প্ৰেম! মোমায়েকে দিছিল চাকৰি, পিছে মামীয়েকক লৈ পলাল ভাগিনীয়েক…
ভাগিনীয়েকে মোমায়েকৰ সহযোগত দিল্লীৰ এটা কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰে। এই সকলোবোৰৰ মাজতে তেওঁৰ পত্নী আৰু ভাগিনীয়েকৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়।
 
                                প্ৰেমৰ কোনো সংজ্ঞা নাথাকে! প্ৰেম হৈ যায়! কিন্তু আজিকালি কিছুমান এনে ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰতি কৰি তোলে সকলোকে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত ৪ সন্তানৰ এগৰাকী মাতৃয়ে নিজ ভাগিনীয়েকৰ লগত পলাই যায়। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ বাংকাত। জানিব পৰা মতে কিছুদিনৰ পূৰ্বে দিল্লীত থাকোতে মামীয়েক আৰু ভাগিনীয়েকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাৰ পাছত দুয়ো পুনেলৈ পলায় আৰু কিছুদিন পাছত বাংকালৈ ঘূৰি আহি ঘৰ ভাড়া কৰি থাকিবলৈ লয়।
এই কথা গম পাই মহিলাগৰাকীৰ স্বামীয়ে তেওঁলোকৰ ভাড়াঘৰত উপস্থিত হৈ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰি আৰক্ষীক খবৰ দিয়ে।ইয়াৰ পাছতে আৰক্ষীয়ে দুয়োকে আটক কৰি জেৰাৰ বাবে থানালৈ মাতি আনে। আৰক্ষীয়ে জনাই যে, আটাইকেইজন প্ৰাপ্ত বয়স্ক, যাৰ বাবে আৰক্ষীয়ে পৃথকে পৃথকে জেৰা চলাই আছে।
মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষীক দিয়া এজাহাৰত জনাইছে যে কিছুদিন আগলৈকে তেওঁ দিল্লীত থাকি কাম কৰিছিল। কিন্তু সেই সময়ত তেওঁৰ ভাগিনীয়েকৰ ওচৰত কোনো কাম নথকা বাবে গাঁৱৰ পৰা দিল্লীলৈ মাতি নিয়ে। তাৰ পাছত ভাগিনীয়েকে মোমায়েকৰ সহযোগত দিল্লীৰ এটা কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰে। এই সকলোবোৰৰ মাজতে তেওঁৰ পত্নী আৰু ভাগিনীয়েকৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। দুয়ো মনে মনে লগ কৰিবলৈও আৰম্ভ কৰিলে। এই কথা গম পাই মোমায়েকে ঘৰৰ পৰা খেদি দিয়ে ভাগিনীয়েকক। কিন্তু ইয়াৰ কিছুদিন পাছতে ৪ সন্তানক লগত লৈ মামীয়েক আৰু ভাগিনীয়েকে পলাই যায়।
এতিয়া আৰক্ষীৰ জিম্মাতে আছে দুয়ো। আৰক্ষীয়ে কয় যে, মামীয়েকে ভাগিনীয়েকৰ লগত থাকিব বিচাৰিছে আৰু নিজৰ ৪ সন্তানকো স্বামীৰ লগত থোৱাৰ কথা কৈছে। দুয়ো প্ৰাপ্ত বয়স্ক। ইতিমধ্যে যুৱকজনে পৰিয়ালৰলোককো জনাইছে মামীয়েকৰ লগত প্ৰেমৰ কথা। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      