আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ কি বাৰ্তা দিব দেশবাসীক!
ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ দেখা দিয়া সংঘাতক কেন্দ্ৰ কৰি দেশবাসী উদ্বিগ্ন হৈ আছে। বিগত এই দিনকেইটাৰ উদ্বেগৰ পিছত আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ দেখা দিয়া সংঘাতক কেন্দ্ৰ কৰি দেশবাসী উদ্বিগ্ন হৈ আছে। এই সংঘাতে ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বেই অৱশ্যে শনিবাৰে দুয়োদেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। বিগত এই দিনকেইটাৰ উদ্বেগৰ পিছত আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি নিশা ৮ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰিব বুলি প্ৰকাশ পাইছে। উল্লেখ্য যে অপাৰেচন সেন্দূৰৰ পিছত দেশবাসীক উদ্দেশ্যি এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ভাষণ।
পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে উত্তেজনা আৰম্ভ হোৱাৰ পৰাই ধাৰাবাহিকভাৱে সক্ৰিয় হৈ আছে প্ৰধানমন্ত্ৰী মোদী। অপাৰেচন সেন্দূৰৰ পিছত তেওঁ ধাৰাবাহিকভাৱে বৈঠক আহ্বান কৰিছিল। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিদেশমন্ত্ৰী এছ জয়শংকৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ লগতে তিনিও সেনাবাহিনীৰ মুৰব্বী, চীফ অৱ ডিফেন্স ষ্টাফৰ সৈতে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লৈ আহিছে।
যোৱা ২২ এপ্ৰিলত পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পহলগাত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পিছতে দুয়োখন চুবুৰীয়া দেশৰ মাজত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ বিপক্ষে অভিযান আৰম্ভ কৰে। ৭ মে’ৰ নিশা ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়।
ভাৰতৰ এই প্ৰত্যাক্ৰমণৰ পিছত পাকিস্তানে ধাৰাবাহিকভাৱে সীমান্তত ভাৰতক আক্ৰমণৰ চেষ্টা চলায়। পাকিস্তানৰ বৃথা আক্ৰমণৰ পিছত ভাৰতেও চলোৱা প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ যুদ্ধৰ পৰিৱেশে বিৰাজ কৰিছিল যদিও চাৰিদিনীয়া উত্তেজনাৰ অন্তত শনিবাৰে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। ইয়াৰ পিছতো পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰিছিল যদিও এতিয়া সীমান্তত উত্তেজনা হ্ৰাস পাইছে।
যুদ্ধবিৰতিৰ পিছত ভাৰতীয় সেনাৰ তিনিওটা শাখাৰ DGMO য়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি দেশবাসীৰ আগত বিশদ তথ্য দাঙি ধৰিছিল। যুদ্ধবিৰতি হৈছে যদিও অপাৰেচন সেন্দূৰ অব্যাহত থাকিব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে ভাৰতীয় সেনা পৰৱৰ্তী অভিযানৰ বাবেও সাজু বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সেনাই। ইফালে পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰিলে ভাৰতীয় সেনাক প্ৰত্যুত্তৰৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে বুলিও সেনাই নিশ্চিত কৰিছে।
ভাৰতীয় সেনাৰ লগতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়েও এই অভিযান সন্দৰ্ভত ধাৰাবাহিকভাৱে সংবাদমেল অনুষ্ঠিত কৰি দেশবাসীৰ আগত বিশদ তথ্য আগবঢ়াই আহিছে। আজি নিশা ৮ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে এই উত্তেজনাৰ পিছত দেশবাসীক সম্বোধন কৰি দিবলগা নিজৰ ভাষণত কি কি বিষয়ে স্থান লাভ কৰে, সেয়া লক্ষণীয় হ’ব।