শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাবৰি মছজিদৰ আধাৰশিলা স্থাপন, হাজাৰ হাজাৰ লোকে খালে সুস্বাদু বিৰিয়ানী

ভাৰতৰ ইতিহাসত আজিৰ দিনটো অতি স্পৰ্শকাতৰ। কাৰণ এই দিনটোতে ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এতিয়া অযোধ্যাৰ সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। কিন্তু পশ্চিমবংগৰ বিধায়ক হুমায়ুন কবীৰে নিজা উদ্যোগত নিৰ্মাণ কৰিবলৈ ওলাইছে অন্য এটা বাবৰি মছজিদ।

বাবৰি মছজিদৰ আধাৰশিলা স্থাপন, হাজাৰ হাজাৰ লোকে খালে সুস্বাদু বিৰিয়ানী
মুৰ্শিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপনImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 06 Dec 2025 17:14 PM

আজি পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হয়। ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত ভাঙি পেলোৱা বাবৰি মছজিদৰ আৰ্হিত এটা মছজিদৰ আধাৰশিলা স্থাপন কৰা হয়। বিষয়টোৰ সংবেদনশীলতাক লক্ষ্য কৰি অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। নিলম্বিত তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবীৰে নিৰ্মাণ কৰিবলৈ লৈছে মছজিদ।

ভাৰতৰ ইতিহাসত আজিৰ দিনটো অতি স্পৰ্শকাতৰ। কাৰণ এই দিনটোতে ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এতিয়া অযোধ্যাৰ সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। কিন্তু পশ্চিমবংগৰ বিধায়ক হুমায়ুন কবীৰে নিজা উদ্যোগত নিৰ্মাণ কৰিবলৈ ওলাইছে অন্য এটা বাবৰি মছজিদ।

বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা ঠাইখনৰ নাম ৰেজিনগৰৰ চেতিয়ানী। বৰ্তমান আধাৰশিলা স্থাপন কৰা হ’ব ৭ কঠা (৭০০ একৰ) মাটিত। পিছত ওচৰৰ ২৫ বিঘা প্লটত এটা মছজিদ নিৰ্মাণ কৰা হ’ব। অৱশ্যে মছজিদটোৰ কোনো ব্লুপ্ৰিণ্ট এতিয়াও চূড়ান্ত হোৱা নাই। ইয়াৰ বাবে দুমাহৰ পৰা তিনিমাহ সময় লাগিব। কোৰাণ পাঠ কৰা ঠাইখন ৰেজিনগৰৰ মোৰাদিঘী অঞ্চলত হ’ব।

১৫০ ফুট/৮০ ফুটৰ এখন মঞ্চ প্ৰস্তুত কৰা হৈছে। দুয়োটা স্থানৰ মাজৰ দূৰত্ব ১ কিলোমিটাৰ। প্ৰায় এক লাখ লোক সমবেত হ’ব বুলি দাবী কৰা হৈছিল যদিও প্ৰায় ৫ হাজাৰ মান লোকৰহে উপস্থিতি দেখা যায়। বাহিৰৰ পৰা অহা সকলৰ বাবে ৪০ হাজাৰ পেকেট শ্বাহী বিৰিয়ানী অৰ্ডাৰ কৰা হয়। হুমায়ুন কবীৰে নিজেই আধাৰশিলা স্থাপন কৰে মছজিদৰ। তেওঁ কয় যে আৰক্ষী উপস্থিত আছে, কলকাতা উচ্চ ন্যায়ালয়েও স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে।

আধাৰশিলা স্থাপন কৰাৰ পাছত মঞ্চত থকাসকলে ইজনে সিজনক সাৱটি ধৰি সম্ভাষণ জনায়। হুমায়ুনৰ মুখতো হাঁহি বিৰিঙি উঠা দেখা যায়। তেওঁ কয়, “মই অসাংবিধানিক কাম কৰা নাই। উচ্চ ন্যায়ালয়ে কৈছে যে হুমায়ুন কবীৰে অসাংবিধানিক একো নাই কৰা। আমি বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগে লগে এটা দলে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ গ’ল। আমি তেওঁলোকক বাধা দিয়া নাছিলো। মোৰ মূৰত ১ কোটি টকাৰ বাউন্টি আছে। কোনোবাই যদি ভাবে যে তেওঁলোক উত্তৰ প্ৰদেশ বা মধ্যপ্ৰদেশৰ পৰা আহিব আৰু ইটাবোৰ ধ্বংস কৰিবলৈ প্ৰতিশ্ৰুতি দিব। তেতিয়া মই কওঁ যে আপুনি হুমায়ুনক অলপো ক্ষতি কৰিব নোৱাৰে।”

তেওঁ কয়, “২২ তাৰিখে বেহৰামপুৰ বস্ত্ৰ চৌহদত নতুন দল এটা ঘোষণা কৰিম। আজি ৰাজনীতিৰ বিষয়ে আলোচনা নকৰো। বাবৰি মছজিদ নিৰ্মাণ হ’ব। কোনেও ৰোধ কৰিব নোৱাৰে। এয়া মুছলমানৰ সন্মানৰ বাবে কৰা যুঁজ। কেৱল মছজিদ নহয়, চিকিৎসালয়, স্কুল, হেলিপেড, পাৰ্ক, হোটেল, সকলো বাবৰি মছজিদৰ চাৰিওফালে নিৰ্মাণ কৰা হ’ব। মুঠ বাজেট ৩০০ কোটি টকা।”

কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা

সংবাদ সংস্থা পিটিআইক জনোৱা মতে, মছজিদ নিৰ্মাণৰ প্ৰস্তাৱ থকা মুৰ্ছিদাবাদৰ বেলডাংগা অঞ্চলক উচ্চ নিৰাপত্তাসম্পন্ন অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। তাত আৰক্ষী, ৰেপিড একচন ফৰ্চ (আৰ এ এফ), আৰু বি এছ এফৰ ইউনিট মোতায়েন কৰা হৈছে।

পিটিআইৰ এক প্ৰতিবেদনত এজন বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে শুকুৰবাৰে ৰেজিনগৰত উপস্থিত হোৱা আৰ এ এফৰ জোৱানসকলে চূড়ান্ত নিয়োগ কৰাৰ পূৰ্বে স্থানীয় এখন বিদ্যালয়ত আছিল। লগতে কৃষ্ণনগৰ আৰু বাহাৰমপুৰৰ পৰা আৰু বাহিনী প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় বাহিনীয়ে ৰুট মাৰ্চ চলাই মছজিদ নিৰ্মাণস্থলীৰ সমীপৰ অঞ্চলত টহল দি থকা দেখা যায়।

শান্তিপূৰ্ণভাৱে কাম সম্পূৰ্ণ হ’ব: হুমায়ুন

হুমায়ুন কবীৰৰ এই প্ৰস্তাৱে জনসাধাৰণৰ সমৰ্থনো লাভ কৰিছে। উত্তৰ বৰাছাটৰ বাসিন্দা মহম্মদ ছফিকুল ইছলামে মূৰত ইটা লৈ খোজকাঢ়ি মছজিদ স্থানলৈ যায়। তেওঁ কয় যে তেওঁৰ অৱদান বাবৰি মছজিদ নিৰ্মাণৰ দিশত যাব। নিলম্বিত টিএমচিৰ বিধায়ক হুমায়ুন কবীৰে প্ৰশাসনক তেওঁৰ স্বেচ্ছাসেৱকসকল খেলপথাৰত উপস্থিত থাকিব বুলি অৱগত কৰি এই কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ব বুলি আস্থা প্ৰকাশ কৰে।