শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Delhi Excise Policy Case: অৰবিন্দ কেজৰিৱাললৈ সকাহ! সুৰানীতি কেলেংকাৰীৰ গোচৰত জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে

Delhi Excise Policy Case: দিল্লীৰ সুৰানীতি গোচৰত জামিন লাভ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । চিবিআইৰ গোচৰত কেজৰিৱালক জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে কেজৰিৱালে ইডি সম্পৰ্কীয় গোচৰটোত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে।

Delhi Excise Policy Case: অৰবিন্দ কেজৰিৱাললৈ সকাহ! সুৰানীতি কেলেংকাৰীৰ গোচৰত জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে
অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ
trishna-kalita
Trishna Kalita | Updated On: 13 Sep 2024 11:45 AM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰানীতিৰ গোচৰত জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ ভূঞা দুয়োজনে কেজৰিৱালক জামিন প্ৰদান কৰে।
দুয়োজন ন্যায়াধীশ জামিনত সন্মত হৈছে। কিন্তু CBIৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত দুয়োজন ন্যায়াধীশৰ মতামত বেলেগ। ন্যায়াধীশ সূৰ্য কান্তে কেজৰিৱালৰ গ্ৰেপ্তাক বৈধ বুলি কৈছে। আনহাতে ন্যায়াধীশ ভূঞাই গ্ৰেপ্তাৰৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

উচ্চতম ন্যায়ালয়ে কেজৰিৱালক চিবিআই গোচৰত জামিন প্ৰদান কৰিছে। ১০ লাখ টকাৰ বণ্ডত জামিন দিয়া হৈছে কেজৰিৱালক । কেজৰিৱালে উচ্চতম ন্যায়ালয়ত দুখন আবেদন দাখিল কৰিছিল।
প্ৰথম জামিন আবেদন আৰু দ্বিতীয়টো চিবিআইয়ে কৰা গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডত প্ৰত্যাহ্বান জনাইছিল।

ইডিৰ গোচৰৰ ক্ষেত্ৰত কেজৰিৱালে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে। আনহাতে এই গোচৰটো CBI কৰা গ্ৰেপ্তাৰ আৰু নিয়মীয়া জামিনৰ সৈতে সম্পৰ্কিত আছিল। ইডিৰ গোচৰত কেজৰিৱালক উচ্চতম ন্যায়ালয়ে ১২ জুলাইত জামিন প্ৰদান কৰিছিল। এতিয়া CBIৰ গোচৰত কেজৰিৱালকো উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। ইডি গোচৰত অন্তৱৰ্তীকালীন জামিন পোৱাৰ পাছত ২৬ জুনত CBIয়ে অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ে ৫ ছেপ্টেম্বৰত কেজৰিৱালৰ জামিন আবেদনৰ ওপৰত আদেশ সংৰক্ষিত ৰাখিছিল। ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জল ভূঞাৰ বিচাৰপীঠে দুয়োপক্ষৰ যুক্তি শুনি নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল।

 

সিংভিয়ে এই যুক্তি উপস্থাপন কৰিছিল

  • পূৰ্বৱৰ্তী শুনানিৰ সময়ত অৰবিন্দ কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে কেইবাটাও যুক্তি উপস্থাপন কৰিছিল।
  • কেজৰিৱালক তৎকাল নিয়মীয়া জামিন দিয়া উচিত।
  • কেজৰিৱালৰ গ্ৰেপ্তাৰ ইচ্ছাকৃত আছিল।
  • কাৰাগাৰত ৰখাৰ বাবে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল
  • কেজৰিৱালৰ বিৰুদ্ধে কোনো নতুন প্ৰমাণ নাই।
  • CBIৰ এজাহাৰত কেজৰিৱালৰ নাম উল্লেখ কৰা হোৱা নাই
  • কেজৰিৱালৰ নাম পাছত এজাহাৰত যোগ কৰা হৈছিল।
  • CBIয়ে কেজৰিৱালক ২ বছৰৰ পাছত গ্ৰেপ্তাৰ কৰিছিল।
  • মাত্ৰ এটা সাক্ষ্যৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
  • PMLA গোচৰত কেজৰিৱালক দুবাৰ কৈ মুক্তি দিয়া হৈছিল।
  • গ্ৰেপ্তাৰ নোহোৱা গোচৰ গ্ৰেপ্তাৰৰ গোচৰলৈ সলনি কৰা হৈছিল।
  • পুনৰ গ্ৰেপ্তাৰ হোৱাৰ আগতে কোনো জাননী দিয়া হোৱা নাছিল।
  • কেজৰিৱাল এজন ৰাজনৈতিক ব্যক্তি, তেওঁ পলাই নাযায়
  • কেজৰিৱালক ৰাজনৈতিক কাৰ্যকলাপত জড়িত হ’বলৈ বাধা দিয়া হৈছিল।
  • CBIৰ দ্বাৰা কেজৰিৱালৰ গ্ৰেপ্তাৰ ন্যায়সংগত নহয়।
  • সিংভিয়ে কৈছিল জামিন হৈছে নিয়ম আৰু কাৰাগাৰ অপবাদ।
  • উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত ইডি আৰু চিবিআই গোচৰতো প্ৰযোজ্য হ’ব।
  • এয়া কেজৰিৱালৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

CBIয়ে এই যুক্তি দিছিল

  • ASGয়ে কৈছিল যে কেজৰিৱাল সুৰা কেলেংকাৰীৰ মূল অভিযুক্ত। তেওঁৰ বিৰুদ্ধে প্ৰমাণ আছে।
  • ছিছ’দিয়া, কবিতা, সকলোৱে বিচাৰ আদালতৰ মাজেৰে গৈছিল। কেজৰিৱালে সাপ-জখলাৰ খেল খেলি আছে
  • CBIৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদনখন শুদ্ধ নহয়।
  • কোনো সাংবিধানিক অধিকাৰ উলংঘন কৰা হোৱা নাই
  • তদন্তৰ ওপৰত আধাৰ কৰি, দণ্ডাধীশে গ্ৰেপ্তাৰৰ অনুমতি দিয়ে।
  • চিবিআইৰ আবেদনৰ অনুমতি ৰাউজ এভিনিউ আদালতে দিছিল।
  • আদালতৰ অনুমতিৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।