শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বেংক কৰ্মচাৰীৰ বাবে সুখ, চিন্তাত পৰিব গ্ৰাহক! অক্টোবৰত ২১ দিনেই বন্ধ থাকিব বেংক

স্বাভাৱিকতেই বেংক বন্ধ থাকিলে কৰ্মচাৰীসকলে যথেষ্ট সকাহ পাব। পিছে ইয়াৰ ফলত গ্ৰাহকসকলৰ সমস্যা নোহোৱাকৈ নাথাকে। অক্টোবৰ মাহত ভিন্ন উৎসৱ উপলক্ষে ৰাজ্য অনুসাৰে পৃথক পৃথক দিনত বন্ধ থাকিব বেংক।

বেংক কৰ্মচাৰীৰ বাবে সুখ, চিন্তাত পৰিব গ্ৰাহক! অক্টোবৰত ২১ দিনেই বন্ধ থাকিব বেংক
অক্টোবৰ মাহত বহুদিন বন্ধ থাকিব বেংকImage Credit source: John Lamb/Photodisc/Getty Images
monjit-dutta
Monjit Dutta | Updated On: 26 Sep 2025 14:36 PM

চলিত ছেপ্টেম্বৰ মাহ ক্ৰমাৎ অন্ত পৰাৰ দিশে। ইতিমধ্যেই উৎসৱৰ বতৰ আৰম্ভ হৈছে সমগ্ৰ দেশত। ছেপ্টেম্বৰ মাহৰ শেষলৈ নৱৰাত্ৰিৰ লগে লগে উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হয়। ইয়াৰ পিছতে দেশৰ ভিন্ন প্ৰান্তত ইটোৰ পিছত সিটোকৈ উৎসৱ উদযাপন কৰা হ’ব। এক কথাত অক্টোবৰ মাহত সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজমান হৈ থাকিব। ইয়াৰ প্ৰভাৱ পৰিব বেংকৰ কাৰ্যকলাপতো। নিয়মীয়া বন্ধৰ লগতে উৎসৱ তথা ৰাষ্ট্ৰীয় বন্ধৰ বাবে অক্টোবৰ মাহত কেইবাদিনো বেংকসমূহ বন্ধ হৈ থাকিব।

স্বাভাৱিকতেই বেংক বন্ধ থাকিলে কৰ্মচাৰীসকলে যথেষ্ট সকাহ পাব। পিছে ইয়াৰ ফলত গ্ৰাহকসকলৰ সমস্যা নোহোৱাকৈ নাথাকে। অক্টোবৰ মাহত ভিন্ন উৎসৱ উপলক্ষে ৰাজ্য অনুসাৰে পৃথক পৃথক দিনত বন্ধ থাকিব বেংক। চাওঁ আহক অক্টোবৰ মাহত কেতিয়া কেতিয়া বেংক বন্ধ থাকিব-

১ অক্টোবৰঃ নৱৰাত্ৰি, মহানৱমী আৰু দশেৰা (অসমৰ লগতে দেশৰ ভিন্ন স্থান)

২ অক্টোবৰঃ গান্ধী জয়ন্তী, দশেৰা, বিজয়দশমী (দেশজুৰি বেংক বন্ধ)

৩-৪ অক্টোবৰঃ দুৰ্গা পূজা (গেংটক)

৬ অক্টোবৰঃ লক্ষ্মী পূজা

৭ অক্টোবৰঃ মহৰ্ষি বাল্মীকি জয়ন্তী (বেংগালুৰু, ভুৱনেশ্বৰ, চণ্ডীগড়, ছিমলা)

১০ অক্টোবৰঃ কৰৱা চৌথ (সকলোতে নহয়)

১৮ অক্টোবৰঃ কাতি বিহু

২০ অক্টোবৰঃ দীপাৱলী, নৰকা চতুৰ্দশী, কালি পূজা (দেশৰ ভিন্ন স্থান)

২১ অক্টোবৰঃ দীপাৱলী, গোবৰ্ধন পূজা (দেশৰ অধিকাংশ স্থান)

২২ অক্টোবৰঃ দীপাৱলী, বিক্ৰম সংৱত নৱবৰ্ষ, বালিপদমী, আৰু লক্ষ্মী পূজা (দেশৰ ভিন্ন স্থান)

২৩ অক্টোবৰঃ ভাই দোজ, ভাতৃ দ্বীতিয়া, চিত্ৰগুপ্ত জয়ন্তী, আৰু লক্ষ্মী পূজা (দেশৰ ভিন্ন স্থান)

২৭-২৮ অক্টোবৰঃ ছঠ পূজা (কলকাতা, পাটনা, আৰু ৰাঁচী)

৩১ অক্টোবৰঃ চৰ্দাৰ বল্লভভাই পেটেল জয়ন্তী (আহমেদাবাদ)

আনহাতে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ উপলক্ষে ১১ আৰু ২৫ অক্টোবৰত উমৈহতীয়া বন্ধ পাব। সমান্তৰালকৈ মাহৰ আটাইকেইটা দেওবাৰ ক্ৰমে ৫, ১২, ১৯, আৰু ২৬ অক্টোবৰত বেংক বন্ধ থাকিব।