images.assamtv9.com/uploads/2024/12/Protest-4.jpg?w=1280)
বাংলাদেশত সংখ্য়ালঘুৰ ওপৰত হোৱা আক্ৰমণৰ খবৰে প্ৰভাৱিত কৰিছে ভাৰতবৰ্ষৰ হিন্দু সমাজক । বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰাৰ দাবীত ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে । ইফালে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাংলাদেশত হিন্দু ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ আৰম্ভ হৈছে । শেহতীয়াকৈ বৰাক উপত্যকাৰ হোটেল আৰু ৰেষ্টুৰেণ্টত এতিয়া বাংলাদেশী নাগৰিকৰ আতিথ্য নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত ব্যৱসায়ীসকলে কয় যে, সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণ বন্ধ নোহোৱালৈকে কোনো বাংলাদেশীক নাগৰিকক কোনো ধৰণৰ আতিথ্য প্ৰদান কৰা নহ’ব।
বৰাক উপত্যকাৰ কাছাৰ, শ্ৰীভূমি (পূৰ্বতে কৰিমগঞ্জ) আৰু হাইলাকান্দি তিনিখন জিলাৰ হোটেল আৰু ৰেষ্টুৰেণ্টে বাংলাদেশী নাগৰিকক আতিথ্য প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে, বৰাকে বাংলাদেশৰ চিলেট অঞ্চলৰ সৈতে ১২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমাৰেখা ভাগ বতৰা কৰে। হোটেল আৰু ৰেষ্টুৰেণ্টত আতিথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ আৰোপ কৰাৰ পূৰ্বে শ্ৰীভূমি জিলাৰ আমদানি-ৰপ্তানি সংস্থাই বাংলাদেশৰ সৈতে সকলো বাণিজ্যিক সম্পৰ্ক স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল।
বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বাবুল ৰায়ে এই সন্দৰ্ভত কয় যে, ‘বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ পৰিস্থিতি চিন্তনীয়। এই কথা আমি কোনো ধৰণে মানি ল’ব নোৱাৰো। গতিকে আমি সিদ্ধান্ত লৈছো যে যেতিয়ালৈকে পৰিস্থিতিৰ উন্নত নহয় আৰু হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ নহয় তেতিয়ালৈকে আমি বৰাক উপত্যকাৰ তিনিখন জিলাত চুবুৰীয়া দেশৰ কোনো নাগৰিকক আতিথ্য নিদিওঁ।’
তেওঁ লগতে কয় যে, বাংলাদেশৰ জনসাধাৰণে যাতে দেশখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যদি পৰিস্থিতিৰ উন্নত হয়, তেতিয়াহে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিব বুলি স্পষ্ট কৰি দিছে বাবুল ৰায়ে।
শেহতীয়াকৈ ত্ৰিপুৰাত অল ত্ৰিপুৰা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ মালিক সন্থাই ৰেষ্টুৰেণ্টখনত বাংলাদেশী লোকক খাদ্য পৰিবেশন কৰিবলৈ অস্বীকাৰ কৰিছিল। হোটেল আৰু ৰেষ্টুৰেণ্টৰ সদস্যসকলৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পূৰ্বে কলকাতাৰ আই এল এছ হাস্পতালে চুবুৰীয়া দেশখনত সংখ্যালঘু লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰাৰ প্ৰতিবাদত বাংলাদেশৰ কোনো ৰোগীক চিকিৎসা নকৰাৰ কথা ঘোষণা কৰিছিল।