শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩২৪০ কোটিৰ পুঁজি, ব্যৱসায়ীৰ সক্ৰিয়তা…পুনৰ পদ্মাৰ পাৰলৈ উভতি যোৱাৰ কুচকাৱাজ শ্বেখ হাছিনাৰ

বাংলাদেশৰ ৰাজনীতিত পুনৰ অস্থিৰতা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৱামী লীগ ঘূৰি অহাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে ৪৫০০ কোটি বাংলাদেশী টাকা অৰ্থাৎ প্ৰায় ৩২৪০ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰা হৈছে, আৰু এজন ব্যৱসায়ী আৱামী লীগৰ নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে।

৩২৪০ কোটিৰ পুঁজি, ব্যৱসায়ীৰ সক্ৰিয়তা…পুনৰ পদ্মাৰ পাৰলৈ উভতি যোৱাৰ কুচকাৱাজ শ্বেখ হাছিনাৰ
শ্বেখ হাছিনাImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 27 Aug 2025 13:06 PM

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। কিন্তু ইয়াৰ মাজতে এটা বাতৰিয়ে বাংলাদেশৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। দৰাচলতে বাংলাদেশৰ ডেইলী নয়া দিগন্ত কাকতত প্ৰকাশিত এক খবৰ অনুসৰি বাংলাদেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক পুনৰ ক্ষমতালৈ অনাৰ পৰিকল্পনা কৰা হৈছে।

শ্বেখ হাছিনাৰ উভতি অহাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাত সক্ৰিয় হৈ পৰিছে এছ আলম গ্ৰুপৰ অধ্যক্ষ ছাইফুল্লাহ আলম মাছুদ। শেহতীয়াকৈ মাছুদে চৌদি আৰৱ, ডুবাই, দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছিল। এই ভ্ৰমণ আৱামী লীগৰ প্ৰত্যাৱৰ্তনৰ সৈতে জড়িত বুলি ধাৰণা কৰা হৈছে।

২০২৪ চনৰ গণ অভ্যুত্থানৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল শ্বেখ হাছিনাই। তাৰ পাছতেই তেওঁ বাংলাদেশ এৰি ভাৰতলৈ পলায়ন কৰে। বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতত বসবাস কৰি আছে বুলি চৰ্চা হয়। এই কাৰণতে মাছুদৰ দিল্লী ভ্ৰমণ আৰু কথিত বৈঠকক লৈ প্ৰশ্ন উত্থাপন হৈছে।

প্ৰথমে চৌদি আৰৱত নেতাসকলক লগ পাইছিল

২ আগষ্টত মাছুদে ছিংগাপুৰৰ পৰা চৌদি আৰৱত উপস্থিত হয়। কাৰণটো তেওঁ উমৰাহ বুলি জানিবলৈ দিয়ে যদিও দৈনিক নয়া দিগন্তৰ খবৰ অনুসৰি মক্কাৰ ক্লক টাৱাৰ হোটেলত বৰ্তমান দেশৰ বাহিৰত থকা বহু আৱামি লীগৰ নেতাক তেওঁ লগ পায়। তাত এখন হোটেল ক্ৰয়ৰ চুক্তিও কৰা হয় যাৰ পুঁজিৰ সৈতে বিদেশলৈ প্ৰেৰণ কৰা ধনৰ সম্পৰ্ক আছে বুলি কোৱা হয়।

শ্বেখ হাছিনাৰ সৈতে সাক্ষাৎ কৰাৰ দাবী

৬ আগষ্টত মাছুদে বিশেষ বিমানেৰে দিল্লী পালেগৈ। তেওঁৰ পত্নী, পুত্ৰ আৰু ইছলামী বেংকৰ প্ৰাক্তন অধ্যক্ষও তেওঁৰ লগত আছিল। সভাস্থলী আছিল দিল্লীৰ বিখ্যাত ওবেৰয় হোটেল, য’ত তেওঁ বহু পলাতক আৱামী নেতাক লগ পাইছিল। আটাইতকৈ চৰ্চিত ঘটনাটো আছিল ৮ আগষ্টৰ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি গোপন ব্যৱস্থাৰ মাজতে মাছুদে লুটিয়েন্স জ’নত উপস্থিত হৈ শ্বেখ হাছিনাক লগ পায়। এই বৈঠক প্ৰায় চাৰে পাঁচ ঘণ্টা ধৰি চলিছিল। সূত্ৰই দাবী কৰিছে যে ৪৫০০ কোটি বাংলাদেশী টাকা অৰ্থাৎ প্ৰায় ৩২৪০ কোটি টকাৰ পুঁজিৰ কথা কোৱা হৈছিল। যিটো আন্তঃৰাষ্ট্ৰীয় লবী, ৰাজনৈতিক কাৰ্যকলাপ আৰু সংগঠন সক্ৰিয় কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

টকা বিনিময়ো কৰা হ’ল

মাছুদে শ্বেখ হাছিনাৰ দাবীত সন্মতি দিলে। ১০ আগষ্টত আন এখন বৈঠক অনুষ্ঠিত হয়। খবৰ অনুসৰি সেই সময়ত মাছুদে ২৫০০ কোটি টকা যোগান ধৰিছিল আৰু বাকী ২০০০ কোটি টকা নৱেম্বৰৰ ভিতৰত দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পিছত ১১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তেওঁ মুম্বাইৰ কোকিলাবেন হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ বাবে থাকে। ১৬ আগষ্টত দিল্লীত শেষবাৰৰ বাবে শ্বেখ হাছিনাক লগ পায় আৰু ১৭ আগষ্টত ছিংগাপুৰলৈ উভতি আহে।