শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এণ্টি ড্ৰ’ন ব্যৱস্থা মণিপুৰ আৰক্ষীৰ

মণিপুৰ আৰক্ষীয়ে এই ড্ৰ’ন আক্ৰমণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল । এই অনুসৰিয়ে ৰাজ্যখনত আৰম্ভ কৰা হৈছে এক শক্তিশালী এণ্টি ড্ৰ’ন ব্যৱস্থা। এই সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক (চোৰাংচোৱা) কে. কবিবৰ মতে, ৰাজ্যখনৰ আৰক্ষী আৰু সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণ প্ৰতিহত কৰিবলৈ অতিৰিক্ত অস্ত্ৰ ক্ৰয়ৰ প্ৰক্ৰিয়া অব্যাহত আছে।

ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এণ্টি ড্ৰ’ন ব্যৱস্থা মণিপুৰ আৰক্ষীৰ
প্ৰতীকী ফটো
Manas Borah
Manas Borah | Updated On: 08 Sep 2024 07:22 AM

যোৱা সপ্তাহত মণিপুৰত হোৱা ড্ৰ’ন আক্ৰমণত ৫ জন লোক নিহত হৈছিল । ইয়াৰ পাছতে মণিপুৰ আৰক্ষীয়ে এই ড্ৰ’ন আক্ৰমণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল । এই অনুসৰিয়ে ৰাজ্যখনত আৰম্ভ কৰা হৈছে এক শক্তিশালী এণ্টি ড্ৰ’ন ব্যৱস্থা। এই সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক (চোৰাংচোৱা) কে. কবিবৰ মতে, ৰাজ্যখনৰ আৰক্ষী আৰু সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণ প্ৰতিহত কৰিবলৈ অতিৰিক্ত অস্ত্ৰ ক্ৰয়ৰ প্ৰক্ৰিয়া অব্যাহত আছে। তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইয়াৰ লগতে মণিপুৰ আৰক্ষীয়ে অতিৰিক্ত এণ্টি ড্ৰ’ন অস্ত্ৰ ক্ৰয় কৰিব বুলিও জানিবলৈ দিছে বিষয়া গৰাকীয়ে ।

সাংবাদিকৰ সৈতে কথা বতৰাত কবিবে কয় যে, সেনাৰ হেলিকপ্টাৰেৰে অঞ্চলসমূহত আকাশী তহল দি থকা হৈছে । ইয়াৰ উপৰিও স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে,যাতে যিকোনো ঘটনা সংঘটিত হোৱাৰ পৰা ৰোধ কৰিব পৰা যায়। তেওঁ লগতে কয় যে, দুয়োফালৰ পাহাৰ আৰু উপত্যকাত অনুসন্ধান অভিযান তীব্ৰতৰ কৰা হৈছে আৰু প্ৰতিজন ব্যক্তিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। যিবোৰ অঞ্চলৰ পৰা ড্ৰ’ন বোমা আক্ৰমণ সংঘটিত হৈছিল সেই অঞ্চলৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে ।

আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে যে, এই অভিযান কমেও ৩-৫ কিলোমিটাৰ ব্যাসাৰ্ধত চলিব। এই যৌথ অভিযানৰ লক্ষ্য হৈছে পাহাৰ আৰু উপত্যকা দুয়োটাতে যিকোনো ধৰণৰ আক্ৰমণ ৰোধ কৰা। জিৰিবাম জিলাত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত তেওঁ কয় যে, সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে নুংচাবি গাঁৱত আক্ৰমণ চলাইছিল কুলেন্দ্ৰ সিংহা নামৰ এজন বৃদ্ধক হত্যা কৰিছিল। তেওঁ কয় যে, ৰছিদপুৰ গাঁৱৰ সমীপত গাঁৱৰ স্বেচ্ছাসেৱক আৰু অচিনাকি দুষ্কৃতিকাৰীৰ মাজত গুলীচালনা হৈছিল আৰু এই ঘটনাত এজন লোকৰ মৃত্যু হৈছিল। ইউনিফৰ্ম পৰিধান কৰা দুষ্কৃতিকাৰীৰ তিনিটা মৃতদেহ উদ্ধাৰ হোৱা বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

ইম্ফলত ৭ নং মণিপুৰ ৰাইফলছ খাবেইছৈ আৰু ২য় মণিপুৰ ৰাইফলছত এটা গোটে অস্ত্ৰ লুট কৰাৰ চেষ্টা চলাইছিল বুলিও জানিবলৈ দিছে বিষয়া গৰাকীয়ে । অৱশ্যে নিৰাপত্তা বাহিনীয়ে এই প্ৰচেষ্টা বিফল কৰে। এই সময়ছোৱাত সংঘটিত হোৱা গুলীচালনাত দুজন আৰক্ষী আহত হোৱাৰ লগতে এই সময়ছোৱাত দুষ্কৃতিকাৰীৰ কেইবাখনো বাহন ক্ষতিসাধন হয় বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে । ইফালে, আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে কয় যে, শনিবাৰে পুৱা কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তত অৱস্থিত লয়বোল খুল্লেন আৰু টিংকাই খুল্লেনত তালাচী অভিযানৰ সময়ত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হয় । এই মাৰণাস্ত্ৰবোৰ ভিতৰত আছিল অত্যাধুনিক অস্ত্ৰ, স্নাইপাৰ ৰাইফল, বিস্ফোৰক আৰু গ্ৰেনেডৰ লগতে এটা বেতাঁৰ চেট ।