শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষঃ আৱদ্ধ দুই-তিনিগৰাকী সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কাঠুৱাত পুনৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। সেনা আৰু আৰক্ষীৰ এই যৌথ অভিযানত অঞ্চলটোত দুই-তিনিগৰাকী সন্ত্ৰাসবাদী সদস্য আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। দুয়োপক্ষৰ মাজত এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে।

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষঃ আৱদ্ধ দুই-তিনিগৰাকী সন্ত্ৰাসবাদী
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 15 Sep 2024 20:58 PM

জম্মু-কাশ্মীৰৰ পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ। উপত্যকাটোৰ কাঠুৱাত এই সংঘৰ্ষ সংঘটিত হৈছে। জানিব পৰা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ দ্বাৰা তথ্য লাভ কৰিছিল। এই তথ্যৰ আধাৰতে নিৰাপত্তা বাহিনীয়ে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰি অঞ্চলটো ঘেৰাও কৰে। ইফালে নিৰাপত্তা বাহিনীৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগে সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত সেনাৰ দলটোৱেও প্ৰত্যাক্ৰমণ চলায় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

কাঠুৱাৰ বাণী লাৱাং অঞ্চলৰ সমীপত হোৱা এই সংঘৰ্ষ এইপৰ্যন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে। নিৰাপত্তা বাহিনীৰ তথ্য মতে কাঠুৱাৰ বানি অঞ্চলত আৰক্ষী আৰু সেনাই যৌথভাৱে এই তালাচী অভিযান আৰম্ভ কৰিছিল। সেনা আৰু আৰক্ষীৰ এই যৌথ দলটোৰ অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে আৰু ইয়াৰ পিছত দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়।

দুয়োপক্ষৰ মাজত এইপৰ্যন্ত গুলীচালনা অব্যাহত আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। তথ্য মতে, অভিযানকাৰী দলটোৱে অঞ্চলটোত ২-৩ জনীয়া সন্ত্ৰাসবাদী দল এটাক ঘেৰাও কৰি ৰাখিছে। অঞ্চলটোত ঘন কুঁৱলীৰ সুযোগ লৈ সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলোৱা বুলি সূত্ৰই লগতে সদৰী কৰিছে।

একে সময়তে উপত্যকাটোৰ পুঞ্চতো নিৰাপত্তা বাহিনীৰ তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে বুলি সদৰী কৰিছে কৰ্তৃপক্ষই। পুঞ্চ জিলাত আজি পুৱাৰে পৰা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ বহু অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছে। শুক্ৰবাৰে সন্ধিয়াৰ পৰা বাৰামুলাৰ চক পাট্টাৰ অঞ্চলত সন্ত্ৰাসবাদী দলৰ সৈতে নিৰাপত্তাৰক্ষী বাহিনীৰ সংঘৰ্ষ্ৰ সূত্ৰপাত হৈছিল। সমগ্ৰ নিশাজুৰি চলা এই সংঘৰ্ষত শনিবাৰে পুৱা তিনিজন সন্ত্ৰাসবাদী নিহত হৈছিল।

সমান্তৰালভাৱে জম্মু অঞ্চলৰ কিষ্টৱাৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন সেনা জোৱান শ্বহীদ হয়। লগতে আন দুজন জোৱান সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আহত হয়। জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাই যুটীয়াভাৱে এই তালাচী অভিযান চলাইছিল।