ছিদ্দিকী কাণ্ডৰ পিছতে বাঢ়িছে উদ্বেগঃ ছলমান খানৰ ফাৰ্ম হাউচৰ সুৰক্ষা বৃদ্ধি
মুম্বাইত সংঘটিত হোৱা বাবা ছিদ্দিকীৰ এই হত্যাকাণ্ডৰ পিছত তেওঁৰ ঘনিষ্ঠ বন্ধু তথা বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আহি পৰিছে। এনে পৰিস্থিতিত নৱী মুম্বাই আৰক্ষী ছলমান খানৰ সুৰক্ষা সন্দৰ্ভত সজাগ হৈ পৰিছে। অভিনেতাগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে ছলমান খানৰ ফাৰ্ম হাউচত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিছে।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। এই হত্যাকাণ্ডৰ আঁৰত ল’ৰেন্স বিষ্ণৈ গেঙৰ সম্পৰ্ক থকা বুলি খবৰ পোহৰলৈ অহাৰ পিছতে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে মুম্বাইত সংঘটিত হোৱা বাবা ছিদ্দিকীৰ এই হত্যাকাণ্ডৰ পিছত তেওঁৰ ঘনিষ্ঠ বন্ধু তথা বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আহি পৰিছে। এনে পৰিস্থিতিত নৱী মুম্বাই আৰক্ষী ছলমান খানৰ সুৰক্ষা সন্দৰ্ভত সজাগ হৈ পৰিছে।
অভিনেতাগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে ছলমান খানৰ ফাৰ্ম হাউচত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিছে। নৱী মুম্বাইৰ পানভেলত থকা ছলমান খানৰ এই ফাৰ্ম হাউচটোলৈ যোৱাৰ বাবে গাঁৱৰ মাজেৰে এটাই পথ আছে। গতিকে স্থানীয় গাঁওবাসীৰ লগতে চোৰাংচোৱা সংস্থাসমূহকোক সতৰ্ক কৰি দিছে আৰক্ষীয়ে। কোনো সন্দেহজনক ব্যক্তি দেখা পালে আৰক্ষীক খবৰ দিব বুলিলৈও সকলোকে আহ্বান জনোৱা হৈছে।
অৱশ্যে আৰক্ষীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্থানীয় গাঁওবাসীয়েও এই কামত আৰক্ষীক সহায় কৰি আছে বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ যিকোনো ধৰণৰ সন্দেহজনক গতি বিধিৰ ওপৰত চকু ৰাখিবলৈও চোৰাংচোৱা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে। কোনো সম্ভাৱ্য বিপদৰ পূৰ্বেই যাতে সময়মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে পানভেল ফাৰ্ম হাউচত টহল বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত নিৰাপত্তাৰক্ষীও নিয়োগ কৰিছে বুলি নৱী মুম্বাই আৰক্ষীয়ে নিশ্চিত কৰিছে। এই নিৰাপত্তাৰক্ষীসকলক ফাৰ্ম হাউছৰ ভিতৰত আৰু বাহিৰত নিয়োজিত কৰা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে। লগতে বহু ঠাইত যান-বাহনৰ পৰীক্ষাৰ বাবে বহু স্থানত চেকিং পইণ্ট স্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।
ইতিপূৰ্বেও বিষ্ণৈ গেঙে বহুবাৰ ছলমান খানৰ ফাৰ্ম হাউচত আক্ৰমণৰ পৰিকল্পনা কৰিছিল যদিও ফাৰ্ম হাউচত অভিযান চলোৱাত সফল হ’ব পৰা নাছিল। বৰঞ্চ অভিনেতাগৰাকীৰ বাসগৃ্হ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা কৰা হৈছিল। বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত ছলমান খানৰ এপাৰ্টমেণ্টৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। ইতিপূৰ্বে অভিনেতাগৰাকীয়ে লাভ কৰা হত্যাৰ ভাবুকিৰ বাবে এতিয়া অধিক সষ্টম হৈ পৰিছে আৰক্ষী।
উল্লেখ্য যে শনিবাৰে নিশা এক ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল বাবা ছিদ্দিকীয়ে। বান্দ্ৰাৰ নিৰ্মল নগৰৰ সমীপত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। ঘটনাৰ পিছতে বাবা ছিদ্দিকীৰ ঘনিষ্ঠ অভিনেতা ছলমান খানে লীলাৱতী হাস্পতালত উপস্থিত হৈ ছিদ্দিকীৰ পৰিয়ালক সাক্ষাৎ কৰি শোক প্ৰকাশ কৰিছিল।