ভয়ংকৰ বিস্ফোৰণত কঁপিল লালকিল্লা, দাউদাউকৈ জ্বলিছে বাহন
দিল্লীত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। লালকিল্লাৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। এটা জনবহুল অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। লালকিল্লাৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। খবৰ অনুসৰি, এখন গাড়ী বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ লগে লগে গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ উপৰিও ওচৰৰ আন দুখন গাড়ী জুই লাগে বুলি জানিব পৰা গৈছে। এই ঘটনাত দুইৰ পৰা তিনিজন লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল।
ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। এই অঞ্চলটো এটা জনবহুল অঞ্চল। সন্ধিয়া প্ৰায় বহু সংখ্যক লোকে অঞ্চলটোত ভিৰ কৰে। গাড়ীখনত চিএনজি লিক হোৱাৰ ফলত নে আন কিবা কাৰণত বিস্ফোৰণ ঘটিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ বিষয়াসকল। সকলো দিশৰ পৰা তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।
A call was received regarding an explosion in a car near Gate No. 1 of the Red Fort Metro Station, after which three to four vehicles also caught fire and sustained damage: Delhi Fire Department.
— ANI (@ANI) November 10, 2025
দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে এই সন্দৰ্ভত কয় যে, “ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ ওচৰত এখন গাড়ীত বিস্ফোৰণৰ সন্দৰ্ভত ফোন আহিছিল। তিনিৰ পৰা চাৰিখন বাহনতো অগ্নিকাণ্ড সংঘটিত হয় আৰু ক্ষতিসাধন হয়।”
এজন প্ৰত্যক্ষদৰ্শীয়ে বিস্ফোৰণৰ বিষয়ে কয়, “বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰৰ ঘৰবোৰ কঁপি উঠিছিল। বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে সেই স্থানৰ চাৰিওফালে থকা দোকানৰ গিলাচবোৰ ভাঙি গৈছিল। মানুহবোৰ আতংকিত হৈ পৰিছিল। আমি একো বুজি পোৱাৰ আগতেই বিস্ফোৰণ হোৱা গাড়ীখন আৰু আন কেইবাখনো গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়।”
ইফালে, এএনআইয়ে প্ৰকাশ কৰা মতে, এই বিস্ফোৰণৰ পিছতে একাধিক আহত লোকক লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়ত(LNJP) ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। একে সময়তে জানিব পৰা গৈছে যে, ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছে ৷