HIV Prevalence in Assam : ৰাষ্ট্ৰীয় গড়তকৈ প্ৰাপ্তবয়স্ক HIVৰ প্ৰাদুৰ্ভাৱৰ হাৰ কম অসমত, কিন্তু বৃদ্ধি পাইছে সংক্ৰমণৰ ধাৰা…
এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, অসমত প্ৰাপ্তবয়স্ক HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ৰাষ্ট্ৰীয় গড় হাতৰকৈ কম। দেওবাৰে বিশ্ব এইডছ দিৱস উপলক্ষে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে, ২০২৪-২৫ চনৰ ভিতৰত ৰাজ্যখনত HIV সংক্ৰমণৰ মূল কাৰণ হৈছে বেজীৰ জৰিয়তে ড্ৰাগছ সেৱন । ইয়াৰ পাছতে দ্বিতীয়টো মূল কাৰণ হৈছে একাধিক লোকৰ সৈতে কৰা যৌন সম্পৰ্ক ।

প্ৰাপ্তবয়স্ক HIV ৰ প্ৰাদুৰ্ভাৱৰ ক্ষেত্ৰত দেশৰ ভিতৰতে নিম্ন স্থানত আছে অসম । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, অসমত প্ৰাপ্তবয়স্ক HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ৰাষ্ট্ৰীয় গড় হাতৰকৈ কম। দেওবাৰে বিশ্ব এইডছ দিৱস উপলক্ষে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে, ২০২৪-২৫ চনৰ ভিতৰত ৰাজ্যখনত HIV সংক্ৰমণৰ মূল কাৰণ হৈছে বেজীৰ জৰিয়তে ড্ৰাগছ সেৱন । ইয়াৰ পাছতে দ্বিতীয়টো মূল কাৰণ হৈছে একাধিক লোকৰ সৈতে কৰা যৌন সম্পৰ্ক ।
বিশ্ব এইডছ দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইডছ মুক্ত ভৱিষ্যতৰ বাবে কৰা প্ৰচেষ্টাৰ লগতে আক্ৰান্ত লোক সকলক সমৰ্থন আগবঢ়োৱাৰ সামূহিক প্ৰচেষ্টাক আলোকপাত কৰিছে । সামাজিক মাধ্যম এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘বিশ্ব এইডছ দিৱসত আমি এইচ আই ভি ৰোগত আক্ৰান্তসকলক সহায় কৰা,সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া আৰু এইডছ মুক্ত ভৱিষ্যতৰ বাবে চেষ্টা কৰাটো আমাৰ সামূহিক দায়িত্ব। আহক আমি এইডছ মুক্ত পৃথিৱীৰ বাবে সজাগতা সৃষ্টি কৰোঁ, সমৰ্থন আগবঢ়াও আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিওঁ । ‘
উল্লেখ্য যে, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ এক বিবৃতিত কোৱা হৈছে যে, ৰাজ্যখনত প্ৰাপ্তবয়স্ক এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.১৩ শতাংশ । এই হাৰ ভাৰতৰ এইচ আই ভি অনুমান প্ৰতিবেদন ২০২৩ অনুসৰি সৰ্বভাৰতীয় প্ৰাদুৰ্ভাৱৰ হাৰ ০.২০ শতাংশতকৈ কম। প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত ৩২,০৩১ জন আনুমানিক পিপল লিভিং উইথ এইচ আই ভি (PLHIV) আছে।
যদিও এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ কম, তথাপিও ৰাজ্যত নতুনকৈ এইচ আই ভি সংক্ৰমণৰ ধাৰা বৃদ্ধি পোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ৰাজ্যখনত নতুন এইচ আই ভি সংক্ৰমণৰ সংখ্যা ২০১০ চনৰ তুলনাত ২০২১ আৰু ২০২২ চনত ২২ শতাংশ বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যত এইচ আই ভি সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। ত্ৰিপুৰাত নতুনকৈ সংক্ৰমণৰ হাৰ সৰ্বাধিক ৫২৪.৪১ শতাংশ, অৰুণাচল প্ৰদেশত ৪৬৯.৮৪ শতাংশ, মেঘালয়ত ১২৪.৭০ শতাংশ আৰু অসমত ২২.১১ শতাংশ। বিবৃতিটোত কোৱা হৈছে যে, ২০২৪-২৫ বিত্তীয় বৰ্ষত (২০২৪ চনৰ এপ্ৰিল-অক্টোবৰ) ৪,৩৭,৮৩০ জন ব্যক্তিৰ ইন্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ (ICTC)ত পৰীক্ষা কৰা হয় । ইয়াৰে ৩,৯৪৭ জনৰ দেহত এইচ আই ভি পজিটিভ ধৰা পৰিছে।
জিলাভিত্তিক ২০২৪ চনৰ এপ্ৰিল-অক্টোবৰৰ ভিতৰত কামৰূপ মহানগৰত ৫৩৩ জন, নগাঁৱত ৩৭৫ জন আৰু কাছাৰত ৩৬০ জন ৰোগীৰ দেহত এইচ আই ভি ধৰা পৰিছে। নতুনকৈ ধৰা পৰা ৰোগীসকলৰ ভিতৰত ৬৪.৬ শতাংশ সংক্ৰমণৰ মূল কাৰণ হৈছে বেজীৰে ড্ৰাগছ সেৱন । ইয়াৰ পাছত ২৫.২ শতাংশ একাধিক লোকৰ সৈতে যৌন সম্পৰ্কৰ ফলত এইচ আই ভিত আক্ৰান্ত হোৱা বুলি প্ৰতিবেদন উল্লেখ কৰিছে । এইচ আই ভি সংক্ৰমণ ৰোধ কৰাৰ লগতে ইতিমধ্যে ধৰা পৰা ৰোগীক প্ৰয়োজনীয় সহায় আৰু চিকিৎসা প্ৰদানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ASACS য়ে জানিবলৈ দিছে ।