শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“গুৱাহাটীয়ে লাভ কৰিব ১১ খন পঞ্চ তাৰকাযুক্ত হোটেল”, ৫০০ কোটি টকাৰ দুখনকৈ মেৰিয়ট হোটেলৰ ভূমি পূজন কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ

গুৱাহাটীয়ে ১১ খনকৈ পঞ্চ তাৰকাযুক্ত হোটেল লাভ কৰিবলৈ গৈ আছে । মেৰিয়েট ইণ্টাৰনেশ্যনেলৰ দুখন হোটেলৰ ভূমি পূজন কৰি এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

“গুৱাহাটীয়ে লাভ কৰিব ১১ খন পঞ্চ তাৰকাযুক্ত হোটেল”, ৫০০ কোটি টকাৰ দুখনকৈ মেৰিয়ট হোটেলৰ ভূমি পূজন কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 12 May 2025 20:40 PM

আগন্তুক সময়ত গুৱাহাটীয়ে ১১ খনকৈ পঞ্চ তাৰকাযুক্ত হোটেল লাভ কৰিবলৈ গৈ আছে । মেৰিয়েট ইণ্টাৰনেশ্যনেলৰ দুখন হোটেলৰ ভূমি পূজন কৰি এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, এডভাণ্টেজ আছাম-২.০ত হোৱা বুজাবুজি চুক্তিসমূহ লাহে লাহে বাস্তৱত ৰূপায়ণ হ’বলৈ ধৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ বিমানবন্দৰৰ ওচৰত মেৰিয়ট ইণ্টাৰনেশ্যনেলৰ দুটা হোটেল প্রকল্পৰ ভূমি পূজন কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, এই হোটেল প্ৰকল্পৰ বাবে এডভাণ্টেজ আছাম ২.০ ৰ সময়ত ৫০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল । এই বুজাবুজিৰ ৩ মাহৰ ভিতৰতে ইয়াৰ কাম আৰম্ভ হৈছে। এয়াই হৈছে নতুন অসমৰ কর্ম সংস্কৃতিৰ নতুন ৰূপ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মেৰিয়ট হোটেলৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে, জোনালী কনষ্ট্ৰাকচনছ প্ৰাইভেট লিমিটেডে এডভাণ্টেজ আছামৰ সময়ত গুৱাহাটী দুখন মেৰিয়টৰ হোটেল নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি কৰিছিল । চৰকাৰক লগত আলোচনাৰ পাছত এই দুয়োখন হোটেলৰ নিৰ্মাণৰ পৰিকল্পনা চূড়ান্ত পৰ্যায় পায় আৰু সেই অনুসৰি হোটেল দুখনৰ নিৰ্মাণৰ কাম আজি আনুষ্ঠানিকভাৱে আৰম্ভ হয় বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ।

এই হোটেল দুখন গুৱাহাটী বিমানবন্দৰৰ কাষতে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে । প্ৰায় ৭৬ বিঘা (২৫ একৰৰ অধিক) মাটিত এই হোটেল দুখন নিৰ্মাণ কৰা হ’ব ।এই হোটেল দুখনে গুৱাহাটী বিমানবন্দৰৰ লগতে পৰ্যটকসকলক অধিক সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে, এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ কয় যে, গুৱাহাটীত ১১খন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণ হ’বলৈ গৈ আছে । চহৰখনত আৰু চাৰিখন মেৰিয়ট হোটেল হ’ব, তাৰ পিছত দুখন নতুন তাজ আৰু এখন লেমন ট্ৰিৰ হোটেল নিৰ্মাণ হ’ব । এই প্ৰকল্পসমূহে অসমৰ আতিথ্যৰ আন্তঃগাঁথনি যথেষ্ট শক্তিশালী কৰিব বুলি আশা কৰিছে মুখ্যমন্ত্ৰীয়ে ।