শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিল্লীত নৱেম্বৰত অনুষ্ঠিত হওক নিৰ্বাচনঃ কেজৰিৱালৰ পদত্যাগ ঘোষণাৰ পিছতে আতিশীৰ আহ্বান

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালে পদত্যাগৰ কথা ঘোষণাৰ পিছতে দলটোৰ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আতিশীয়ে দিল্লীত নিৰ্বাচনৰ বাবে মাত্ৰ ছয়মাহ সময় বাকী থকা বুলি উল্লেখ কৰি এনে অৱস্থাত এতিয়া বিধানসভা ভংগ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰে। সেয়ে নৱেম্বৰ মাহত দিল্লীৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় আতিশীয়ে।

দিল্লীত নৱেম্বৰত অনুষ্ঠিত হওক নিৰ্বাচনঃ কেজৰিৱালৰ পদত্যাগ ঘোষণাৰ পিছতে আতিশীৰ আহ্বান
আপ নেত্ৰী আতিশী
Monjit Dutta
Monjit Dutta | Published: 15 Sep 2024 16:33 PM

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা আজি পদত্যাগৰ কথা ঘোষণা কৰে অৰবিন্দ কেজৰিৱালে। আপ নেতা-কৰ্মীসকলক সম্বোধন কৰি কেজৰিৱালে পদত্যাগৰ কথা ঘোষণা কৰে। দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবেই পদত্যাগ কৰা বুলি নিজ মুখে জানিবলৈ দিয়ে কেজৰিৱালে। কেজৰিৱালৰ পদত্যাগৰ পিছতে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব এই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। তাৰ মাজতে আপৰ এগৰাকী শীৰ্ষ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে কেজৰিৱালৰ পদত্যাগৰ বিষয়ে উল্লেখ কৰি আজিৰ দিনটো ৰাজনীতিৰ এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।

ভাৰতৰ ইতিহাসত এনে সাহস দেখুওৱা এজনো নেতা হয়তো নাছিল বুলি মন্তব্য কৰে আতিশীয়ে। অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ ঘোষণাৰ পিছত আয়োজন কৰা এক সংবাদমেলত এই মন্তব্য কৰে আপ নেত্ৰীগৰাকীয়ে। তেওঁ লগতে দিল্লীত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিধানসভা ভংগ কৰাৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে।

আতিশীৰ মতে দিল্লীত নিৰ্বাচনৰ বাবে মাত্ৰ ছয়মাহ সময় বাকী আছে। গতিকে এতিয়া দিল্লী বিধানসভা ভংগ কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ লগতে নৱেম্বৰ মাহত দিল্লীৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়। তেওঁ লগতে দিল্লী চৰকাৰ কিমান দিনলৈ চলিব সেয়া নির্বাচন আয়োগৰ ঘোষণাৰ ওপৰত নির্ভৰ কৰিব বুলি উল্লেখ কৰে৷

আপ নেত্ৰীগৰাকীয়ে লগতে কয় যে অৰবিন্দ কেজৰিৱালে আই আৰ এছৰ চাকৰি এৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিল। অৰবিন্দ কেজৰিৱালে দুৰ্নীতিৰ অভিযোগ সহ্য কৰিব নোৱাৰে বুলিও আতিশীয়ে দাবী কৰে। তেওঁ লগতে কয় যে যোৱা দুবছৰত হাজাৰ হাজাৰ অভিযান কৰা হৈছে। কিন্তু আম আদমী পাৰ্টিৰ কোনো নেতাৰ পৰা দুৰ্নীতিৰ এটা টকাও আদায় কৰিব পৰা নাই বুলি দৃঢ়তাৰে কয় আতিশীয়ে।

ইফালে উচ্চতম ন্যায়ালয়ে বিজেপি আৰু ইয়াৰ তদন্ত সংস্থাসমূহক চৰ শোধোৱা বুলিও আতিশীয়ে মন্তব্য কৰে। শীৰ্ষ আদালতে কেজৰিৱালক জামিন প্ৰদানৰ সময়ত উল্লেখ কৰা পিঞ্জৰাবদ্ধ কপৌৰ প্ৰসঙ্গৰে আতিশীয়ে কয় যে ৰাজনীতিবিদসকলক সদায় সন্দেহৰ দৃষ্টিৰে চায়। “কিন্তু অৰবিন্দ কেজৰিৱাল এনে এজন নেতা যি জনসাধাৰণৰ মাজলৈ গৈ সঁচা কথা ক’লেহে ভোট দিব বুলি কয়।”- আতিশীয়ে কয়।

আতিশীৰ লগতে আপৰ আন এগৰাকী নেতা সৌৰভ ভৰদ্বাজে কয় যে অৰবিন্দ কেজৰিৱাল একমাত্ৰ মুখ্যমন্ত্ৰী যি পদত্যাগ কৰি জনসাধাৰণৰ মাজলৈ গৈ অগ্নিপৰীক্ষা দিয়াৰ কথা ক’ব পাৰে। কেইবাগৰাকীও নেতাক কাৰাগাৰত ভৰোৱাৰ পিহতো তথা দলৰ হাতত ধন নথকাৰ পিছতো অৰবিন্দ কেজৰিৱাল জনসাধাৰণৰ মাজলৈ যায় বুলি মন্তব্য কৰে সৌৰভ ভৰদ্বাজে।